--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰকাশ সিং। অৱশ্যে, বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ব্যক্তিগত দেহৰক্ষী প্ৰকাশ সকলোৰে মাজত  চনু সিং বুলিয়েই  পৰিচিত। বিৰাট কোহলী আৰু অনুষ্কাৰ সৈতে পৰিচিত লোকসকলে জানে যে বিৰুষ্কাই চনুক পৰিয়ালৰ এজন সদস্য হিচাপেই ভাবে৷  আনকি চিনেমাৰ ছেটতো  অভিনেত্ৰীগৰাকীয়ে চনুক তেওঁৰ ওচৰতে ৰাখে। শেহতীয়াকৈ চনুৰ দৰমহাৰ পৰিমাণ প্ৰকাশ পাইছে৷  হৈছে। বহুতে তেওঁৰ দৰমহাৰ পৰিমাণ  দেখি আচৰিত হৈ পৰিছে৷ 


সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি  বিৰাট-অনুষ্কাৰ দেহৰক্ষী চনু সিঙে  বছৰি ১.২০ কোটি টকা উপাৰ্জন কৰে। চনুৱে প্ৰতি মাহে ১০ লাখ টকা দৰমহা হিচাবে লাভ কৰে। চনু সিঙৰ দৰমহাৰ এই পৰিমাণ জনাৰ পিছত বহুতে কৈছে  যে বিৰুষ্কাৰ দেহৰক্ষীৰ বাৰ্ষিক উপাৰ্জন বহু  বাণিজ্যিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপাৰ্জনতকৈও বেছি৷  জনপ্ৰিয় তাৰকাসকলৰ চাৰিওফালে সৃষ্টি হোৱা ভিৰৰ মাজত তেওঁলোকক যাতে কোনেও ক্ষতি কৰিব নোৱাৰে সেয়া   নিশ্চিত কৰিবলৈয়েই দেহৰক্ষীৰ ৰাখে  ।

 অনুষ্কা আৰু বিৰাট ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰিকেটৰ 'পাৱাৰ কাপল'। তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। ইয়াৰ বাহিৰেও তেওঁলোক দুয়োজনে সদায় তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বহু কথা  সংবাদ মাধ্যমৰ চকুৰ আঁৰত ৰাখি আহিছে। বিৰুষ্কাৰ জীয়ৰী ভামিকাৰ ছবি  আজিলৈকে সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।উল্লখ্য যে চনু সিঙে অনুষ্কাৰ  বিয়াৰ আগৰে পৰাই তেওঁৰ   ব্যক্তিগত দেহৰক্ষী হিচাপে কাম কৰি আহিছে। এতিয়া অৱশ্যে, তেওঁ বিৰাটৰো  নিৰাপত্তাৰ দায়িত্বত আছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement