--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোগল সম্ৰাট শ্বাহজাহানৰ ৩৬৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপনৰ বাবে ১৭ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ তিনিদিনৰ বাবে আগ্ৰাৰ তাজমহলত দৰ্শকৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব৷ এই দিনকেইটাত তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ বাবে শ্বাহজাহান আৰু মুমতাজৰ সমাধিও মুকলি কৰি দিয়া হ’ব৷  

উৰ্ছ সমিতিৰ অধ্যক্ষ ইব্ৰাহিম জৈদীয়ে কয়  যে প্ৰতি বছৰৰ দৰে শ্বাহজাহানৰ উৰ্ছ এই বছৰৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত  হ'ব। এই তিনিদিনৰ বাবে তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে তাজমহলত প্ৰৱেশ বিনামূলীয়া হ'ব। মোগল সম্ৰাট শ্বাহজাহান আৰু তেওঁৰ পত্নী মুমতাজৰ সমাধিসমূহো এই তিনিদিন খোলা থাকিব।  ১৭ ফেব্ৰুৱাৰীত, 'ঘুছল'ৰ অনুষ্ঠান (বিভিন্ন ৰীতি-নীতি আৰু প্ৰাৰ্থনাৰ আগতে সম্পূৰ্ণ শৰীৰ বিশুদ্ধকৰণ ) দুপৰীয়া ২ বজাত আৰম্ভ হ'ব। 

১৮  ফেব্ৰুৱাৰীত 'মিলাদ শ্বৰীফ'ৰ অনুষ্ঠান পালন কৰা হ'ব। ১৯ ফেব্ৰুৱাৰীত, 'কুল' (কোৰাণৰ চাৰিটা অধ্যায় আবৃত্তি কৰা) আৰু 'চাদৰ পোছি' আগবঢ়োৱা হ’ব৷   এই বছৰ উৰ্ছ উপলক্ষে সম্ৰাট শ্বাহজাহানৰ সমাধিলৈ ১,৪৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন চাদৰ আগবঢ়োৱা হ'ব।  

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ সূত্ৰই কয়  যে সেই তিনিদিনত তাজমহলৰ ভিতৰত নিষিদ্ধ কৰা সামগ্ৰীবোৰৰ ভিতৰত আছে চিগাৰেট, বিড়ি, গুটখা, ধঁপাত, পান মচলা, যিকোনো ধৰণৰ পতাকা, বেনাৰ, পোষ্টাৰ, কিতাপ, ৩৬ ইঞ্চিতকৈ ডাঙৰ ড্ৰাম, বেণ্ড, স্ক্ৰুড্ৰাইভাৰ, লাইটাৰ, আগ্নেয়াস্ত্ৰ, চুৰি আদি। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক