--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিয়ান পৰাগ,অসম ক্ৰিকেটৰ অন্যতম এটি উজ্জ্বল নক্ষত্ৰ৷বৰ্তমান এইজন ৰিয়ানৰ ওপৰতেই দৃষ্টি নিবদ্ধ হৈ আছে৷কাইলৈ অৰ্থাৎ ৮ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেলখনত দেখা পোৱা যাব ৰিয়ানক৷

পূৰ্ব অসম ক্ৰিকেটাৰ পৰাগ দাস আৰু প্ৰাক্তন সাতোঁৰবিদ মিঠু বৰুৱাৰ সন্তান ৰিয়ান পৰাগ৷ৰিয়ান পৰাগৰ নামত ইতিমধ্যে আছে IPL ইতিহাসৰ সৰ্বকণিষ্ঠ খেলুৱৈ হিচাপে কৰা অৰ্ধশতকৰ ৰেকৰ্ড৷১৭বছৰ ১৭৫দিনত এই ৰেকৰ্ডৰ অভিলেখ আছে ৰিয়ানৰ নামত৷

যোৱা ৫ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা আইপিএল মেচত খেল প্ৰদৰ্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ হাইভল্টেজ মেচখনত বেটিঙ কৌশল আৰু ফিল্ডিঙেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে ৰিয়ান পৰাগে৷

খেলখনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছে টছ জিকি বলিঙৰ সিদ্ধান্ত লয়,ফিল্ডিঙৰ জৰিয়তে ৰিয়ান পৰাগে পঞ্জাব কিংছৰ বেটছমেন জিতেশ শৰ্মাৰ কেচ ধৰে৷তাৰ পৰৱৰ্তী সময়ত ৰিয়ানে পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনৰ বেটৰ পৰা ওলোৱা এটা শক্তিশালী শ্ব’ট বচাবলৈ সক্ষম হয়৷

২০অভাৰত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ সন্মুখত ১৯৮ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷

সেই লক্ষ্য অণুসৰণ কৰি বেটিঙৰ পাল পৰাত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ ১২টা বলত ২০ৰাণ সংগ্ৰহ কৰে য’ত ১টা ফ’ৰ আৰু ২টা ছিক্স সন্নিৱিষ্ট আছিল৷

উল্লেখযোগ্য যে,পঞ্জাব কিংছৰ ব’লাৰ নাথান এলিছৰ বলত ৰিয়ান পৰাগ অৱশেষত আউট হয়৷এটা বাউঞ্চাৰৰ প্ৰত্যুত্তৰ বেটেৰে দিবলৈ গৈ পঞ্জাব কিংছৰ ফিল্ডাৰ শ্বাহৰূখ খানৰ হাতত কেচ আউট হয়৷

৫ এপ্ৰিলৰ খেলখনত ৰিয়ানৰ প্ৰদৰ্শন সন্তোষজনক নাছিল যদিও ৮ এপ্ৰিলত ৰিয়ানৰ প্ৰদৰ্শন উন্নত হ’ব বুলি ক্ৰীড়াপ্ৰেমীসকল আশাবাদী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক