--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ জড়িয়তে বিশ্বত ভাৰতৰ নাম উজলাবলৈ চেষ্টা অব্যাহত ৰখা ইছৰোই সোমবাৰে আৰু এটা নতুন খবৰ দিছে। ইছৰোই দিয়া খবৰ অনুসৰি চন্দ্ৰপৃষ্ঠত জঠৰ হৈ পৰি থকা   চন্দ্ৰযান-২ৰ  অৰ্বিটাৰ আৰু চন্দ্ৰযান-৩ মিছনৰ লেণ্ডাৰ মডিউলৰ মাজত দ্বিমুখী যোগাযোগ স্থাপন সম্ভৱ হৈ উঠিছে।

 চন্দ্ৰযান-২ এ' স্বাগতম, বন্ধু!  আদৰণি জনাইছো' বুলি চন্দ্ৰযান-৩ লৈ বাৰ্তা প্ৰেৰণ কৰিছে ।  দুয়ো খন যানৰ  মাজত দ্বিমুখী যোগাযোগ প্ৰতিষ্ঠা কৰাত ইছৰো সফল হোৱা বুলিও কোৱা হৈছে। চন্দ্ৰযান ৩ এ ২৩ আগষ্ট, ২০২৩ (বুধবাৰে) সন্ধিয়া  প্ৰায় ৬ বজাত  চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে।  

ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.০৪ বজাত এই অৱতৰণ হ’ব।   মহাকাশযানখন এতিয়া ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা মাত্ৰ সামান্য দূৰত আছে। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান ৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল  মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু