--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাটো আজিৰ নহয়। ২০০৬ চনৰে। 'চিঙ্গাৰী' ছবিৰ শ্বুটিং চলি থকা অৱস্থাত ঘটিছিল এই ঘটনা। কল্পনা লাজমী পৰিচালিত ' চিঙ্গাৰী' ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুস্মিতা সেন, মিথুন চক্ৰৱৰ্তী আৰু অনুজ স্বামীয়ে। মিথুন চক্ৰৱৰ্তীক এই ছবিখনত নেতিবাচক চৰিত্ৰত দেখা গৈছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰাই মিথুন চক্ৰৱৰ্তী আৰু সুস্মিতা সেনৰ মাজত সমস্যা হৈছিল। পৰিচালকৰ অশেষ প্ৰচেষ্টা আৰু বুজনিৰ পাছতহে আৰম্ভ হৈছিল ছবিৰ দৃশ্যগ্ৰহণ। অৱশ্যে, এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়তে অভিনেত্ৰীয়ে মিথুন চক্ৰৱৰ্তীৰ ওপৰত অপ্ৰত্যাশিত স্পৰ্শৰ অভিযোগ উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰৰ চাটাৰাত ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছিল। শ্বুটিঙৰ সময়তে ঘটিছিল এই ঘটনা। দৃশ্যগ্ৰহণৰ প্ৰথম দিনাৰ পৰাই দুয়োজন তাৰকাৰ মাজত দেখা দিছিল এলানি সমস্যাই। ছবিখনত মিথুন চক্ৰৱৰ্তীৰ সৈতে এটা অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ কথা আছিল সুস্মিতাৰ। কিন্তু সেই দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়তে সমস্যাৰ উদ্ভৱ হৈছিল। অভিনেত্ৰীগৰাকীয়ে সেই অন্তৰংগ দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়ত বহুবাৰ ৰিটেক লৈছিল। সেই দৃশ্যটোৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত অভিনেত্ৰীগৰাকী পোনে পোনে তেওঁৰ মেকআপ ভেনলৈ গৈছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে দৃশ্যগ্ৰহণ শেষ কৰাৰ পাছত হঠাতে সুস্মিতাই মেকআপ ভেনলৈ কিয় গৈছিল! এই বিষয়ে পৰিচালকৰ লগতে বহুতে বুজি পোৱা নাছিল। অভিনেত্ৰীগৰাকীয়ে পিছত প্ৰকাশ কৰিছিল যে, দৃশ্যগ্ৰহণৰ সময়ত মিথুন চক্ৰৱৰ্তীয়ে তেওঁক বেয়াকৈ স্পৰ্শ কৰিছিল। মিথুনে ইচ্ছাকৃতভাৱে এনে কাৰ্য কৰা বুলিও অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল। পৰিচালকজনে তেতিয়া অভিনেত্ৰীগৰাকীক বহুত বুজাবলৈ চেষ্টা কৰিছিল যে, দৃশ্যগ্ৰহণৰ সময়ত এনে ঘটনা সঘনাই ঘটে। এইটো স্বাভাৱিক। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীয়ে এই কথাবোৰ ইমান সহজে গ্ৰহণ কৰিব পৰা নাছিল। এই ঘটনাৰ পাছত, মিথুন চক্ৰৱৰ্তীয়ে ছবিখনৰ পৰা আঁতৰি অহাৰ কথাও ভাবিছিল। একমাত্ৰ পৰিচালকৰ কাতৰ অনুৰোধত ৰক্ষা কৰিহে তেওঁ এই সিদ্ধান্ত লোৱা নাছিল। এই কথা পোহৰলৈ অহাৰ পাছতে সংবাদ মাধ্যমত বিষয়টো ব্যাপকভাবে চৰ্চিত হৈ পৰিছিল। অভিনেতাজনে নানা সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে, পৰবৰ্তী সময়ত এখন সংবাদমেলত অভিনেত্ৰীগৰাকীয়ে কয় যে, দৃশ্যগ্ৰহণৰ সময়ত মই মিথুন চক্ৰৱৰ্তীক ভুল বুজিছিলো। মই মোৰ ভুল স্বীকাৰ কৰিছো।মিথুনৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। স্বাভাবিকতে, এই ঘটনা পোহৰলৈ অহাৰ পাছত ছবিৰ পৰা মিথুনে আঁতৰি অহাৰ কথাও ভাবিছিল। কিন্তু পৰৱৰ্তী সময়ত সকলো সলনি হৈ যায়। মন কৰিবলগীয়া যে, বলীউডৰ ৱহু জনপ্ৰিয় ছবি উপহাৰ দিছে মিথুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে