--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী য়ামি গৌতমৰ শেহতীয়া একচন ৰাজনৈতিক থ্ৰিলাৰ ছবি ‘Article 370’ক লৈ আহিছে ডাঙৰ খবৰ। কাশ্মীৰৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মাণ কৰা হৈছ এই ছবিখন। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰাৰ লগতে ভাল উপাৰ্জনো কৰিছে। পাছে এই ছবিখন উপসাগৰীয় দেশত নিষিদ্ধ কৰা হৈছে। এইটো নিৰ্মাতাসকলৰ বাবে এক ডাঙৰ আঘাত।

উপসাগৰীয় দেশ ইৰাক, কুৱেইট, বাহৰেইন, ওমান, কাটাৰ, ডোহা, সংযুক্ত আৰব আৰু সংযুক্ত আৰব আমিৰাতত ‘Article 370’ নিষিদ্ধ কৰা হৈছে। ছবিখনৰ নিষেধাজ্ঞা নিশ্চিতভাৱে উদ্যোগটোৰ বাবে যথেষ্ট চাঞ্চল্যকৰ খবৰ। 

মন কৰিবলগীয়া যে উপসাগৰীয় দেশসমূহত বলীউড ছবিকলৈ যথেষ্ট উন্মাদনা দেখা যায় আৰু ইয়াত হিন্দী ছবিয়ে অতি ভাল সঁহাৰি পায়। কেৱল এয়াই নহয়, উপসাগৰীয় দেশসমূহতো বহু বলীউড ছবিৰ দৃশ্যগ্ৰহণ কৰা হয়। এনে পৰিস্থিতিত ইয়াত ‘Article 370’ নিষিদ্ধ কৰা খবৰে সকলোকে আচৰিত কৰি তুলিছে। ইয়াৰ পূৰ্বে হৃতিক ৰোশন অভিনীত ফাইটাৰ ছবিখনো ইউ এ ইৰ বাহিৰে উপসাগৰীয় আটাইকেইখন দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

এখন সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘Article 370’ৰ কথা উল্লেখ কৰি কৈছিল- "মই শুনিছো যে ৩৭০ নং অনুচ্ছেদকলৈ এখন ছবি নিৰ্মাণ কৰা হৈছে। ই ভাল খবৰ আৰু ই ৰাইজক শুদ্ধ তথ্য দিব।"  

প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ কথা কোৱাৰ পিছতে মানুহবোৰ ছবিখনক লৈ অধিক উত্তেজিত হৈ পৰিল।

‘Article 370’এ দৰ্শকৰ পৰা অতি ভাল সঁহাৰি লাভ কৰিছে। প্ৰায় ২০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে মুক্তিৰ তিনিদিনৰ ভিতৰতে খৰচতকৈ অধিক উপাৰ্জন কৰিছে। ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে প্ৰথম দিনাই ৬.১২ কোটি টকা সংগ্ৰহ কৰিছিল। দ্বিতীয় দিনা ছবিখনে ৯.৮ কোটি টকা উপাৰ্জন কৰে আৰু দেওবাৰে তৃতীয় দিনা ছবিখনে দুটা সংখ্যাৰ উপাৰ্জন কৰে। দেওবাৰে ছবিখনে ১০.৫ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পাছতে ‘‘Article 370’ৰ তিনিদিনৰ মুঠ উপাৰ্জন ৩৪.৭১ কোটি টকা হয়।

‘Article 370’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে য়ামী গৌতমে। এই চিনেমাখনত তেওঁ চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত প্ৰিয়মণি আৰু অৰুণ গোভিলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত অৰুণ গোভিলক প্ৰধানমন্ত্ৰী মোদীৰ চৰিত্ৰত দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু