--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি আছে মানুহ। মানুহৰ লগে লগে ছাঁটোৰ দৰে লাগি আছে নানা  পৰম্পৰা। মানুহে যিমানেই অভিজাত সমাজত বাস নকৰক কিয়, পৰম্পৰাগত কেতবোৰ প্ৰথা পিছে তাহানিৰ দিনৰ দৰেই আজিও বৰ্তি আছে। বিবাহক লৈ বিভিন্ন ঠাইত বেলেগ বেলেগ পৰম্পৰা দেখা যায়। কিছুমান ঠাইৰ  পৰম্পৰা আন ঠাইত বাস কৰা মানুহৰ বাবে আচহুৱা বা আজৱ যেন লাগিব পাৰে। তেনে এক অদ্ভুত পৰম্পৰাই আছে ইণ্ডোনেছিয়াৰ এটা বিশেষ জনগোষ্ঠীৰ মাজত।Tidong  নামৰ জনগোষ্ঠীটোৰ নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা দৰা কইনাই তিনিদিনলৈ শৌচাগাৰলৈ যাব নোৱাৰে।

 বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে  দম্পতীহালে এই অদ্ভুত প্ৰথা অনুসৰণ কৰিব লাগিব। বিবাহৰ সকলো নিয়ম সম্পূৰ্ণ হোৱাৰ পিছত দম্পতীহালক এটা কোঠালৈ লৈ যোৱা হয় ।সেই কোঠাটোতেই তেওঁলোকে বিবাহৰ প্ৰথম তিনিটা দিন অতিবাহিত কৰিব লাগিব। কিন্তু এই তিনি দিনত  তেওঁলোকে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব  নোৱাৰিব।

নৱ দম্পতিহালৰ বাবে শৌচ, পেচাব দুয়োটাই তিনি দিনলৈ নিষিদ্ধ থাকে। অন্যথা বিবাহৰ পৱিত্ৰতা নষ্ট হয় বুলি জনগোষ্ঠীটোৰ লোকসকলে বিশ্বাস কৰে।

এই নিয়ম ভংগ হ’লে বিয়াখন তেওঁলোকে অশুভ বুলি ধৰি লোৱা হয় আৰু তেনে পৰিস্থিতিত বিয়া ভাঙিও যাব পাৰে।



পৰম্পৰা ৰক্ষাৰ নামত তিনি দিন ধৰি শৌচ-পেচাব বন্ধ কৰি ৰখাৰ ফলত বহু সময়ত দৰা-কইনাৰ অসুস্থ হৈ পৰাও দেখা যায়।

জনগোষ্ঠীটোৰ লোকসকলে বিশ্বাস কৰে যে শৌচাগাৰত ঋণাত্মক শক্তি থাকে। দৰা-কইনাই বিয়াৰ তিনিদিনলৈ সেই ঋণাত্মক শক্তিৰ পৰা আঁতৰত থাকিব লাগিব।শৌচাগাৰলৈ গ’লে  নৱ দম্পতিহালৰ দেহলৈ  ঋণাত্মক শক্তি সোমাই আহিব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।সেইবাবেই তেওঁলোকক তিনি দিনৰ বাবে শৌচাগাৰলৈ যাবলৈ নিদি একেটা কোঠাতে আবদ্ধ কৰি ৰখা হয়।

ইণ্ডোনেছিয়াত এই পৰম্পৰা অতি  কঠোৰভাৱে পালন কৰা হয়। দৰা-কইনাক উক্ত তিনিটা দিনত  কমকৈ খাদ্য আৰু পানী খাবলৈ দিয়া হয়। যাতে তেওঁলোকে শৌচাগাৰলৈ যোৱাৰ প্ৰৱণতা অনুভৱ নকৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন