--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰৰ ১ জুন তাৰিখটো ‘বিশ্ব গাখীৰ দিৱস’ হিচাপে পালন কৰা হয়, উদ্দেশ্য মাথোঁ জনগণক গাখীৰৰ গুৰুত্বৰ প্ৰতি সজাগ কৰা। গৰু আৰু ম’হৰ গাখীৰ ভাৰতত আটাইতকৈ পুষ্টিকৰ তালিকাত অন্তৰ্ভুক্ত, কিন্তু ছাগলীৰ গাখীৰ তুলনামূলকভাৱে ব্যৱহাৰ কমকৈ কৰা হয় বা নকৰে বুলিব পাৰিদৰাচলতে ছাগলীৰ গাখীৰ আন গৰু-ম’হৰ গাখীৰতকৈ অধিক পুষ্টিকৰ আৰু শক্তিবৰ্ধক বুলি গণ্য কৰা হয়।

 দৰাচলতে গাখীৰক সম্পূৰ্ণ খাদ্য বুলি গণ্য কৰা হয় য’ত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় যদিও সাধাৰণতে কেলচিয়াম, ভিটামিন-ডি আৰু প্ৰ’টিনৰ মূল উৎস বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি ছাগলীৰ গাখীৰ খোৱা লোকসকলে এই পুষ্টিকৰ উপাদানসমূহ প্ৰচুৰ পৰিমাণে লাভ কৰে।

 ছাগলীৰ গাখীৰ কি কি ৰোগত উপকাৰী?

১. ডেংগু জ্বৰ

২. শাৰীৰিক দুৰ্বলতা

৩. সংক্ৰমণ

৪. অষ্টিঅ’পৰ’ছিছ

৫. হাত ভৰি অজ্ঞান হোৱা

ফুড ডাটা চেণ্ট্ৰেল অব আমেৰিকাৰ মতে, ১০০ মিলিলিটাৰ গৰু আৰু ম’হৰ গাখীৰত ৩.২৮ গ্ৰাম প্ৰটিন আৰু ১২৩ মিলিগ্ৰাম কেলচিয়াম পোৱাৰ বিপৰীতে ১০০ মিলিলিটাৰ ছাগলীৰ গাখীৰত ৩.৩৩ গ্ৰাম প্ৰটিন আৰু ১২৫ মিলিগ্ৰাম কেলচিয়াম পোৱা যায়। যদিও সূৰ্যৰ পোহৰৰ জৰিয়তে ভিটামিন-ডি লাভ কৰিব পাৰি, কিন্তু শীতকালত বহু মাহ পৰ্যন্ত সূৰ্য্য উদয় নোহোৱা দেশত এই গাখীৰে ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰে। সেয়েহে ছাগলীৰ গাখীৰ ১০০ মিলিলিটাৰত ৪২ আই ইউ ভিটামিন-ডি পোৱা যায়।

ভিটামিন-এ আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক, ১২৫ আই ইউ ভিটামিন-এ ১০০ মিলিলিটাৰ ছাগলীৰ গাখীৰত থাকে, যিটো গৰু-ম’হৰ গাখীৰতকৈ বহুগুণে বেছি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে