--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে 'দ্য কাশ্মীৰ ফাইলছ'। ছবিখনক লৈ বিভিন্ন মহলত ভিন্ন মত। এইবাৰ ছবিখনৰ প্ৰসংগত মুখ খুলিছে নানা পাটেকাৰে। হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতভূমিৰ বাসিন্দা। দুয়োটা সম্প্ৰদায়ৰ মাজত বিভাজনৰ চেষ্টা আমাৰ কাম্য নহয়। এনে ছবিয়ে আমাৰ সমাজ জীৱনক টুকুৰা-টুকুৰ কৰি দিব পাৰে বুলি কয় অভিনেতাজনে। অভিনয়তকৈ এতিয়া অধিকতৰ সময় সামাজিক কাৰ্যকলাপতে ব্যস্ত হৈ থাকে নানা পাটেকাৰে। সাংবাদিকসকলে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ প্ৰসংগত তেওঁৰ মতামত জানিব বিচাৰিছিল। ইয়াৰ উত্তৰত অভিনেতাজনে কয় যে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। এওঁলোকৰ এজনৰ আনজনৰ প্ৰয়োজনীয়তা আছে। পৰস্পৰে পৰস্পৰৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন চলচ্চিত্ৰৰ বাবে বিভাজনৰ পৰিস্থিতি সৃষ্টি হোৱাতো উচিত নহয়। সকলোৱে যেন শান্তিত থাকে। এনে এখন ছবিৰ জৰিয়তে সমাজৰ বিভাজন কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ওচৰত উত্তৰ বিচাৰিব লাগে সমাজে। তেওঁলোকক জনোৱা উচিত যে, এনে কৰিলে সমাজখন থান বান হৈ পৰিব। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালকে। চলচ্চিত্ৰখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য ভূমিকাত অভিনয় কৰিছে। স্মৰ্তব্য যে, মুক্তিৰ আগৰ পৰাই 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু