--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক, বিদ্ৰোহৰ মাজতে 'পাঠান'ৰ মুক্তিৰ দিনটোৰ কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে৷  মাজত প্ৰায়  ৪০ ঘণ্টা। তাৰ পিছতে  'পাঠান' ছবিঘৰলৈ  আহিব৷   'পাঠান'ৰ  মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে শ্বাহৰুখ খানৰ মুম্বাইস্থিত বাসভৱনৰ সন্মুখত হাজাৰ লোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিছে৷ সকলোৰে মাত্ৰ এটাই আশা মৰমৰ অভিনেতাজনে এবাৰ দৰ্শন দিব৷ 

প্ৰতি বছৰে  ঈদৰ সময়ত কিং খানে তেওঁৰ ঘৰৰ ছাদৰ পৰা অনুৰাগীক দৰ্শন দিয়ে৷ এইবাৰ শ্বাহৰুখ খানে যেন অবতৰত অনুৰাগীৰ দৰ্শন দিলে৷  এছআৰকেই  আজিকালি টুইটাৰত অনুৰাগীসকলৰ সৈতে প্ৰায়ে 'আস্ক মি এনিথিং' অনুষ্ঠানত ভাগ লোৱা দেখা গৈছে। এইবাৰ অনুৰাগীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ পুনৰ ঘৰৰ ছাদৰ পৰাই  অনুৰাগীসকলক দৰ্শন দিলে। শ্বাহৰুখৰ অনুৰাগীসকলে মান্নাটৰ বাহিৰত একত্ৰিত হৈছিল।দেওবাৰে নিশা অনুৰাগীসকলক আচৰিত কৰি শ্বাহৰুখ খান ঘৰৰ ছাদলৈ ওলাই আহিল আৰু হাত জোকাৰি অনুৰাগীসকলক অভিবাদন জনালে৷ 




সেই সময়ত তেওঁৰ মুখত আছিল সেই চিৰ পৰিচিত  হাঁহিটো। শ্বাহৰুখক চাবলৈ ভিৰ উপচি পৰিছিল৷ এছ.আৰ.কে.-য়ে তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত অনুৰাগীসকলক বহু সময় ধৰি ৰখাই থোৱাৰ বাবে ক্ষমা বিচাৰিছে। উল্লেখ্য চাৰি বছৰৰ পিছত ৰূপালী  পৰ্দালৈ উভতি আহিছে কিং খান৷জানিব পৰা মতে প্ৰথম দিনাই 'পাঠান' চাবলৈ এতিয়ালৈকে ২ লাখ টিকট বিক্ৰী  হৈছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি  ইতিমধ্যে প্ৰায় ৩৫ কোটি টকাৰ টিকট বিক্ৰী হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু