--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্নিকট '২৪ৰ লোকসভা নিৰ্বাচন৷মাজত আছে মাত্ৰ ৯০ দিনতকৈয়ো কম সময়৷কিন্তু গা লৰা নাই বিৰোধী মৰ্চাৰ অন্যতম গুৰুত্বপূৰ্ণ দল আম আদমী পাৰ্টীৰ৷অসমত অপৰিকল্পিতভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিকল্পনা কৰাৰ পাছত এইবাৰ দিল্লী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা স্বয়ং প্ৰস্তুত কৰিছে অৰবিন্দ কেজৰিৱালে৷২০১৯ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ আটাইকেইখন আসনত পৰাজিত হোৱা আম আদমী পাৰ্টীয়ে এইবাৰ কংগ্ৰেছক মাত্ৰ ৭ খনৰ এখন আসন এৰিবলৈহে ইচ্ছা প্ৰকাশ কৰিছে৷


আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা আলোচনাত উত্তেজনা বৃদ্ধি কৰি দিল্লীৰ লোকসভাৰ সাতখন আসনৰ ভিতৰত মাত্ৰ এখন আসন কংগ্ৰেছ দলক অফাৰ দিছে আম আদমী পাৰ্টীয়ে।বৰ্তমান দিল্লীত ক্ষমতাত থকা আপে ইণ্ডিয়া বিৰোধী ব্লকৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হৈ এখন আসন চূড়ান্ত ৰূপায়ণ কৰিছে৷


অৱশ্যে গ্ৰেণ্ড অল্ড পাৰ্টীটোক চুইপ কৰি আপৰ সাংসদ সন্দীপ পাঠকে কয়, “মেৰিট ভিত্তিত কংগ্ৰেছ দল দিল্লীত এখনো আসনৰ যোগ্য নহয় কিন্তু ‘মিত্ৰতাৰ ধৰ্ম’ৰ কথা মনত ৰাখি আমি তেওঁলোকক এখন আসনৰ প্ৰস্তাৱ দিছো।” পাঠকে কয় যে দিল্লীত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ আসন শূন্য।এমচিডি নিৰ্বাচনত কংগ্ৰেছে ২৫০খন আসনৰ ভিতৰত ৯খন আসন লাভ কৰিছে।


সূত্ৰ অনুসৰি, প্ৰাৰম্ভিক আলোচনাত দিল্লীত ৪:৩ আসন ভাগ-বতৰাৰ সূত্ৰৰ পৰামৰ্শ দিয়া হৈছিল, য’ত কংগ্ৰেছে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আপে তিনিখন আসন গ্ৰহণ কৰে। কিন্তু পাঠকৰ বক্তব্যই ইংগিত দিয়ে যে পক্ষসমূহে দুয়োপক্ষৰ বাবে সন্তোষজনক একমতত উপনীত হ’ব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement