--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজৱ পৃথিৱীৰ গজৱ কথা! মৃত্যু এতিয়া কেবল শিল্প আৰু সত্যৰ মাজতে আৱদ্ধ থকা নাই। মৃত্যু এতিয়া সহজো। শেহতীয়াকৈ তেনে এক ঘটনা‌ই হতচকিত কৰিছে সকলোকে। দুজন নাবালকৰ বিৰুদ্ধে এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক হত্যাকৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাকাণ্ডটো ৩০ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জ কুৰ্দ অঞ্চলৰ এটা বাসগৃহত সংঘটিত হৈছিল। এখন জনপ্ৰিয় টিভি ধাৰাবাহিকৰ অনুকৰণ কৰি এই কাৰ্য সংঘটিত কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে।উল্লেখ্য যে, ৩০ অক্টোবৰত তেওঁৰ ফ্লেটতে বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বৃদ্ধাগৰাকীৰ মূৰত গভীৰ আঘাতৰ চিন স্পষ্ট আছিল। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত বৃদ্ধাগৰাকীৰ পুত্ৰই সিনহাগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

ঘটনাটোৰ ৪৮ ঘণ্টা পাছত আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি উলিয়াবলৈ সক্ষম হয়। আৰক্ষীয়ে জনায় যে, ‘দুজন আৰক্ষী বিষয়াই অনুসন্ধানৰ সময়ত বৃদ্ধাগৰাকীৰ ফ্লেটলৈ গৈছিল। তেওঁলোকে তাত কেইবাটাও শিশুক খেলি থকা দেখিছিল। শিশুসকলৰ সৈতে কথা পাতি তেওঁলোকে গম পালে যে তেওঁলোকৰ দুজন বন্ধু হঠাতে ৩০ অক্টোবৰত খেলিবলৈ ঘৰলৈ গৈছিল। তেওঁলোকৰ বন্ধুবৰ্গই কোৱা মতে, দুয়োজনে সেইদিনা ফুচকা খাম বুলি কৈ আঁতৰি গৈছিল।’

অৱশ্যে, চিচিটিভি কেমেৰাত সকলো কথা জলজল-পটপটকৈ ধৰা পৰে আৰু হত্যাকাণ্ডৰে জৰিত কিশোৰ দুজনক আৰক্ষী সোধা-পোছা কৰে আৰু হত্যাকাণ্ডৰ আৰৰ সকলো কাহিনী পোহৰলৈ আহে। এগৰাকী আৰক্ষী বিষয়াই কৈছিল, ‘দুয়োজন অভিযুক্তই বৃদ্ধাগৰাকীৰ ঘৰ চুৰি কৰাৰ পৰিকল্পনা কৰিছিল।দুপৰীয়া প্ৰায় ১:৩০ বজাত বৃদ্ধাগৰাকীৰ ফ্লেটত প্ৰৱেশ কৰিছিল কিশোৰ দুজনে। বৃদ্ধাগৰাকীয়ে সেই সময়ত টিভি চাই আছিল। অভিযুক্তজনে বৃদ্ধাগৰাকীৰ পৰা প্ৰায় ৬৭,০০০ টকাৰ নগদ আৰু গহনা চুৰি কৰিছিল। অভিযুক্ত দুজনে হাতমোজা পিন্ধিছিল।’ আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্ত দুজনে এখন টিভি ধাৰাবাহিক চাই এই পদ্ধতি শিকা বুলি স্বীকাৰ কৰিছে। জানিবলৈ পোৱা মতে, হত্যাকাণ্ডৰে জডি়ত দুই অভিযুক্তৰ বয়স ১৪ আৰু ১৬ বছৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন