--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'মন্দিৰ যাত্ৰা' আৰম্ভ কৰিছে। কেতিয়াবা  পৈতেধাৰী, কেতিয়াবা মানস সৰোবৰ যাত্ৰা  কৰি কংগ্ৰেছ নেতাজনে নিজকে 'হিন্দু' বুলি প্ৰমাণ কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছে। বিজেপিয়ে হিন্দুত্ববাদী অস্ত্ৰৰে কংগ্ৰেছক যোৱা নিৰ্বাচনত পৰাজিত কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুলৰ 'হিন্দুত্ব'ক লৈ গেৰুৱা শিৱিৰটোত সামান্য জোকাৰণিৰ সৃষ্টি হৈছে। গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত, কংগ্ৰেছ নেতাজনে 'হিন্দুত্ব' সন্দৰ্ভত এটা দীঘলীয়া পোষ্ট কৰিছে।  


 তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে হিন্দুত্বৰ অৰ্থ কেৱল অমৰত্ব নহয়। ৰাহুলে কৈছে -কেৱল আপোনাৰ ধৰ্ম বা নিজৰ বিষয়ে চিন্তা নকৰিব। এজন হিন্দুয়ে সকলোৰে কথা ভাবিব পাৰে। এজন হিন্দুয়ে ভয় দূৰ কৰিব পাৰে। এজন হিন্দুয়ে  বেদনা আৰু কষ্টৰ সাগৰত উটি-ভাঁহি  ফুৰিলেও নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰে ।

সত্যম-শিৱম-সুন্দৰম শিৰোনামেৰে লিখা  এক ছ'চিয়েল মিডিয়া পোষ্টত কংগ্ৰেছ নেতাজনে কয়, "মৃত্যুৰ ভয়, ভোকৰ ভয় আৰু কিবা হেৰুওৱাৰ ভয়ে মানুহক  জীৱনৰ সাগৰত নিৰন্তৰ খেদি ফুৰিছে। প্ৰত্যাখ্যান আৰু অপমানিত হোৱাৰ ভয়ো আছে। আমি সেই ভয় দূৰ কৰিব লাগিব আৰু সকলোৰে বাবে চিন্তা কৰিব লাগিব। "হিন্দুত্বৰ এই পথ  কাৰো বাবে  নিৰ্দিষ্টকৈ ৰখা পথ  নহয়। সকলোৰে বাবে এয়া খোলা। সত্য আৰু অহিংসাৰ বাৰ্তা বজাই ৰখাটো সকলো হিন্দুৰ কৰ্তব্য। যদি কোনোবাই নিজকে হিন্দু বুলি ভাবে, তেন্তে তেওঁ শত্ৰুতা পাহৰি সকলোৰে সৈতে বন্ধুত্ব কৰা উচিত।’’

  নাম নোলোৱাকৈ ৰাহুলে আৰ এছ এছক লক্ষ্য কৰি সম্প্ৰীতিৰ বাৰ্তাও দিয়ে। তেওঁ কয় যে প্ৰতিজন প্ৰকৃত হিন্দুয়ে দৰিদ্ৰ আৰু নিঃস্ব লোকৰ সেৱা কৰা উচিত আৰু ধৰ্মক সুৰক্ষা দিয়া উচিত। যিকোনো লোকে হিন্দুত্বৰ এই পথত খোজকাঢ়িব পাৰে। সকলো ধৰ্মৰ সুৰক্ষাৰ এই নীতি গ্ৰহণ কৰি, জীৱনত প্ৰকৃত পথ বিচাৰি উলিয়াব পাৰি। দৰাচলতে, কংগ্ৰেছ নেতাজনে হিন্দুত্বৰ বিষয়ে ক’বলৈ গৈ যেন  বুজাব বিচাৰিছে  এজন প্ৰকৃত হিন্দুয়ে কেতিয়াও মানুহক বিভক্ত নকৰে। সকলো ধৰ্মই সম্প্ৰীতি বজাই ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ