--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী য়ামি গৌতমৰ শেহতীয়া একচন ৰাজনৈতিক থ্ৰিলাৰ ছবি ‘Article 370’ক লৈ আহিছে ডাঙৰ খবৰ। কাশ্মীৰৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মাণ কৰা হৈছ এই ছবিখন। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰাৰ লগতে ভাল উপাৰ্জনো কৰিছে। পাছে এই ছবিখন উপসাগৰীয় দেশত নিষিদ্ধ কৰা হৈছে। এইটো নিৰ্মাতাসকলৰ বাবে এক ডাঙৰ আঘাত।

উপসাগৰীয় দেশ ইৰাক, কুৱেইট, বাহৰেইন, ওমান, কাটাৰ, ডোহা, সংযুক্ত আৰব আৰু সংযুক্ত আৰব আমিৰাতত ‘Article 370’ নিষিদ্ধ কৰা হৈছে। ছবিখনৰ নিষেধাজ্ঞা নিশ্চিতভাৱে উদ্যোগটোৰ বাবে যথেষ্ট চাঞ্চল্যকৰ খবৰ। 

মন কৰিবলগীয়া যে উপসাগৰীয় দেশসমূহত বলীউড ছবিকলৈ যথেষ্ট উন্মাদনা দেখা যায় আৰু ইয়াত হিন্দী ছবিয়ে অতি ভাল সঁহাৰি পায়। কেৱল এয়াই নহয়, উপসাগৰীয় দেশসমূহতো বহু বলীউড ছবিৰ দৃশ্যগ্ৰহণ কৰা হয়। এনে পৰিস্থিতিত ইয়াত ‘Article 370’ নিষিদ্ধ কৰা খবৰে সকলোকে আচৰিত কৰি তুলিছে। ইয়াৰ পূৰ্বে হৃতিক ৰোশন অভিনীত ফাইটাৰ ছবিখনো ইউ এ ইৰ বাহিৰে উপসাগৰীয় আটাইকেইখন দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

এখন সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘Article 370’ৰ কথা উল্লেখ কৰি কৈছিল- "মই শুনিছো যে ৩৭০ নং অনুচ্ছেদকলৈ এখন ছবি নিৰ্মাণ কৰা হৈছে। ই ভাল খবৰ আৰু ই ৰাইজক শুদ্ধ তথ্য দিব।"  

প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ কথা কোৱাৰ পিছতে মানুহবোৰ ছবিখনক লৈ অধিক উত্তেজিত হৈ পৰিল।

‘Article 370’এ দৰ্শকৰ পৰা অতি ভাল সঁহাৰি লাভ কৰিছে। প্ৰায় ২০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে মুক্তিৰ তিনিদিনৰ ভিতৰতে খৰচতকৈ অধিক উপাৰ্জন কৰিছে। ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে প্ৰথম দিনাই ৬.১২ কোটি টকা সংগ্ৰহ কৰিছিল। দ্বিতীয় দিনা ছবিখনে ৯.৮ কোটি টকা উপাৰ্জন কৰে আৰু দেওবাৰে তৃতীয় দিনা ছবিখনে দুটা সংখ্যাৰ উপাৰ্জন কৰে। দেওবাৰে ছবিখনে ১০.৫ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পাছতে ‘‘Article 370’ৰ তিনিদিনৰ মুঠ উপাৰ্জন ৩৪.৭১ কোটি টকা হয়।

‘Article 370’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে য়ামী গৌতমে। এই চিনেমাখনত তেওঁ চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত প্ৰিয়মণি আৰু অৰুণ গোভিলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত অৰুণ গোভিলক প্ৰধানমন্ত্ৰী মোদীৰ চৰিত্ৰত দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী