--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাটো আজিৰ নহয়। ২০০৬ চনৰে। 'চিঙ্গাৰী' ছবিৰ শ্বুটিং চলি থকা অৱস্থাত ঘটিছিল এই ঘটনা। কল্পনা লাজমী পৰিচালিত ' চিঙ্গাৰী' ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুস্মিতা সেন, মিথুন চক্ৰৱৰ্তী আৰু অনুজ স্বামীয়ে। মিথুন চক্ৰৱৰ্তীক এই ছবিখনত নেতিবাচক চৰিত্ৰত দেখা গৈছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰাই মিথুন চক্ৰৱৰ্তী আৰু সুস্মিতা সেনৰ মাজত সমস্যা হৈছিল। পৰিচালকৰ অশেষ প্ৰচেষ্টা আৰু বুজনিৰ পাছতহে আৰম্ভ হৈছিল ছবিৰ দৃশ্যগ্ৰহণ। অৱশ্যে, এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়তে অভিনেত্ৰীয়ে মিথুন চক্ৰৱৰ্তীৰ ওপৰত অপ্ৰত্যাশিত স্পৰ্শৰ অভিযোগ উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰৰ চাটাৰাত ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছিল। শ্বুটিঙৰ সময়তে ঘটিছিল এই ঘটনা। দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰাই দুয়োজন তাৰকাৰ মাজত দেখা দিছিল এলানি সমস্যাই। ছবিখনত মিথুন চক্ৰৱৰ্তীৰ সৈতে এটা অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ কথা আছিল সুস্মিতাৰ। কিন্তু সেই দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়তে সমস্যাৰ উদ্ভৱ হৈছিল। অভিনেত্ৰীগৰাকীয়ে সেই অন্তৰংগ দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়ত বহুবাৰ ৰিটেক লৈছিল। সেই দৃশ্যটোৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত অভিনেত্ৰীগৰাকী পোনে পোনে তেওঁৰ মেকআপ ভেনলৈ গৈছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে দৃশ্যগ্ৰহণ শেষ কৰাৰ পাছত হঠাতে সুস্মিতাই মেকআপ ভেনলৈ কিয় গৈছিল! এই বিষয়ে পৰিচালকৰ লগতে বহুতে বুজি পোৱা নাছিল। অভিনেত্ৰীগৰাকীয়ে পিছত প্ৰকাশ কৰিছিল যে, দৃশ্যগ্ৰহণৰ সময়ত মিথুন চক্ৰৱৰ্তীয়ে তেওঁক বেয়াকৈ স্পৰ্শ কৰিছিল। মিথুনে ইচ্ছাকৃতভাৱে এনে কাৰ্য কৰা বুলিও অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল। পৰিচালকজনে তেতিয়া অভিনেত্ৰীগৰাকীক বহুত বুজাবলৈ চেষ্টা কৰিছিল যে, দৃশ্যগ্ৰহণৰ সময়ত এনে ঘটনা সঘনাই ঘটে। এইটো স্বাভাৱিক। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীয়ে এই কথাবোৰ ইমান সহজে গ্ৰহণ কৰিব পৰা নাছিল। এই ঘটনাৰ পাছত, মিথুন চক্ৰৱৰ্তীয়ে ছবিখনৰ পৰা আঁতৰি অহাৰ কথাও ভাবিছিল। একমাত্ৰ পৰিচালকৰ কাতৰ অনুৰোধত ৰক্ষা কৰিহে তেওঁ এই সিদ্ধান্ত লোৱা নাছিল। এই কথা পোহৰলৈ অহাৰ পাছতে সংবাদ মাধ্যমত বিষয়টো ব্যাপকভাবে চৰ্চিত হৈ পৰিছিল। অভিনেতাজনে নানা সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে, পৰবৰ্তী সময়ত এখন সংবাদমেলত অভিনেত্ৰীগৰাকীয়ে কয় যে, দৃশ্যগ্ৰহণৰ সময়ত মই মিথুন চক্ৰৱৰ্তীক ভুল বুজিছিলো। মই মোৰ ভুল স্বীকাৰ কৰিছো।মিথুনৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। স্বাভাবিকতে, এই ঘটনা পোহৰলৈ অহাৰ পাছত ছবিৰ পৰা মিথুনে আঁতৰি অহাৰ কথাও ভাবিছিল। কিন্তু পৰৱৰ্তী সময়ত সকলো সলনি হৈ যায়। মন কৰিবলগীয়া যে, বলীউডৰ ৱহু জনপ্ৰিয় ছবি উপহাৰ দিছে মিথুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু