--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিং খ্যাত শ্বাহৰূখ খানে নিজৰ গীতৰ তালে তালে নচুৱালে ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা বিৰাট কোহলীক৷ক’লকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কেকেআৰৰ মাজৰ খেলখনত তাৰকা হিচাপে পৰিগণিত হৈছিল ছুপাৰষ্টাৰ শ্বাহৰূখ খান। ৬এপ্ৰিলত অনুষ্ঠিত হোৱা খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক ৮১ ৰানত পৰাস্ত কৰি ছুপাৰষ্টাৰগৰাকীক উদযাপনৰ সুযোগ দিলে কলকাতা নাইট ৰাইডাৰ্ছে।উল্লেখযোগ্য যে শ্বাহৰূখ খান IPLৰ অন্যতম গুৰুত্বপূৰ্ণ দল কলকাতা নাইট ৰাইডাৰ্ছৰ স্বতাধিকাৰী৷

এতিয়া ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীক স্নেহেৰে ওপচাই পেলোৱা শ্বাহৰূখ খানক লৈ ইণ্টাৰনেটত এক হুলস্থূলীয়া পৰিৱেশৰ অৱতাৰণা হৈছে৷

খেলৰ ফলাফলৰ পিছত ছ’চিয়েল মিডিয়াত শ্বাহৰূখ খান আৰু বিৰাট কোহলীৰ অনুৰাগীৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছিল যদিও অভিনেতাগৰাকীয়ে "ঝুমে জো পাঠান" শীৰ্ষক গীতটিত কোহলীৰ সৈতে ভৰি জোকাৰি নাচি থকা দেখা গৈছে।ভিডিঅ’টিত কোহলীক শ্বাহৰূখ খানে নৃত্য শিকাই থকাও পৰিলক্ষিত হৈছে৷

মেচখনৰ সময়ত শ্বাহৰূখ খানৰ সৈতে আছিল তেওঁৰ কন্যা চুহানা খান আৰু তেওঁৰ বন্ধু শনয়া কাপুৰ।পিন্ধনত আছিল শ্বাহৰূখৰ শৰীৰত এটা ক’লা হুডি আৰু এটা ক’লা ডেনিম৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে