--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ মূৰত ভাঙি পৰিল আকাশী সৰগ। আজিৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল শ্বাহৰুখ-গৌৰীয়ে। তেওঁলোকৰ প্ৰিয় পুত্ৰ বন্দী হৈ আছে কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত। আজি সকলোৱে আশা কৰিছিল আজি মুকলি আকাশৰ তললৈ আহিব আৰিয়ান। পিছে সেয়া নহ’ল। পুনৰ খাৰিজ কৰা হ’ল আৰিয়ান খানৰ জামিন আবেদন। দীঘলীয়া প্ৰতীক্ষাৰ পাছত মুম্বাইৰ এখন বিশেষ আদালেত আৰিয়ান খানৰ জামিন আবেদন অগ্ৰাহ্য কৰিলে আৰু আৰিয়ান খানৰ কাৰাবাসৰ ম্যাদ অধিক বঢ়াই তুলিলে। পুনৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ অন্ধকাৰ কোঠাই হৈ পৰিল আৰিয়ানৰ গন্তব্য স্থান। মুম্বাইৰ এই কাৰাগাৰৰ ‘কয়দী নং ৯৫৬’য়েই হৈ থাকিব আৰিয়ানৰ পৰিচয়। কিন্তু কেতিয়া মুকলি হ’ব আৰিয়ান? কেতিয়া অন্ত পৰিব বাদশ্বাহ শ্বাহৰুখ আৰু বেগম গৌৰীৰ অধীৰ অপেক্ষাৰ?


২ অক্টোবৰত আৰিয়ান খানৰ ৰাজকীয় জীৱনলৈ নামি আহিছিল দুৰ্যোগ। এনচিবৰ হাতোঁৰাত বন্দী হৈছিল তেওঁ ৰাজকীয় জীৱনৰ স্বচ্ছন্দ গতি। মুম্বাইৰ প্ৰমোদ তৰীত অতৰ্কিতে অভিযান চলাই আৰিয়ানসহ আঠজনক আটক কৰিছিল নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে। তাৰ পিছদিনা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৮ অক্টোবৰত তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। কিয়নো অভিযোগ আছিল অতি গুৰুতৰ। ড্ৰাগছ সেৱন আৰু সৰবৰাহ কৰা বুলি অভিযোগ অনা হৈছিল আৰিয়ান খান আৰু তেওঁৰ সহযোগীকেইজনৰ বিৰুদ্ধে। এনচিবিয়ে তাৰো ঊৰ্ধ্বলৈ গৈ আদালতত অভিযোগ আনিছে ড্ৰাগছ সৰবৰাহকাৰী আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতেও সম্পৰ্ক আছে আৰিয়ান খানৰ।

আৰু পঢ়িব পাৰিব :  পত্নীৰ আঙুলিৰ ঠাৰত নাচিছে এনচিবিৰ বিষয়া; বলীউডত ব্যৰ্থতাৰ প্ৰতিশোধ ল’বলৈ গ্ৰেপ্তাৰ আৰিয়ানক

আৰিয়ান খানৰ জামিন লাভৰ বাট অধিক কষ্টকৰ

তেওঁৰ হোৱাটছএপ চাটৰ আট ধৰি এই তথ্য ড্ৰাগছবিৰোধী সংস্থাটোৱে লাভ কৰা বুলি অভিযোগ কৰিছে। এনে পৰিপ্ৰেক্ষিততে আৰিয়ান খানৰ জামিন লাভৰ বাট অধিক কষ্টকৰ হৈ পৰিছে। কেৱল আৰিয়ানেই নহয়, তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰা আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো বেইল নিদিলে আদালতে। আদালতত জামিনৰ শুনানিৰ সময়ত আজিও এনচিবি-এ অভিযোগ কৰিছে যে, আৰিয়ানে নিয়মীয়াকৈ গ্ৰহণ কৰিছিল ড্ৰাগছ।
কিন্তু এতিয়া কি হ’ব আৰিয়ানৰ? কিমান দিনলৈ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী হৈ থাকিব লাগিব বাদশ্বাহ তনয়?

এই প্ৰশ্নৰ এতিয়া কোনো নিশ্চিত উত্তৰ নাই। আৰিয়ানৰ অধিবক্তাই এতিয়া উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন জনাব যদিও কিমান দিনৰ ভিতৰত জামিন লাভ সম্ভৱ হয় সেয়া অনিশ্চিত হৈ পৰিল। এতিয়া অনিৰ্দিষ্ট কাললৈ বিচাৰাধীন অভিযুক্তৰ নাম ফলক লৈ আৰ্থাৰ ৰোড কাৰাগাৰতে দুৰ্বিসহ দিন কটাব লাগিব আৰিয়ান খানে। শ্বাহৰুখ গৌৰীৰ মৰমৰ পুত্ৰই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক