--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ হৈ থাকিবলৈ শৰীৰক পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন। মানুহৰ শৰীৰৰ ৬৫-৭০ শতাংশ পানীৰে গঠিতইয়াৰ উপৰি শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈও পানীৰ প্ৰয়োজন হয়। পানীয়ে শৰীৰৰ সকলো অংগক সঠিকভাৱে কাম কৰিবলৈ সহায় কৰে। বয়স, লিংগ, শৰীৰৰ ওজন আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিভেদে পানীৰ প্ৰয়োজনীয়তা ভিন্ন হয়। অৱশ্যে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো সকলোৰে বাবে প্ৰয়োজন

১. কোন কোন বয়সৰ লোকে কিমান পানী খোৱাৰ প্ৰয়োজন?

* ১-৩ বছৰীয়া শিশুৰ বাবে:-১-৩ বছৰীয়া শিশুৱে দৈনিক ৪-৫ কাপ বা ৮০০-১০০০ মিলিলিটাৰ পানী খোৱা প্ৰয়োজন।

* ৪ৰ পৰা ৮ বছৰীয়া শিশুৰ বাবে:-৪ৰ পৰা ৮ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে ১২০০ মিলিলিটাৰ বা ৫ কাপ পানী খাব লাগে। ইয়াৰ ভিতৰত তৰল খাদ্যও অন্তৰ্ভুক্ত।

* ৯-১৩ বছৰীয়া শিশুৰ বাবে:-৯-১৩ বছৰীয়া শিশুৱে দৈনিক ৭ৰ পৰা ৮ কাপ বা ১৬০০-১৯০০ মিলিলিটাৰ পানী সেৱন কৰা উচিত।

২. কিশোৰ-কিশোৰীসকলে কিমান পানী খাব লাগে?

* ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলে প্ৰতিদিনে ১৯০০ৰ পৰা ২৬০০ মিলিলিটাৰ অৰ্থাৎ ৮-১১ গিলাচ পানী খাব লাগে।

৩. এজন প্ৰাপ্তবয়স্কই কিমান পানী খাব লাগে?

* ১৯ৰ পৰা ৬৪ বছৰৰ ভিতৰৰ লোকে প্ৰতিদিনে ৮-১১ কাপ অৰ্থাৎ ২০০০ৰ পৰা ৩০০০ মিলিলিটাৰ পানী সেৱন কৰিব লাগে। কিন্তু পানীৰ প্ৰয়োজনীয়তাও ব্যক্তিজনৰ প্ৰয়োজনীয়তা, তেওঁৰ ওজন আৰু জলবায়ুৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

৪. এজন বৃদ্ধ লোকে কিমান পানী খাব লাগে?

৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকেও দৈনিক ৮-১১ কাপ বা ২০০০ৰ পৰা ৩০০০ মিলিলিটাৰ পানী খাব লাগে। যিহেতু বৃদ্ধ বয়সত পানীলগা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে, গতিকে এজন বৃদ্ধ ব্যক্তিয়ে সদায় পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে