--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা ২০ জনৰ ভিতৰত আছিল বলীউডৰ অভিনেতা বিবেক অবেৰয়। শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিবেকে সুশান্ত আৰু মানসিক স্বাস্থ্যৰ বিষয়ে কয়। বিবেকে এই সাক্ষাৎকাৰত বহু কথা খোলাচা কৰিছে। তেওঁ কয় যে তেওঁ নিজেও বহুত বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈছে, তেঁৱো সুশান্তৰ দৰে মৃত্যুৰ কথা ভাবিছিল।

বিবেক অবেৰয়ে সাক্ষাৎকাৰত কয়, ''সুশান্তক লগ পাইছিলো, তেওঁ এজন ভাল, প্ৰতিভাশালী ল’ৰা আছিল। তেওঁৰ এই বিদায় চলচ্চিত্ৰ জগতৰ বাবে এক বৃহৎ ক্ষতি। সঁচা কথা ক’বলৈ গ’লে মোৰ জীৱনতো এটা অতি অন্ধকাৰ পৰ্যায় আহিছে, বিশেষকৈ পেছাদাৰীৰ পৰা ব্যক্তিগতলৈকে সকলো বেয়া হৈ গৈছিল। এনে নহয় যে মই সুশান্তই কৰা কামটো কৰিবলৈ ভবা নাছিলো। আত্মহত্যাৰ কথা মোৰো মনলৈ আহিছিল।''

সুশান্তৰ অন্ত্যেষ্টিক্ৰিয়াৰ কথা কওঁতে তেওঁ কয় যে ''সুশান্তৰ অন্ত্যেষ্টিক্ৰিয়ালৈ মাত্ৰ ২০ জন লোকক আহিবলৈ দিয়া হৈছিল আৰু মই আছিলো তাৰ ভিতৰত এজন। সেই সময়ত দেখিছিলো সুশান্তৰ দেউতাকৰ দুখত ভাগি পৰা চকু দুটা। সুশান্তৰ মৃতদেহৰ ফালে চাই মই মাথোঁ ভাবি আছিলোঁ হে বন্ধু, তুমি যদি তোমাৰ বিদায়ৰ কাৰণে কি পৰিস্থিতি হৈছে চাব পাৰিলাহেঁতেন, যদি তুমি তোমাক ভালপোৱা মানুহবোৰৰ অৱস্থা কেনে হৈছে চাব পাৰিলাহেঁতেন, তেন্তে তুমি কেতিয়াও এই পদক্ষেপ গ্ৰহণ নকৰিলাহেঁতেন।''

বিবেকে আৰু কয়, ''সকলো কথা মনত ভালদৰে ভাবক, ভাবি চাওক আপুনি আপোনাৰ জীৱন শেষ কৰাৰ পাছত আপোনাক ভালপোৱা মানুহখিনিৰ কি হ’ব। আপোনজনক কষ্ট নিদিব। প্ৰেম আৰু পোহৰৰ দিশে যাওক। মোৰ ভাগ্য ভাল আছিল যে সেই সময়ত মোক পোহপাল দিয়া ঘৰ আৰু পৰিয়াল মোৰ লগত আছিল। আগতে মাটিত বহি মাৰ কোলাত মূৰটো ৰাখি শিশুৰ দৰে কান্দিছিলোঁ। মাক কৈছিলোঁ, কেৱল মোৰ লগত এনেকুৱা হৈছে কিয়? এদিন মই ৪০ মিনিট কান্দিলোঁ, তাৰ পিছত মায়ে সুধিলে, যেতিয়া তুমি বঁটা লাভ কৰি আছিলা, খ্যাতি আৰু মৰম লাভ কৰিছিলা, তেতিয়া তুমি মোক কিয় এনেকুৱা হৈছে বুলি সুধিছিলা নেকি?''

উল্লেখ্য যে ২ বছৰৰ বিৰতিৰ অন্তত ৰোহিত শ্বেট্টীৰ ছিৰিজ 'দ্য পুলিচ ফৰ্চ'ৰ জৰিয়তে বিবেক অবেৰয় পুনৰ উভতি আহিছে। এই ছিৰিজখন ১৭ জানুৱাৰীত Amazon Prime ত মুক্তি পাইছিল। ছিৰিজখনত বিবেকৰ লগতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শিল্পা শ্বেট্টী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী