--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতত কেৰিয়াৰ আৰম্ভ কৰি সফলতাৰ জখলা বগাই যোৱাৰ মাজতে বলিউডৰ কেইবাগৰাকীও তাৰকাই ফ্লপ ছবিতো অভিনয় কৰিছিল। সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো তেওঁলোকৰ কেৰিয়াৰত ফ্লপ ছৱি সংযোজিত হৈছে। এইসকল অভিনেতাৰ তালিকাত আছে জীতেন্দ্ৰ, ধৰ্মেন্দ্ৰ, বিনোদ খান্না, অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰৰ দৰে তাৰকা।

বলিউডৰ সূত্ৰ অনুসৰি কেৰিয়াৰত কম সংখ্যক ফ্লপত অভিনয় কৰা দুজন অভিনেতা আছে। প্ৰথম স্থানত আছে শ্বাহৰুখ খানৰ নাম। শ্বাহৰুখে কেৰিয়াৰত মুঠ ২৪খন ফ্লপ ছৱিত অভিনয় কৰিছিল। ৰাজ কাপুৰৰ আছে শ্বাহৰুখৰ পাছতে। ৰাজে নিজৰ কেৰিয়াৰত মুঠ ২৯খন ফ্লপ ছৱিত অভিনয় কৰিছিল।

কিন্তু বলীউডৰ এজন অভিনেতাই কেৰিয়াৰত সৰ্বাধিক ফ্লপ ছৱিত অভিনয় কৰিছে। প্ৰায়বোৰ ফ্লপ ছবিত অভিনয় কৰাৰ পিছতো বলীউডৰ ছুপাৰষ্টাৰ হিচাপে পৰিচিত আছিল অভিনেতাগৰাকী। তেওঁ হৈছে মিথুন চক্ৰৱৰ্তী। মিথুনে নিজৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত ৫০খন ছবিহে বক্স অফিচত ছুপাৰহিট হৈ পৰিছিল। কিন্তু দৰ্শকক সৰ্বাধিক ছুপাৰহিট ছবি প্ৰদান কৰা বলীউডৰ চতুৰ্থজন অভিনেতা মিথুন। কিন্তু মিথুনৰ কেৰিয়াৰত ফ্লপৰ সংখ্যা কম নহয়। নব্বৈৰ দশকত ইখনৰ পিছত সিখন ফ্লপ ছবিত অভিনয় কৰিছিল। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে এই পাঁচ বছৰীয়া সময়ছোৱাত মিথুনে একেৰাহে ৩৩খন ছবিত অভিনয় কৰিছিল। এই আটাইকেইখন ছবি ফ্লপ হোৱা বুলি বলীউডৰ সূত্ৰই প্ৰকাশ কৰিছে। মিথুনে তেওঁৰ সমগ্ৰ কেৰিয়াৰত মুঠ ১৮০টা ফ্লপত অভিনয় কৰিছিল।

ফ্লপ ছবিৰ তালিকাত ১০০ নম্বৰ অতিক্ৰম কৰিছিল বলীউডৰ আন এগৰাকী অভিনেতাই। বেছিভাগ ফ্লপ ছৱিত অভিনয় কৰা বলীউড অভিনেতাৰ তালিকাত দ্বিতীয় স্থানত আছে জীতেন্দ্ৰ। জীতেন্দ্ৰই নিজৰ কেৰিয়াৰত মুঠ ১০৬খন ফ্লপ ছৱিত অভিনয় কৰিছিল।

জীতেন্দ্ৰৰ পিছতে এই তালিকাত আছে ধৰ্মেন্দ্ৰ। অভিনয় জীৱনত মুঠ ৯৯খন ফ্লপ ছবিত অভিনয় কৰিছিল। ইয়াৰ পিছত ঋষি কাপুৰ আৰু গোবিন্দৰ নাম। ঋষিয়ে নিজৰ কেৰিয়াৰত ৭৬খন ফ্লপ ছৱিত অভিনয় কৰাৰ লগতে গোবিন্দে কেৰিয়াৰত মুঠ ৭৫খন ফ্লপ ছৱিত অভিনয় কৰিছে।

 আনহাতে , সুদীৰ্ঘ কেৰিয়াৰত অমিতাভ বচ্চনে ৬৮খন  আৰু সঞ্জয় দত্তই মুঠ ৭০খন ফ্লপ ছৱিত অভিনয় কৰিছে। সূত্ৰ অনুসৰি বিনোদ খান্নাই নিজৰ কেৰিয়াৰত মুঠ ৬৪খন ফ্লপ ছবিত অভিনয় কৰিছে। অক্ষয় কুমাৰ আৰু ৰাজেশ খান্নাই ৫০টাতকৈ অধিক ফ্লপ ছৱিৰ সৈতে শীৰ্ষ দহৰ ভিতৰত আছে। অক্ষয়ে ৫৭খন আৰু ৰাজেশে ৫৫খন ফ্লপ ছৱিত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু