--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ বছৰ আগতে কলম্বিয়াৰ বাৰাংকুইলাত জন্ম হৈছিল ছাকিৰা ইছাবেল মেবাৰক ৰিপল ওৰফে শ্বাকিৰাৰ। চাৰি দশকৰ অন্তত জন্মভূমিৰ পৰা অনন্য সন্মান লাভ কৰিলে বিখ্যাত সংগীতজ্ঞগৰাকীয়ে।

শ্বাকিৰাই নিজকে ‘লেটিন সংগীতৰ ৰাণী’ হিচাপে প্ৰতিষ্ঠা কৰিছে। গান গোৱাৰ লগতে নৃত্যতো তেওঁ সমানেই পাকৈত। কলম্বিয়াৰ বাৰাংকুইলাত তেওঁৰ এটা বিশেষ নৃত্য শৈলী অনুকৰণ কৰি তেওঁৰ এটা মূৰ্তি স্থাপন কৰা হৈছে।

মঙলবাৰে মাগদলেনা নদীৰ পাৰৰ এখন উদ্যানত স্থাপন কৰা হয় ছাকিৰাৰ এটা বিশাল প্ৰতিমূৰ্তি। গোটেই মূৰ্তিটো তামৰে তৈয়াৰ কৰা হৈছে। তামৰ দ্বাৰা নিৰ্মিত শ্বাকিৰা প্ৰতিমূৰ্তিটোৰ উচ্চতা ২১.৩ ফুট বা প্ৰায় সাড়ে ছয় মিটাৰ। শ্বাকিৰাই নিজেই নিজৰ ছ’চিয়েল মিডিয়া পেজত মূৰ্তি উত্থানৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰে।

‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত খবৰ অনুসৰি ছাকিৰাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আঁৰত আছে ইনো মাৰ্কেজ নামৰ এজন শিল্পী। শ্বাকিৰাই নিজৰ এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) প্ৰতিমূৰ্তিটোৰ ছবি পোষ্ট কৰি ইনোক ধন্যবাদ জনায়। ইনোৰ উপৰিও শিল্পীগৰাকীয়ে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কামত জড়িত স্থানীয় কলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

মঙলবাৰে ছাকিৰাৰ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানত উপস্থিত থাকে ছাকিৰাৰ পিতৃ-মাতৃ আৰু ভাতৃ। ইয়াৰ উপৰিও চিটিৰ মেয়ৰ জেমী পুমাৰেজো তাত আছিল।

২০০৫ চনত ছাকিৰাই ‘হিপছ ডন’ট লাই’ নামৰ এটা পপ গীত মুকলি কৰে। মুক্তিৰ পিছত এই গীতটি জনপ্ৰিয় হৈ পৰে। ‘হিপছ ডন’ট লাই’ গোৱাৰ উপৰিও ছাকিৰাক ইয়াৰ মিউজিক ভিডিঅ’টোত নৃত্য কৰাও দেখা যায়। ‘হিপ শ্বেকিং’ নামৰ বিশেষ ভংগীমাত নিজৰ গীতৰ লগতে নৃত্য কৰে ছাকিৰাই। ছাকিৰা মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই ‘হিপ শ্বেকিং’ নামৰ এক বিশেষ নৃত্যৰ প্ৰশিক্ষণ লৈ আহিছে।

‘হিপছ ডন’ট লাই’ গীতটোৰ দৃশ্যৰ পৰা এটা বিশেষ ভংগীমা অনুকৰণ কৰি ইনোৱে এই তামৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল। একাধিক ছবি পোষ্ট কৰাৰ উপৰিও ছাকিৰাই মাত্ৰুভূমিকো ধন্যবাদ জনায়। ছবিখন পোষ্ট কৰি শ্বাকিৰাই কেপচনত লিখিছে, “কলম্বিয়াৰ মহিলাসকলক দিয়া সন্মানে মোক ইমানেই চুই গৈছে।”

ছাকিৰাৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত মেয়ৰ জেমীয়ে কয় যে এই (ছাকিৰা) প্ৰতিমূৰ্তিই লাখ লাখ মহিলালৈ বাৰ্তা প্ৰেৰণ কৰে যে তেওঁলোকে যিকোনো কাম কৰিব পাৰে। নিজৰ সপোন দেখাৰ পিছত নাৰীয়ে সেই সপোন পূৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক