--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা ২০ জনৰ ভিতৰত আছিল বলীউডৰ অভিনেতা বিবেক অবেৰয়। শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিবেকে সুশান্ত আৰু মানসিক স্বাস্থ্যৰ বিষয়ে কয়। বিবেকে এই সাক্ষাৎকাৰত বহু কথা খোলাচা কৰিছে। তেওঁ কয় যে তেওঁ নিজেও বহুত বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈছে, তেঁৱো সুশান্তৰ দৰে মৃত্যুৰ কথা ভাবিছিল।

বিবেক অবেৰয়ে সাক্ষাৎকাৰত কয়, ''সুশান্তক লগ পাইছিলো, তেওঁ এজন ভাল, প্ৰতিভাশালী ল’ৰা আছিল। তেওঁৰ এই বিদায় চলচ্চিত্ৰ জগতৰ বাবে এক বৃহৎ ক্ষতি। সঁচা কথা ক’বলৈ গ’লে মোৰ জীৱনতো এটা অতি অন্ধকাৰ পৰ্যায় আহিছে, বিশেষকৈ পেছাদাৰীৰ পৰা ব্যক্তিগতলৈকে সকলো বেয়া হৈ গৈছিল। এনে নহয় যে মই সুশান্তই কৰা কামটো কৰিবলৈ ভবা নাছিলো। আত্মহত্যাৰ কথা মোৰো মনলৈ আহিছিল।''

সুশান্তৰ অন্ত্যেষ্টিক্ৰিয়াৰ কথা কওঁতে তেওঁ কয় যে ''সুশান্তৰ অন্ত্যেষ্টিক্ৰিয়ালৈ মাত্ৰ ২০ জন লোকক আহিবলৈ দিয়া হৈছিল আৰু মই আছিলো তাৰ ভিতৰত এজন। সেই সময়ত দেখিছিলো সুশান্তৰ দেউতাকৰ দুখত ভাগি পৰা চকু দুটা। সুশান্তৰ মৃতদেহৰ ফালে চাই মই মাথোঁ ভাবি আছিলোঁ হে বন্ধু, তুমি যদি তোমাৰ বিদায়ৰ কাৰণে কি পৰিস্থিতি হৈছে চাব পাৰিলাহেঁতেন, যদি তুমি তোমাক ভালপোৱা মানুহবোৰৰ অৱস্থা কেনে হৈছে চাব পাৰিলাহেঁতেন, তেন্তে তুমি কেতিয়াও এই পদক্ষেপ গ্ৰহণ নকৰিলাহেঁতেন।''

বিবেকে আৰু কয়, ''সকলো কথা মনত ভালদৰে ভাবক, ভাবি চাওক আপুনি আপোনাৰ জীৱন শেষ কৰাৰ পাছত আপোনাক ভালপোৱা মানুহখিনিৰ কি হ’ব। আপোনজনক কষ্ট নিদিব। প্ৰেম আৰু পোহৰৰ দিশে যাওক। মোৰ ভাগ্য ভাল আছিল যে সেই সময়ত মোক পোহপাল দিয়া ঘৰ আৰু পৰিয়াল মোৰ লগত আছিল। আগতে মাটিত বহি মাৰ কোলাত মূৰটো ৰাখি শিশুৰ দৰে কান্দিছিলোঁ। মাক কৈছিলোঁ, কেৱল মোৰ লগত এনেকুৱা হৈছে কিয়? এদিন মই ৪০ মিনিট কান্দিলোঁ, তাৰ পিছত মায়ে সুধিলে, যেতিয়া তুমি বঁটা লাভ কৰি আছিলা, খ্যাতি আৰু মৰম লাভ কৰিছিলা, তেতিয়া তুমি মোক কিয় এনেকুৱা হৈছে বুলি সুধিছিলা নেকি?''

উল্লেখ্য যে ২ বছৰৰ বিৰতিৰ অন্তত ৰোহিত শ্বেট্টীৰ ছিৰিজ 'দ্য পুলিচ ফৰ্চ'ৰ জৰিয়তে বিবেক অবেৰয় পুনৰ উভতি আহিছে। এই ছিৰিজখন ১৭ জানুৱাৰীত Amazon Prime ত মুক্তি পাইছিল। ছিৰিজখনত বিবেকৰ লগতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শিল্পা শ্বেট্টী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু