--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিষাক্ত সুৰা সেৱন কৰি মানুহ মৃত্যুমুখত পৰা খবৰ প্ৰায়ে আহি থাকে। এইবাৰ বিহাৰৰ পৰা আহিছে এক দুখজনক খবৰ। বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত সুৰাপান কৰাৰ ফলত আঠজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে৷ বুধবাৰে নিশা নৌতান আৰক্ষী থানাৰ অন্তৰ্গত তেলহুয়া গাঁৱত এই ঘটনা সংঘটিত হয়৷

প্ৰহ্লাদ যাদৱ নামৰ এজন মৃতকৰ পুত্ৰৰ মতে, তেওঁৰ দেউতাকে সুৰা সেৱন কৰিছিল আৰু ঘৰলৈ ঘূৰি আহিছিল যাৰ পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। লগালগ তেওঁক চিকিৎসাৰ বাবে জিলা সদৰলৈ লৈ যোৱা হৈছিল কিন্তু বাটত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছতেই সেই অঞ্চলত সুৰা সেৱন কৰাৰ ফলত ৮জনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহে। ৮ জন লোকৰ মৃত্যুয়ে জিলা প্ৰশাসনক বিচলিত কৰি তুলিছে।

আৰু পঢ়কঃ প্ৰথম দৃষ্টিতেই প্ৰেম! ৭১ বছৰীয়া বৃ্দ্ধাক বিয়া কৰালে ১৮ বছৰীয়া যুৱকে

সূত্ৰ অনুসৰি, জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে, কিন্তু এতিয়ালৈকে এইটো নিশ্চিত কৰা হোৱা নাই যে সকলো মৃত্যু ভেজাল সুৰাপান কৰাৰ ফলত হৈছিল নে নাই। উল্লেখ্য যে ৩০ অক্টোবৰত বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত সুৰা সেৱন কৰাৰ ফলত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক অসুস্থ হৈ পৰিছিল।

ঘটনা সন্দৰ্ভত স্থানীয় পঞ্চায়ত সমিতিৰ এজন সদস্যসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। চলিত বৰ্ষৰ জুলাই মাহত পশ্চিম চম্পাৰণত নকল সুৰা পান কৰাৰ ফলত ১৬ জন লোকৰ মৃত্যু হৈছিল। সেই সময়ত সুৰাৰ ঘটনাটো জিলাখনৰ লৰিয়া আৰু ৰামনগৰ খণ্ডৰ অধীনত থকা অঞ্চলত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক