--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতত কেৰিয়াৰ আৰম্ভ কৰি সফলতাৰ জখলা বগাই যোৱাৰ মাজতে বলিউডৰ কেইবাগৰাকীও তাৰকাই ফ্লপ ছবিতো অভিনয় কৰিছিল। সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো তেওঁলোকৰ কেৰিয়াৰত ফ্লপ ছৱি সংযোজিত হৈছে। এইসকল অভিনেতাৰ তালিকাত আছে জীতেন্দ্ৰ, ধৰ্মেন্দ্ৰ, বিনোদ খান্না, অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰৰ দৰে তাৰকা।

বলিউডৰ সূত্ৰ অনুসৰি কেৰিয়াৰত কম সংখ্যক ফ্লপত অভিনয় কৰা দুজন অভিনেতা আছে। প্ৰথম স্থানত আছে শ্বাহৰুখ খানৰ নাম। শ্বাহৰুখে কেৰিয়াৰত মুঠ ২৪খন ফ্লপ ছৱিত অভিনয় কৰিছিল। ৰাজ কাপুৰৰ আছে শ্বাহৰুখৰ পাছতে। ৰাজে নিজৰ কেৰিয়াৰত মুঠ ২৯খন ফ্লপ ছৱিত অভিনয় কৰিছিল।

কিন্তু বলীউডৰ এজন অভিনেতাই কেৰিয়াৰত সৰ্বাধিক ফ্লপ ছৱিত অভিনয় কৰিছে। প্ৰায়বোৰ ফ্লপ ছবিত অভিনয় কৰাৰ পিছতো বলীউডৰ ছুপাৰষ্টাৰ হিচাপে পৰিচিত আছিল অভিনেতাগৰাকী। তেওঁ হৈছে মিথুন চক্ৰৱৰ্তী। মিথুনে নিজৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত ৫০খন ছবিহে বক্স অফিচত ছুপাৰহিট হৈ পৰিছিল। কিন্তু দৰ্শকক সৰ্বাধিক ছুপাৰহিট ছবি প্ৰদান কৰা বলীউডৰ চতুৰ্থজন অভিনেতা মিথুন। কিন্তু মিথুনৰ কেৰিয়াৰত ফ্লপৰ সংখ্যা কম নহয়। নব্বৈৰ দশকত ইখনৰ পিছত সিখন ফ্লপ ছবিত অভিনয় কৰিছিল। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে এই পাঁচ বছৰীয়া সময়ছোৱাত মিথুনে একেৰাহে ৩৩খন ছবিত অভিনয় কৰিছিল। এই আটাইকেইখন ছবি ফ্লপ হোৱা বুলি বলীউডৰ সূত্ৰই প্ৰকাশ কৰিছে। মিথুনে তেওঁৰ সমগ্ৰ কেৰিয়াৰত মুঠ ১৮০টা ফ্লপত অভিনয় কৰিছিল।

ফ্লপ ছবিৰ তালিকাত ১০০ নম্বৰ অতিক্ৰম কৰিছিল বলীউডৰ আন এগৰাকী অভিনেতাই। বেছিভাগ ফ্লপ ছৱিত অভিনয় কৰা বলীউড অভিনেতাৰ তালিকাত দ্বিতীয় স্থানত আছে জীতেন্দ্ৰ। জীতেন্দ্ৰই নিজৰ কেৰিয়াৰত মুঠ ১০৬খন ফ্লপ ছৱিত অভিনয় কৰিছিল।

জীতেন্দ্ৰৰ পিছতে এই তালিকাত আছে ধৰ্মেন্দ্ৰ। অভিনয় জীৱনত মুঠ ৯৯খন ফ্লপ ছবিত অভিনয় কৰিছিল। ইয়াৰ পিছত ঋষি কাপুৰ আৰু গোবিন্দৰ নাম। ঋষিয়ে নিজৰ কেৰিয়াৰত ৭৬খন ফ্লপ ছৱিত অভিনয় কৰাৰ লগতে গোবিন্দে কেৰিয়াৰত মুঠ ৭৫খন ফ্লপ ছৱিত অভিনয় কৰিছে।

 আনহাতে , সুদীৰ্ঘ কেৰিয়াৰত অমিতাভ বচ্চনে ৬৮খন  আৰু সঞ্জয় দত্তই মুঠ ৭০খন ফ্লপ ছৱিত অভিনয় কৰিছে। সূত্ৰ অনুসৰি বিনোদ খান্নাই নিজৰ কেৰিয়াৰত মুঠ ৬৪খন ফ্লপ ছবিত অভিনয় কৰিছে। অক্ষয় কুমাৰ আৰু ৰাজেশ খান্নাই ৫০টাতকৈ অধিক ফ্লপ ছৱিৰ সৈতে শীৰ্ষ দহৰ ভিতৰত আছে। অক্ষয়ে ৫৭খন আৰু ৰাজেশে ৫৫খন ফ্লপ ছৱিত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ