--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোনো বস্তুৰ প্ৰতি নিচা বেয়া।এই আসক্তিৰ ভিতৰত হৈছে সুৰাপান আৰু ধূম্ৰপান অন্যতম; কিন্তু এই আসক্তিয়ে শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়। মদ্যপানে যকৃতৰ ক্ষতি কৰে। চিগাৰেটে হাওঁফাওঁৰ ক্ষতি কৰে। কিন্তু এই দুবিধ আসক্তিৰ ভিতৰত কোনটো বেছি বিপজ্জনক সেই কথা জানো আহক…


মদ্যপান এক বদ অভ্যাস। কিন্তু যদি আমি তুলনা কৰোঁ, তেন্তে কোনটো নিচা মানুহৰ শৰীৰৰ বাবে বেছি বিপদজনক? আমি পৰিসংখ্যাৰ ভিত্তিত জানিবলৈ চেষ্টা কৰোঁ আহক। যদি এজন পুৰুষে দিনটোত ৫টা চিগাৰেট খায় বা এগৰাকী মহিলাই দিনটোত ১০টা চিগাৰেট খায়। গতিকে ইয়াৰ পৰিমাণ ৭৫০মিলিলিটাৰ সুৰা। অৰ্থাৎ ৭৫০মিলিলিটাৰ এলকহল খোৱাৰ দৰে ই শৰীৰৰ ক্ষতি কৰে।


চিগাৰেটত ধঁপাত আৰু নিকোটিনৰ দৰে কাৰ্চিনোজেনিক উপাদান থাকে যিয়ে হাওঁফাওঁৰ ক্ষতি কৰে। ষ্ট্ৰোক, হাৰ্ট এটেক আদি ৰোগৰ আশংকা বেছি। মদৰ সন্দৰ্ভত চিকিৎসকে পৰামৰ্শ দিয়ে যে এজন ব্যক্তিয়ে দিনটোত মাত্ৰ এটা বা দুটা পেগ মদ খাব লাগে। কিন্তু যদি তাতকৈ বেছি মদ্যপান কৰা হয় তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।


মদ আৰু চিগাৰেটৰ আসক্তিৰ ওপৰত গৱেষণা কৰি নটিংহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক জন ব্ৰিটেইনে কয় যে মদতকৈ চিগাৰেট বহুত বেছি বিপজ্জনক। তেওঁ কয় যে মই নাভাবো যে মানুহে চিগাৰেট বনাম মদৰ বিপদৰ তুলনা কৰি বাছি লয়। ইয়াত অধ্যাপকজনৰ বক্তব্য শুদ্ধ যেন লাগে কাৰণ যিকোনো ব্যক্তিয়ে যেতিয়া চিগাৰেট বা মদ খায় তেতিয়া তেওঁ এই দুটা বস্তুৰ ভিতৰত কোনটো বেছি বিপদজনক আৰু কোনটো বস্তু কম বিপদজনক সেই কথা নাভাবে।


অধ্যাপকজন ব্ৰিটেইনৰ চেণ্টাৰ ফৰ ট’বেকো এণ্ড এলকহলিক ষ্টাডিজৰ পৰিচালক। মদ আৰু চিগাৰেটৰ ওপৰত কৰা অধ্যয়নৰ পাছত অধ্যাপকগৰাকীয়ে কয় যে চিগাৰেট খোৱাৰ ফলত মদ্যপানতকৈ অধিক সোনকালে কেন্সাৰ হয়। এই অধ্যয়নটো চালে স্পষ্ট হৈ পৰে যে মদতকৈ চিগাৰেট বেছি বিপজ্জনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু