--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ প্ৰতি বাৰে বাৰে অভিযোগ উত্থাপন কৰা হৈছে। অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত তেওঁক আগুৰি ধৰিছে হাজাৰটা বিতৰ্কই। ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় দুমাহ কাৰাবন্দী হৈ আছিল ৰিয়া। মুম্বাইৰ বাইকুলা কাৰাগাৰত বন্দী হৈছিল ৰিয়া। সুশান্ত সিঙৰ ৰহস্যজনক মৃত্যু একমাত্ৰ ৰিয়া নহয়, ভাতৃ শোইক চক্ৰৱৰ্তেও কাৰাগাৰৰ আঁৰত দিন কটাবলগীয়া হৈছিল। অৱশ্যে জামিনত মুক্তি পোৱাৰ পিছতে নাগিন নৃত্য নৃত্য কৰা বুলি অভিনেত্ৰীগৰাকীয়ে কয়!

ছয় সপ্তাহতকৈ অধিক সময় জেলত থাকিব লগা হৈছিল ৰিয়াই। কাৰাগাৰত থকাৰ সময়ত তাত থকা মহিলাসকলৰ পৰা ৰিয়াই বহু কথা শিকিছিল। শেহতীয়াকৈ এটা অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে জেলত কটোৱা দিনবোৰৰ কথা মনত পেলাইছিল। ৰিয়াই ক’লে, “মই আচলতে সেই জেলত বিচাৰাধীন আচামী আছিলোঁ, অভিযুক্ত নহয়। আৰু যেতিয়ালৈকে আপুনি দোষী প্ৰমাণিত নহয়, তেতিয়ালৈকে তাৰ অৰ্থ হ'ল আপুনি নিৰ্দোষী।''

অৱশ্যে কাৰাগাৰৰ সেই কেইটামান দিনত আন কাৰাবন্দীসকলৰ বন্ধুত্ব গঢ় লৈ উঠিল। সেয়ে জামিন পোৱাৰ দিনা অভিনেত্ৰীগৰাকীয়ে সতীৰ্থ বন্দীসকলৰ বাবে ‘নাগিন নৃত্য’ পৰিৱেশন কৰে। ৰিয়াৰ ভাষাত "আচলতে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলো যে যিদিনা জামিন পাম, সেইদিনা মই তেওঁলোকৰ লগত নাচিম। জামিন পোৱাৰ পিছত এই মুখবোৰ আৰু কেতিয়াও দেখা নাপাম। যদি মই সিহঁতক মোৰ জীৱনৰ পৰা পাঁচ মিনিটৰ আনন্দ দিব পাৰো, তেন্তে তাৰ কি ক্ষতি!'' ৰিয়াই ক'লে, সেই দিনটো তাইৰ জীৱনৰ অন্যতম সুখৰ দিন আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক