--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিৰিয়া-তুৰস্কক বিধ্বস্ত কৰা ভূমিকম্পৰ দৰেই ভাৰততো তেনে ভূমিকম্প হ'ব পাৰে নেকি?এই আশংকা এতিয়া বহুতৰে মনতঘনীভূত হৈছে। উল্লেখ্য ভূমিকম্পৰ  ক্ষুদ্ৰ কম্পনে টেকটনিক চাপ মুকলি কৰাত সহায় কৰি আহিছে । ভাৰতত প্ৰায় প্ৰতিদিনেই  এনে বহু ক্ষুদ্ৰ কম্পন হৈ আহিছে। এনে কম্পনে  এক বিধ্বংসী ভূমিকম্পৰ পৰা দেশ খনক সুৰক্ষিত কৰি আহিছে বুলি  বিশেষজ্ঞসকলে কৈছে।

বিশেষজ্ঞসকলে লগতে কয় যে দেশখনে কাৰ্যকৰী সঁহাৰি আৰু প্ৰশমনৰ দিশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কয় যে ভাৰতে  বৃহৎ শক্তিৰ ভূমিকম্পৰ পৰিণামৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে প্ৰস্তুত হৈ উঠিছে। 

দেশ খনৰ  ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) নতুন ৰূপত সাজিকাচি ওলাইছে।  আন বহু সুসজ্জিত আৰু প্ৰশিক্ষিত বাহিনী আছে। পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ সঞ্চালক অ'পি মিশ্ৰাই কয়"পাকিস্তানৰ সৈতে সীমান্তৰ ওচৰত ভাৰতৰ পশ্চিম দিশত থকা ট্ৰিপল জংচনটোৱে সূক্ষ্ম পৰ্যায়ৰ ভূমিকম্পৰ বাবে নিৰন্তৰ চাপ মোকলাই আহিছে।জংচন হৈছে এক বিন্দু য'ত তিনিটা টেকটনিক প্লেট মিলিত হয় আৰু গতি কৰে। এইবোৰ ভূতাত্ত্বিক কাৰ্যকলাপৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকম্পৰ স্থান হ'ব পাৰে।প্লেটবোৰৰ চলাচলৰ ফলত পৃথিৱীৰ ভূত্বকত এক চাপৰ সৃষ্টি হ'ব পাৰে ,যি অৱশেষত ভূমিকম্পৰ ৰূপত মুকলি হয়।"ট্ৰিপল জংচনবোৰ কঠোৰ আৰু সংহত আৰু যথেষ্ট চাপ সহ্য কৰিব পৰা বিধৰ । যদি ই ভাঙি যায়, গোটেই চাপটো মুকলি হয়, যাৰ ফলত যথেষ্ট ক্ষতি হয়," মিশ্ৰাই ব্যাখ্যা কৰে।

"যিহেতু এই অঞ্চলত কোনো সৰু ভূমিকম্প হোৱা নাই, সেয়েহে তাত যথেষ্ট চাপ জমা হৈছে । তুৰ্কীয়ে ২৪ ঘণ্টাৰ ভিতৰত কেইবাটাও শক্তিশালী ভূমিকম্পৰ সন্মুখীন ,  কিয়নো উৎপত্তিৰ অঞ্চলটো যথেষ্ট ডাঙৰ আছিল আৰু ইয়াক ভাঙিবলৈ সময় লাগিছিল," মিশ্ৰাই কয়।

এটা উৎপত্তি অঞ্চল হৈছে এক অঞ্চল য'ত দুটা টেকটনিক প্লেট পথালিকৈ ইটোৱে  সিটোৰ ওপৰেৰে পিছলি যায়।

তেওঁ কয় "ভাৰত ভূমিকম্পৰ ক্ষেত্ৰত সক্ৰিয় অঞ্চলত অৱস্থিত কিন্তু আমি ভাগ্যৱান যে আমাৰ ইয়াত  প্ৰতিদিনে বহুতো সৰু ভূমিকম্প হয় । গতিকে ষ্ট'ৰ-আপ শক্তি মুকলি হৈ আছে, ডাঙৰ ভূমিকম্প হ’লেও সেয়ে ক্ষতিৰ পৰিমাণ কম হ’ব৷ সেয়ে সৰু সৰু ভূমিকম্প আহি থকাটো ভাল ," ৷ ভাৰতৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মতে, ভাৰতৰ ৫৯ শতাংশ ভূমিত ভূমিকম্পৰ সম্ভাৱনা আছে। জোন পাঁচ  হৈছে ভূমিকম্পৰ  আটাইতকৈ সক্ৰিয় অঞ্চল, আনহাতে জোন ২ হৈছে আটাইতকৈ কম। দেশৰ প্ৰায় ১১ শতাংশ এলেকা জোন পঞ্চম, ১৮ শতাংশ জোন চতুৰ্থ আৰু ৩০ শতাংশ জোন ৩ ত আৰু বাকী খিনি জোন ২ ত পৰে।

মিশ্ৰাই কৈছিল যে মন্ত্ৰালয়ে ভূমিকম্পৰ মাইক্ৰ'জোনেচন অধ্যয়নৰ জৰিয়তে দেশৰ ভূমিকম্পৰ বিপদৰ মানচিত্ৰক আৰু একত্ৰিত কৰি আছে। বৰ্তমান, পাঁচ লাখ বা ততোধিক জনসংখ্যাৰ ৩০ খন চহৰ আৰু ভূমিকম্পৰ অঞ্চল তৃতীয়, চতুৰ্থ আৰু পঞ্চমৰ অধীনত পৰিছে।সেয়ে ভাৰতত ভূমিকম্পই ছিৰিয়া-তুৰস্কৰ দৰে ইমান বিশাল হাৰত ক্ষতি কৰিব নোৱাৰিব বুলি মিশ্ৰই কয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক