--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিষাক্ত সুৰা সেৱন কৰি মানুহ মৃত্যুমুখত পৰা খবৰ প্ৰায়ে আহি থাকে। এইবাৰ বিহাৰৰ পৰা আহিছে এক দুখজনক খবৰ। বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত সুৰাপান কৰাৰ ফলত আঠজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে৷ বুধবাৰে নিশা নৌতান আৰক্ষী থানাৰ অন্তৰ্গত তেলহুয়া গাঁৱত এই ঘটনা সংঘটিত হয়৷

প্ৰহ্লাদ যাদৱ নামৰ এজন মৃতকৰ পুত্ৰৰ মতে, তেওঁৰ দেউতাকে সুৰা সেৱন কৰিছিল আৰু ঘৰলৈ ঘূৰি আহিছিল যাৰ পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। লগালগ তেওঁক চিকিৎসাৰ বাবে জিলা সদৰলৈ লৈ যোৱা হৈছিল কিন্তু বাটত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছতেই সেই অঞ্চলত সুৰা সেৱন কৰাৰ ফলত ৮জনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহে। ৮ জন লোকৰ মৃত্যুয়ে জিলা প্ৰশাসনক বিচলিত কৰি তুলিছে।

আৰু পঢ়কঃ প্ৰথম দৃষ্টিতেই প্ৰেম! ৭১ বছৰীয়া বৃ্দ্ধাক বিয়া কৰালে ১৮ বছৰীয়া যুৱকে

সূত্ৰ অনুসৰি, জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে, কিন্তু এতিয়ালৈকে এইটো নিশ্চিত কৰা হোৱা নাই যে সকলো মৃত্যু ভেজাল সুৰাপান কৰাৰ ফলত হৈছিল নে নাই। উল্লেখ্য যে ৩০ অক্টোবৰত বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত সুৰা সেৱন কৰাৰ ফলত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক অসুস্থ হৈ পৰিছিল।

ঘটনা সন্দৰ্ভত স্থানীয় পঞ্চায়ত সমিতিৰ এজন সদস্যসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। চলিত বৰ্ষৰ জুলাই মাহত পশ্চিম চম্পাৰণত নকল সুৰা পান কৰাৰ ফলত ১৬ জন লোকৰ মৃত্যু হৈছিল। সেই সময়ত সুৰাৰ ঘটনাটো জিলাখনৰ লৰিয়া আৰু ৰামনগৰ খণ্ডৰ অধীনত থকা অঞ্চলত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন