--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খানৰ মালিকানাধীন ‘মন্নত’ নামৰ বোম্বাইত থিয় হৈ থকা আড়ম্বৰপূৰ্ণ অট্টালিকাৰ কথা সকলোৱে জানে?বলীউডৰ ছুপাৰষ্টাৰ এছআৰকেৰ এটা সপোন আছিল নিজাকৈ এটা ঘৰ লাভ কৰাৰ, সেয়া তেওঁ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে পূৰণ কৰিলে। তেওঁৰ সততা আৰু মানৱীয়তাই তেওঁক সংজ্ঞায়িত কৰে।

ছুপাৰষ্টাৰ হোৱাৰ বাবে এছআৰকে-এ কেতিয়াও নিজৰ ল’ৰা-ছোৱালীক অৱহেলা কৰা নাই। তেওঁ আৰু তেওঁৰ পত্নী গৌৰী খানে নিজৰ ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা আৰু লালন-পালন দিছে, আৰু শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোৱেও ইয়াৰ প্ৰমাণ দিছে। 

বহু আগতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা সাক্ষাৎকাৰত শ্বাহৰূখ খানে নিজৰ ঘৰ মান্নাত ভ্ৰমণ কৰিছিল। সেই ভিডিঅ’ ক্লিপটো আকৌ এবাৰ ভাইৰেল হৈ পৰিছে। ক্লিপটোত এজন যুৱক আৰিয়ান খান আৰু চুহানা খানকো ইফালে সিফালে ঘূৰি ফুৰা দেখা গৈছে। এই বিষয়ে কথা পাতি থাকোঁতে এছআৰকে-এ কোৱা শুনা গৈছে, “জীৱনত কৰা এটা কঠিন কাম হ’ল এই ঘৰটো কিনা। পৃথিৱীৰ ক’তো মোৰ ঘৰ নাই৷ মা-দেউতাৰ মৃত্যুৰ বাবে মোৰ ঘৰ নাছিল৷ মই সদায় এটা ঘৰ বিচাৰিছিলোঁ। মোৰ ল’ৰা-ছোৱালী হ’ত এই ঘৰটো পাইছিলোঁ৷”

মান্নাতৰ ভিতৰত কেইটামান নিয়ম আছে যে এছ আৰ কে ঘৰৰ ভিতৰত থাকিলে ফোন কৰিব নোৱাৰে, যাৰ বাবে তেওঁক বাথৰুমত বা ইয়াত-তাত ফোন কৰি থকা দেখা যায়। ভিডিঅ’টোত দেখা গৈছে এজন যুৱক আৰিয়ান খান আৰু চুহানা খানক। যেতিয়া আৰিয়ানে কৈছিল, “‘মুঝে গায়ত্ৰী মন্ত্ৰ...’” তাৰ মাজত হস্তক্ষেপ কৰি এছ আৰ কে-এ কৈছিল, “‘ইস্কো গায়ত্ৰী মন্ত্ৰ আতা হায় পূৰা। মেইন পূজা য়েহ হি কাৰেগা’।”শ্বাহৰূখ খানে লগতে কয় যে, “শিশুসকলে ঈশ্বৰৰ মূল্যৰ বিষয়ে জনা উচিত, সেয়া হিন্দু ঈশ্বৰ হওক বা মুছলমান ঈশ্বৰ। গতিকে গণেশ আৰু লক্ষ্মীৰ কাষত আমাৰ তাত কোৰানো আছে। এই পৰিৱেশে মোক অতি আৱেগিক অনুভৱ কৰায় য’ত মই মোৰ ল’ৰা-ছোৱালীক কিবা এটা শিকাইছো যিটো ময়ো ভালদৰে নাজানো। মই ধৰ্মৰ ডাঙৰ অনুগামী নহয়। মই আল্লাহক অতি দৃঢ়ভাৱে বিশ্বাস কৰোঁ। কিন্তু মোক কেতিয়াও মাক-দেউতাই দিনটোত ৫ বাৰ নমাজ পঢ়িবলৈ বাধ্য কৰা নাই।”








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু