--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে টোপনি প্ৰয়োজনীয়। বিভিন্ন শাৰীৰিক কাম-কাজৰ সঠিক ব্যৱস্থাপনাৰ বাবেও টোপনি অতি প্ৰয়োজনীয়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিজন ব্যক্তিয়ে কমেও সাতৰ পৰা আঠ ঘণ্টা ধৰি গভীৰ টোপনি ল’ব লাগে। শেহতীয়াকৈ ছুইডেনত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে ৰাতি ৫ ঘন্টাতকৈ কম সময় শোৱে তেওঁলোকৰ পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সম্ভাৱনা ৭৪% বেছি। 

এই গৱেষণাৰ সময়ত গৱেষকসকলে জানিব পাৰিছে যে সমগ্ৰ বিশ্বতে প্ৰায় ২০ কোটি লোক পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সমস্যাত ভুগি আছে। এক বিবৃতি প্ৰকাশ কৰি এই গৱেষণাৰ সৈতে জড়িত গৱেষকসকলে কয় যে ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আৰু দিনত টোপনি যোৱাৰ বাবে পেৰিফেৰেল ধমনী ৰোগৰ লগতে ক’ৰ’নাৰী ধমনী ৰোগৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায়। গৱেষকসকলে এই কথাও জনাইছে যে পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সমস্যাত ভুগি থকা ৰোগীসকলে ৰাতি শোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ৫ ঘন্টাতকৈ কম সময় শোৱা মানুহৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি।

আনহাতে যিসকলৰ ৯ ঘন্টাতকৈ বেছি শুই থকাৰ অভ্যাস আছে, তেওঁলোকৰো ৰোগৰ আশংকা বহু বেছি। ৯ ঘণ্টাতকৈ অধিক সময় শোৱা লোকসকলৰ
মানসিক অৱসাদ, প্ৰজনন ক্ষমতা হ্ৰাস, মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যা, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।

গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে মুঠ ৭-৮ ঘণ্টা গভীৰ টোপনি যোৱাৰ পৰামৰ্শ দিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement