--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এজন প্ৰাপ্তবয়স্ক লোককো এটা ৰাতিত গড়ে ৮ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন হয় আৰু এজন শিশুক ১২ৰ পৰা ১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। নিশা নিয়মীয়াকৈ টোপনি নোযোৱাৰ ফলত বহু লোকৰ বিভিন্ন সমস্যাই দেখা দিয়ে। এই টোপনিৰ সমস্যাবোৰ সমাধান কৰিবলৈ বহুতে টোপনিৰ বড়ি ব্যৱহাৰ কৰে। কিন্তু এটা কথা আপুনি জনা উচিত যে, টোপনিৰ সময়তে শৰীৰত তেজ চলাচল বেছি হয়। সেইবাবেই নিশা পৰ্যাপ্ত পৰিমাণে টোপনি নাপালে উচ্চ ৰক্তচাপৰ দৰে সমস্যা বাঢ়িব পাৰে, আৰু তাৰ ফলত হৃদৰোগৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

নেচনেল লাইব্ৰেৰী অব্ মেডিচিনৰ মতে, নিশা টোপনিৰ অভাৱৰ ফলতে হৃদযন্ত্ৰৰ একাধিক সমস্যাৰ কাৰণ হ’ব পাৰে। তদুপৰি টোপনিৰ অভাৱত কলেষ্টেৰলৰ সমস্যা, হাৰ্ট এটেক, মেদবহুলতা, ডায়েবেটিছ আৰু ষ্ট্ৰোক আদিৰ সৃষ্টি হ’ব পাৰে।

শেহতীয়াকৈ বিএলকে-মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ অধ্যক্ষ তথা কাৰ্ডিঅ’লজী বিভাগৰ মুৰব্বী সুভাষ চন্দ্ৰই এক সংবাদমেলত কয় যে, যিসকল লোকে নিশা অনিদ্ৰাত ভোগে তেওঁলোকৰ বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি। যিসকলৰ টোপনি অনিয়মিত হয় বা যিসকলৰ টোপনি কম, তেওঁলোকে হৃদযন্ত্ৰৰ অৱস্থাৰ প্ৰতি অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে নিশা গড়ে ৮ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, আনহাতে এজন শিশুৰ বাবে ১২ৰ পৰা ১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়।

আপোনাৰ টোপনি কেনেকৈ ভাল হ'ব জানো আহক:

১. গোটেই দিনটো কাম কৰাৰ পাছত নিশা কোনো বিশেষ কাম কৰিবলৈ চেষ্টা নকৰাই ভাল। শোৱাৰ আগতে কোনো গধুৰ কাম নকৰিব।

২. এটা নিৰ্দিষ্ট টোপনিৰ নিয়ম মানি চলক। আনকি সপ্তাহৰ শেষত সেই বিশেষ টোপনিৰ নিয়ম ভংগ নকৰিব৷ প্ৰতি নিশা এটা নিৰ্দিষ্ট সময়ত শুই থকা আৰু এটা নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ নিয়ম মানি চলিব লাগে।

৩. শৰীৰটো শক্তিশালী কৰি ৰাখিবলৈ দৈনিক নিশাপুৱা খোজকঢ়াৰ অভ্যাস কৰক।

৪. খোৱা বা মদ্যপান কৰাৰ কেইঘণ্টামানৰ ভিতৰতে টোপনি যাবলৈ চেষ্টা নকৰাটো ভাল। লগতে নিশা অধিক চৰ্বিযুক্ত বা চেনিযুক্ত খাদ্য নাখাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ