--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিৰিয়া-তুৰস্কক বিধ্বস্ত কৰা ভূমিকম্পৰ দৰেই ভাৰততো তেনে ভূমিকম্প হ'ব পাৰে নেকি?এই আশংকা এতিয়া বহুতৰে মনতঘনীভূত হৈছে। উল্লেখ্য ভূমিকম্পৰ  ক্ষুদ্ৰ কম্পনে টেকটনিক চাপ মুকলি কৰাত সহায় কৰি আহিছে । ভাৰতত প্ৰায় প্ৰতিদিনেই  এনে বহু ক্ষুদ্ৰ কম্পন হৈ আহিছে। এনে কম্পনে  এক বিধ্বংসী ভূমিকম্পৰ পৰা দেশ খনক সুৰক্ষিত কৰি আহিছে বুলি  বিশেষজ্ঞসকলে কৈছে।

বিশেষজ্ঞসকলে লগতে কয় যে দেশখনে কাৰ্যকৰী সঁহাৰি আৰু প্ৰশমনৰ দিশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কয় যে ভাৰতে  বৃহৎ শক্তিৰ ভূমিকম্পৰ পৰিণামৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে প্ৰস্তুত হৈ উঠিছে। 

দেশ খনৰ  ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) নতুন ৰূপত সাজিকাচি ওলাইছে।  আন বহু সুসজ্জিত আৰু প্ৰশিক্ষিত বাহিনী আছে। পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ সঞ্চালক অ'পি মিশ্ৰাই কয়"পাকিস্তানৰ সৈতে সীমান্তৰ ওচৰত ভাৰতৰ পশ্চিম দিশত থকা ট্ৰিপল জংচনটোৱে সূক্ষ্ম পৰ্যায়ৰ ভূমিকম্পৰ বাবে নিৰন্তৰ চাপ মোকলাই আহিছে।জংচন হৈছে এক বিন্দু য'ত তিনিটা টেকটনিক প্লেট মিলিত হয় আৰু গতি কৰে। এইবোৰ ভূতাত্ত্বিক কাৰ্যকলাপৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকম্পৰ স্থান হ'ব পাৰে।প্লেটবোৰৰ চলাচলৰ ফলত পৃথিৱীৰ ভূত্বকত এক চাপৰ সৃষ্টি হ'ব পাৰে ,যি অৱশেষত ভূমিকম্পৰ ৰূপত মুকলি হয়।"ট্ৰিপল জংচনবোৰ কঠোৰ আৰু সংহত আৰু যথেষ্ট চাপ সহ্য কৰিব পৰা বিধৰ । যদি ই ভাঙি যায়, গোটেই চাপটো মুকলি হয়, যাৰ ফলত যথেষ্ট ক্ষতি হয়," মিশ্ৰাই ব্যাখ্যা কৰে।

"যিহেতু এই অঞ্চলত কোনো সৰু ভূমিকম্প হোৱা নাই, সেয়েহে তাত যথেষ্ট চাপ জমা হৈছে । তুৰ্কীয়ে ২৪ ঘণ্টাৰ ভিতৰত কেইবাটাও শক্তিশালী ভূমিকম্পৰ সন্মুখীন ,  কিয়নো উৎপত্তিৰ অঞ্চলটো যথেষ্ট ডাঙৰ আছিল আৰু ইয়াক ভাঙিবলৈ সময় লাগিছিল," মিশ্ৰাই কয়।

এটা উৎপত্তি অঞ্চল হৈছে এক অঞ্চল য'ত দুটা টেকটনিক প্লেট পথালিকৈ ইটোৱে  সিটোৰ ওপৰেৰে পিছলি যায়।

তেওঁ কয় "ভাৰত ভূমিকম্পৰ ক্ষেত্ৰত সক্ৰিয় অঞ্চলত অৱস্থিত কিন্তু আমি ভাগ্যৱান যে আমাৰ ইয়াত  প্ৰতিদিনে বহুতো সৰু ভূমিকম্প হয় । গতিকে ষ্ট'ৰ-আপ শক্তি মুকলি হৈ আছে, ডাঙৰ ভূমিকম্প হ’লেও সেয়ে ক্ষতিৰ পৰিমাণ কম হ’ব৷ সেয়ে সৰু সৰু ভূমিকম্প আহি থকাটো ভাল ," ৷ ভাৰতৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মতে, ভাৰতৰ ৫৯ শতাংশ ভূমিত ভূমিকম্পৰ সম্ভাৱনা আছে। জোন পাঁচ  হৈছে ভূমিকম্পৰ  আটাইতকৈ সক্ৰিয় অঞ্চল, আনহাতে জোন ২ হৈছে আটাইতকৈ কম। দেশৰ প্ৰায় ১১ শতাংশ এলেকা জোন পঞ্চম, ১৮ শতাংশ জোন চতুৰ্থ আৰু ৩০ শতাংশ জোন ৩ ত আৰু বাকী খিনি জোন ২ ত পৰে।

মিশ্ৰাই কৈছিল যে মন্ত্ৰালয়ে ভূমিকম্পৰ মাইক্ৰ'জোনেচন অধ্যয়নৰ জৰিয়তে দেশৰ ভূমিকম্পৰ বিপদৰ মানচিত্ৰক আৰু একত্ৰিত কৰি আছে। বৰ্তমান, পাঁচ লাখ বা ততোধিক জনসংখ্যাৰ ৩০ খন চহৰ আৰু ভূমিকম্পৰ অঞ্চল তৃতীয়, চতুৰ্থ আৰু পঞ্চমৰ অধীনত পৰিছে।সেয়ে ভাৰতত ভূমিকম্পই ছিৰিয়া-তুৰস্কৰ দৰে ইমান বিশাল হাৰত ক্ষতি কৰিব নোৱাৰিব বুলি মিশ্ৰই কয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু