--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে টোপনি প্ৰয়োজনীয়। বিভিন্ন শাৰীৰিক কাম-কাজৰ সঠিক ব্যৱস্থাপনাৰ বাবেও টোপনি অতি প্ৰয়োজনীয়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিজন ব্যক্তিয়ে কমেও সাতৰ পৰা আঠ ঘণ্টা ধৰি গভীৰ টোপনি ল’ব লাগে। শেহতীয়াকৈ ছুইডেনত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল লোকে ৰাতি ৫ ঘন্টাতকৈ কম সময় শোৱে তেওঁলোকৰ পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সম্ভাৱনা ৭৪% বেছি। 

এই গৱেষণাৰ সময়ত গৱেষকসকলে জানিব পাৰিছে যে সমগ্ৰ বিশ্বতে প্ৰায় ২০ কোটি লোক পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সমস্যাত ভুগি আছে। এক বিবৃতি প্ৰকাশ কৰি এই গৱেষণাৰ সৈতে জড়িত গৱেষকসকলে কয় যে ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আৰু দিনত টোপনি যোৱাৰ বাবে পেৰিফেৰেল ধমনী ৰোগৰ লগতে ক’ৰ’নাৰী ধমনী ৰোগৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পায়। গৱেষকসকলে এই কথাও জনাইছে যে পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ সমস্যাত ভুগি থকা ৰোগীসকলে ৰাতি শোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ৫ ঘন্টাতকৈ কম সময় শোৱা মানুহৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি।

আনহাতে যিসকলৰ ৯ ঘন্টাতকৈ বেছি শুই থকাৰ অভ্যাস আছে, তেওঁলোকৰো ৰোগৰ আশংকা বহু বেছি। ৯ ঘণ্টাতকৈ অধিক সময় শোৱা লোকসকলৰ
মানসিক অৱসাদ, প্ৰজনন ক্ষমতা হ্ৰাস, মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যা, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।

গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে মুঠ ৭-৮ ঘণ্টা গভীৰ টোপনি যোৱাৰ পৰামৰ্শ দিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত