--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজৱ পৃথিৱীৰ গজৱ কথা! মৃত্যু এতিয়া কেবল শিল্প আৰু সত্যৰ মাজতে আৱদ্ধ থকা নাই। মৃত্যু এতিয়া সহজো। শেহতীয়াকৈ তেনে এক ঘটনা‌ই হতচকিত কৰিছে সকলোকে। দুজন নাবালকৰ বিৰুদ্ধে এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক হত্যাকৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাকাণ্ডটো ৩০ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জ কুৰ্দ অঞ্চলৰ এটা বাসগৃহত সংঘটিত হৈছিল। এখন জনপ্ৰিয় টিভি ধাৰাবাহিকৰ অনুকৰণ কৰি এই কাৰ্য সংঘটিত কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে।উল্লেখ্য যে, ৩০ অক্টোবৰত তেওঁৰ ফ্লেটতে বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বৃদ্ধাগৰাকীৰ মূৰত গভীৰ আঘাতৰ চিন স্পষ্ট আছিল। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত বৃদ্ধাগৰাকীৰ পুত্ৰই সিনহাগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

ঘটনাটোৰ ৪৮ ঘণ্টা পাছত আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি উলিয়াবলৈ সক্ষম হয়। আৰক্ষীয়ে জনায় যে, ‘দুজন আৰক্ষী বিষয়াই অনুসন্ধানৰ সময়ত বৃদ্ধাগৰাকীৰ ফ্লেটলৈ গৈছিল। তেওঁলোকে তাত কেইবাটাও শিশুক খেলি থকা দেখিছিল। শিশুসকলৰ সৈতে কথা পাতি তেওঁলোকে গম পালে যে তেওঁলোকৰ দুজন বন্ধু হঠাতে ৩০ অক্টোবৰত খেলিবলৈ ঘৰলৈ গৈছিল। তেওঁলোকৰ বন্ধুবৰ্গই কোৱা মতে, দুয়োজনে সেইদিনা ফুচকা খাম বুলি কৈ আঁতৰি গৈছিল।’

অৱশ্যে, চিচিটিভি কেমেৰাত সকলো কথা জলজল-পটপটকৈ ধৰা পৰে আৰু হত্যাকাণ্ডৰে জৰিত কিশোৰ দুজনক আৰক্ষী সোধা-পোছা কৰে আৰু হত্যাকাণ্ডৰ আৰৰ সকলো কাহিনী পোহৰলৈ আহে। এগৰাকী আৰক্ষী বিষয়াই কৈছিল, ‘দুয়োজন অভিযুক্তই বৃদ্ধাগৰাকীৰ ঘৰ চুৰি কৰাৰ পৰিকল্পনা কৰিছিল।দুপৰীয়া প্ৰায় ১:৩০ বজাত বৃদ্ধাগৰাকীৰ ফ্লেটত প্ৰৱেশ কৰিছিল কিশোৰ দুজনে। বৃদ্ধাগৰাকীয়ে সেই সময়ত টিভি চাই আছিল। অভিযুক্তজনে বৃদ্ধাগৰাকীৰ পৰা প্ৰায় ৬৭,০০০ টকাৰ নগদ আৰু গহনা চুৰি কৰিছিল। অভিযুক্ত দুজনে হাতমোজা পিন্ধিছিল।’ আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্ত দুজনে এখন টিভি ধাৰাবাহিক চাই এই পদ্ধতি শিকা বুলি স্বীকাৰ কৰিছে। জানিবলৈ পোৱা মতে, হত্যাকাণ্ডৰে জডি়ত দুই অভিযুক্তৰ বয়স ১৪ আৰু ১৬ বছৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি