--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক, বিদ্ৰোহৰ মাজতে 'পাঠান'ৰ মুক্তিৰ দিনটোৰ কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে৷  মাজত প্ৰায়  ৪০ ঘণ্টা। তাৰ পিছতে  'পাঠান' ছবিঘৰলৈ  আহিব৷   'পাঠান'ৰ  মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে শ্বাহৰুখ খানৰ মুম্বাইস্থিত বাসভৱনৰ সন্মুখত হাজাৰ লোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিছে৷ সকলোৰে মাত্ৰ এটাই আশা মৰমৰ অভিনেতাজনে এবাৰ দৰ্শন দিব৷ 

প্ৰতি বছৰে  ঈদৰ সময়ত কিং খানে তেওঁৰ ঘৰৰ ছাদৰ পৰা অনুৰাগীক দৰ্শন দিয়ে৷ এইবাৰ শ্বাহৰুখ খানে যেন অবতৰত অনুৰাগীৰ দৰ্শন দিলে৷  এছআৰকেই  আজিকালি টুইটাৰত অনুৰাগীসকলৰ সৈতে প্ৰায়ে 'আস্ক মি এনিথিং' অনুষ্ঠানত ভাগ লোৱা দেখা গৈছে। এইবাৰ অনুৰাগীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ পুনৰ ঘৰৰ ছাদৰ পৰাই  অনুৰাগীসকলক দৰ্শন দিলে। শ্বাহৰুখৰ অনুৰাগীসকলে মান্নাটৰ বাহিৰত একত্ৰিত হৈছিল।দেওবাৰে নিশা অনুৰাগীসকলক আচৰিত কৰি শ্বাহৰুখ খান ঘৰৰ ছাদলৈ ওলাই আহিল আৰু হাত জোকাৰি অনুৰাগীসকলক অভিবাদন জনালে৷ 




সেই সময়ত তেওঁৰ মুখত আছিল সেই চিৰ পৰিচিত  হাঁহিটো। শ্বাহৰুখক চাবলৈ ভিৰ উপচি পৰিছিল৷ এছ.আৰ.কে.-য়ে তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত অনুৰাগীসকলক বহু সময় ধৰি ৰখাই থোৱাৰ বাবে ক্ষমা বিচাৰিছে। উল্লেখ্য চাৰি বছৰৰ পিছত ৰূপালী  পৰ্দালৈ উভতি আহিছে কিং খান৷জানিব পৰা মতে প্ৰথম দিনাই 'পাঠান' চাবলৈ এতিয়ালৈকে ২ লাখ টিকট বিক্ৰী  হৈছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি  ইতিমধ্যে প্ৰায় ৩৫ কোটি টকাৰ টিকট বিক্ৰী হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক