--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এজন প্ৰাপ্তবয়স্ক লোককো এটা ৰাতিত গড়ে ৮ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন হয় আৰু এজন শিশুক ১২ৰ পৰা ১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। নিশা নিয়মীয়াকৈ টোপনি নোযোৱাৰ ফলত বহু লোকৰ বিভিন্ন সমস্যাই দেখা দিয়ে। এই টোপনিৰ সমস্যাবোৰ সমাধান কৰিবলৈ বহুতে টোপনিৰ বড়ি ব্যৱহাৰ কৰে। কিন্তু এটা কথা আপুনি জনা উচিত যে, টোপনিৰ সময়তে শৰীৰত তেজ চলাচল বেছি হয়। সেইবাবেই নিশা পৰ্যাপ্ত পৰিমাণে টোপনি নাপালে উচ্চ ৰক্তচাপৰ দৰে সমস্যা বাঢ়িব পাৰে, আৰু তাৰ ফলত হৃদৰোগৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

নেচনেল লাইব্ৰেৰী অব্ মেডিচিনৰ মতে, নিশা টোপনিৰ অভাৱৰ ফলতে হৃদযন্ত্ৰৰ একাধিক সমস্যাৰ কাৰণ হ’ব পাৰে। তদুপৰি টোপনিৰ অভাৱত কলেষ্টেৰলৰ সমস্যা, হাৰ্ট এটেক, মেদবহুলতা, ডায়েবেটিছ আৰু ষ্ট্ৰোক আদিৰ সৃষ্টি হ’ব পাৰে।

শেহতীয়াকৈ বিএলকে-মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ অধ্যক্ষ তথা কাৰ্ডিঅ’লজী বিভাগৰ মুৰব্বী সুভাষ চন্দ্ৰই এক সংবাদমেলত কয় যে, যিসকল লোকে নিশা অনিদ্ৰাত ভোগে তেওঁলোকৰ বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি। যিসকলৰ টোপনি অনিয়মিত হয় বা যিসকলৰ টোপনি কম, তেওঁলোকে হৃদযন্ত্ৰৰ অৱস্থাৰ প্ৰতি অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে নিশা গড়ে ৮ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, আনহাতে এজন শিশুৰ বাবে ১২ৰ পৰা ১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়।

আপোনাৰ টোপনি কেনেকৈ ভাল হ'ব জানো আহক:

১. গোটেই দিনটো কাম কৰাৰ পাছত নিশা কোনো বিশেষ কাম কৰিবলৈ চেষ্টা নকৰাই ভাল। শোৱাৰ আগতে কোনো গধুৰ কাম নকৰিব।

২. এটা নিৰ্দিষ্ট টোপনিৰ নিয়ম মানি চলক। আনকি সপ্তাহৰ শেষত সেই বিশেষ টোপনিৰ নিয়ম ভংগ নকৰিব৷ প্ৰতি নিশা এটা নিৰ্দিষ্ট সময়ত শুই থকা আৰু এটা নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ নিয়ম মানি চলিব লাগে।

৩. শৰীৰটো শক্তিশালী কৰি ৰাখিবলৈ দৈনিক নিশাপুৱা খোজকঢ়াৰ অভ্যাস কৰক।

৪. খোৱা বা মদ্যপান কৰাৰ কেইঘণ্টামানৰ ভিতৰতে টোপনি যাবলৈ চেষ্টা নকৰাটো ভাল। লগতে নিশা অধিক চৰ্বিযুক্ত বা চেনিযুক্ত খাদ্য নাখাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন