--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে 'দ্য কাশ্মীৰ ফাইলছ'। ছবিখনক লৈ বিভিন্ন মহলত ভিন্ন মত। এইবাৰ ছবিখনৰ প্ৰসংগত মুখ খুলিছে নানা পাটেকাৰে। হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতভূমিৰ বাসিন্দা। দুয়োটা সম্প্ৰদায়ৰ মাজত বিভাজনৰ চেষ্টা আমাৰ কাম্য নহয়। এনে ছবিয়ে আমাৰ সমাজ জীৱনক টুকুৰা-টুকুৰ কৰি দিব পাৰে বুলি কয় অভিনেতাজনে। অভিনয়তকৈ এতিয়া অধিকতৰ সময় সামাজিক কাৰ্যকলাপতে ব্যস্ত হৈ থাকে নানা পাটেকাৰে। সাংবাদিকসকলে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ প্ৰসংগত তেওঁৰ মতামত জানিব বিচাৰিছিল। ইয়াৰ উত্তৰত অভিনেতাজনে কয় যে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। এওঁলোকৰ এজনৰ আনজনৰ প্ৰয়োজনীয়তা আছে। পৰস্পৰে পৰস্পৰৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন চলচ্চিত্ৰৰ বাবে বিভাজনৰ পৰিস্থিতি সৃষ্টি হোৱাতো উচিত নহয়। সকলোৱে যেন শান্তিত থাকে। এনে এখন ছবিৰ জৰিয়তে সমাজৰ বিভাজন কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ওচৰত উত্তৰ বিচাৰিব লাগে সমাজে। তেওঁলোকক জনোৱা উচিত যে, এনে কৰিলে সমাজখন থান বান হৈ পৰিব। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালকে। চলচ্চিত্ৰখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য ভূমিকাত অভিনয় কৰিছে। স্মৰ্তব্য যে, মুক্তিৰ আগৰ পৰাই 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু