--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰকাশ সিং। অৱশ্যে, বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ব্যক্তিগত দেহৰক্ষী প্ৰকাশ সকলোৰে মাজত  চনু সিং বুলিয়েই  পৰিচিত। বিৰাট কোহলী আৰু অনুষ্কাৰ সৈতে পৰিচিত লোকসকলে জানে যে বিৰুষ্কাই চনুক পৰিয়ালৰ এজন সদস্য হিচাপেই ভাবে৷  আনকি চিনেমাৰ ছেটতো  অভিনেত্ৰীগৰাকীয়ে চনুক তেওঁৰ ওচৰতে ৰাখে। শেহতীয়াকৈ চনুৰ দৰমহাৰ পৰিমাণ প্ৰকাশ পাইছে৷  হৈছে। বহুতে তেওঁৰ দৰমহাৰ পৰিমাণ  দেখি আচৰিত হৈ পৰিছে৷ 


সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি  বিৰাট-অনুষ্কাৰ দেহৰক্ষী চনু সিঙে  বছৰি ১.২০ কোটি টকা উপাৰ্জন কৰে। চনুৱে প্ৰতি মাহে ১০ লাখ টকা দৰমহা হিচাবে লাভ কৰে। চনু সিঙৰ দৰমহাৰ এই পৰিমাণ জনাৰ পিছত বহুতে কৈছে  যে বিৰুষ্কাৰ দেহৰক্ষীৰ বাৰ্ষিক উপাৰ্জন বহু  বাণিজ্যিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপাৰ্জনতকৈও বেছি৷  জনপ্ৰিয় তাৰকাসকলৰ চাৰিওফালে সৃষ্টি হোৱা ভিৰৰ মাজত তেওঁলোকক যাতে কোনেও ক্ষতি কৰিব নোৱাৰে সেয়া   নিশ্চিত কৰিবলৈয়েই দেহৰক্ষীৰ ৰাখে  ।

 অনুষ্কা আৰু বিৰাট ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰিকেটৰ 'পাৱাৰ কাপল'। তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। ইয়াৰ বাহিৰেও তেওঁলোক দুয়োজনে সদায় তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বহু কথা  সংবাদ মাধ্যমৰ চকুৰ আঁৰত ৰাখি আহিছে। বিৰুষ্কাৰ জীয়ৰী ভামিকাৰ ছবি  আজিলৈকে সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।উল্লখ্য যে চনু সিঙে অনুষ্কাৰ  বিয়াৰ আগৰে পৰাই তেওঁৰ   ব্যক্তিগত দেহৰক্ষী হিচাপে কাম কৰি আহিছে। এতিয়া অৱশ্যে, তেওঁ বিৰাটৰো  নিৰাপত্তাৰ দায়িত্বত আছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু