--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি আছে মানুহ। মানুহৰ লগে লগে ছাঁটোৰ দৰে লাগি আছে নানা  পৰম্পৰা। মানুহে যিমানেই অভিজাত সমাজত বাস নকৰক কিয়, পৰম্পৰাগত কেতবোৰ প্ৰথা পিছে তাহানিৰ দিনৰ দৰেই আজিও বৰ্তি আছে। বিবাহক লৈ বিভিন্ন ঠাইত বেলেগ বেলেগ পৰম্পৰা দেখা যায়। কিছুমান ঠাইৰ  পৰম্পৰা আন ঠাইত বাস কৰা মানুহৰ বাবে আচহুৱা বা আজৱ যেন লাগিব পাৰে। তেনে এক অদ্ভুত পৰম্পৰাই আছে ইণ্ডোনেছিয়াৰ এটা বিশেষ জনগোষ্ঠীৰ মাজত।Tidong  নামৰ জনগোষ্ঠীটোৰ নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা দৰা কইনাই তিনিদিনলৈ শৌচাগাৰলৈ যাব নোৱাৰে।

 বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে  দম্পতীহালে এই অদ্ভুত প্ৰথা অনুসৰণ কৰিব লাগিব। বিবাহৰ সকলো নিয়ম সম্পূৰ্ণ হোৱাৰ পিছত দম্পতীহালক এটা কোঠালৈ লৈ যোৱা হয় ।সেই কোঠাটোতেই তেওঁলোকে বিবাহৰ প্ৰথম তিনিটা দিন অতিবাহিত কৰিব লাগিব। কিন্তু এই তিনি দিনত  তেওঁলোকে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব  নোৱাৰিব।

নৱ দম্পতিহালৰ বাবে শৌচ, পেচাব দুয়োটাই তিনি দিনলৈ নিষিদ্ধ থাকে। অন্যথা বিবাহৰ পৱিত্ৰতা নষ্ট হয় বুলি জনগোষ্ঠীটোৰ লোকসকলে বিশ্বাস কৰে।

এই নিয়ম ভংগ হ’লে বিয়াখন তেওঁলোকে অশুভ বুলি ধৰি লোৱা হয় আৰু তেনে পৰিস্থিতিত বিয়া ভাঙিও যাব পাৰে।



পৰম্পৰা ৰক্ষাৰ নামত তিনি দিন ধৰি শৌচ-পেচাব বন্ধ কৰি ৰখাৰ ফলত বহু সময়ত দৰা-কইনাৰ অসুস্থ হৈ পৰাও দেখা যায়।

জনগোষ্ঠীটোৰ লোকসকলে বিশ্বাস কৰে যে শৌচাগাৰত ঋণাত্মক শক্তি থাকে। দৰা-কইনাই বিয়াৰ তিনিদিনলৈ সেই ঋণাত্মক শক্তিৰ পৰা আঁতৰত থাকিব লাগিব।শৌচাগাৰলৈ গ’লে  নৱ দম্পতিহালৰ দেহলৈ  ঋণাত্মক শক্তি সোমাই আহিব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।সেইবাবেই তেওঁলোকক তিনি দিনৰ বাবে শৌচাগাৰলৈ যাবলৈ নিদি একেটা কোঠাতে আবদ্ধ কৰি ৰখা হয়।

ইণ্ডোনেছিয়াত এই পৰম্পৰা অতি  কঠোৰভাৱে পালন কৰা হয়। দৰা-কইনাক উক্ত তিনিটা দিনত  কমকৈ খাদ্য আৰু পানী খাবলৈ দিয়া হয়। যাতে তেওঁলোকে শৌচাগাৰলৈ যোৱাৰ প্ৰৱণতা অনুভৱ নকৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ