--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিং খ্যাত শ্বাহৰূখ খানে নিজৰ গীতৰ তালে তালে নচুৱালে ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা বিৰাট কোহলীক৷ক’লকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কেকেআৰৰ মাজৰ খেলখনত তাৰকা হিচাপে পৰিগণিত হৈছিল ছুপাৰষ্টাৰ শ্বাহৰূখ খান। ৬এপ্ৰিলত অনুষ্ঠিত হোৱা খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক ৮১ ৰানত পৰাস্ত কৰি ছুপাৰষ্টাৰগৰাকীক উদযাপনৰ সুযোগ দিলে কলকাতা নাইট ৰাইডাৰ্ছে।উল্লেখযোগ্য যে শ্বাহৰূখ খান IPLৰ অন্যতম গুৰুত্বপূৰ্ণ দল কলকাতা নাইট ৰাইডাৰ্ছৰ স্বতাধিকাৰী৷

এতিয়া ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীক স্নেহেৰে ওপচাই পেলোৱা শ্বাহৰূখ খানক লৈ ইণ্টাৰনেটত এক হুলস্থূলীয়া পৰিৱেশৰ অৱতাৰণা হৈছে৷

খেলৰ ফলাফলৰ পিছত ছ’চিয়েল মিডিয়াত শ্বাহৰূখ খান আৰু বিৰাট কোহলীৰ অনুৰাগীৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছিল যদিও অভিনেতাগৰাকীয়ে "ঝুমে জো পাঠান" শীৰ্ষক গীতটিত কোহলীৰ সৈতে ভৰি জোকাৰি নাচি থকা দেখা গৈছে।ভিডিঅ’টিত কোহলীক শ্বাহৰূখ খানে নৃত্য শিকাই থকাও পৰিলক্ষিত হৈছে৷

মেচখনৰ সময়ত শ্বাহৰূখ খানৰ সৈতে আছিল তেওঁৰ কন্যা চুহানা খান আৰু তেওঁৰ বন্ধু শনয়া কাপুৰ।পিন্ধনত আছিল শ্বাহৰূখৰ শৰীৰত এটা ক’লা হুডি আৰু এটা ক’লা ডেনিম৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ