--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ বছৰ আগতে কলম্বিয়াৰ বাৰাংকুইলাত জন্ম হৈছিল ছাকিৰা ইছাবেল মেবাৰক ৰিপল ওৰফে শ্বাকিৰাৰ। চাৰি দশকৰ অন্তত জন্মভূমিৰ পৰা অনন্য সন্মান লাভ কৰিলে বিখ্যাত সংগীতজ্ঞগৰাকীয়ে।

শ্বাকিৰাই নিজকে ‘লেটিন সংগীতৰ ৰাণী’ হিচাপে প্ৰতিষ্ঠা কৰিছে। গান গোৱাৰ লগতে নৃত্যতো তেওঁ সমানেই পাকৈত। কলম্বিয়াৰ বাৰাংকুইলাত তেওঁৰ এটা বিশেষ নৃত্য শৈলী অনুকৰণ কৰি তেওঁৰ এটা মূৰ্তি স্থাপন কৰা হৈছে।

মঙলবাৰে মাগদলেনা নদীৰ পাৰৰ এখন উদ্যানত স্থাপন কৰা হয় ছাকিৰাৰ এটা বিশাল প্ৰতিমূৰ্তি। গোটেই মূৰ্তিটো তামৰে তৈয়াৰ কৰা হৈছে। তামৰ দ্বাৰা নিৰ্মিত শ্বাকিৰা প্ৰতিমূৰ্তিটোৰ উচ্চতা ২১.৩ ফুট বা প্ৰায় সাড়ে ছয় মিটাৰ। শ্বাকিৰাই নিজেই নিজৰ ছ’চিয়েল মিডিয়া পেজত মূৰ্তি উত্থানৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰে।

‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত খবৰ অনুসৰি ছাকিৰাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আঁৰত আছে ইনো মাৰ্কেজ নামৰ এজন শিল্পী। শ্বাকিৰাই নিজৰ এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) প্ৰতিমূৰ্তিটোৰ ছবি পোষ্ট কৰি ইনোক ধন্যবাদ জনায়। ইনোৰ উপৰিও শিল্পীগৰাকীয়ে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কামত জড়িত স্থানীয় কলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

মঙলবাৰে ছাকিৰাৰ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানত উপস্থিত থাকে ছাকিৰাৰ পিতৃ-মাতৃ আৰু ভাতৃ। ইয়াৰ উপৰিও চিটিৰ মেয়ৰ জেমী পুমাৰেজো তাত আছিল।

২০০৫ চনত ছাকিৰাই ‘হিপছ ডন’ট লাই’ নামৰ এটা পপ গীত মুকলি কৰে। মুক্তিৰ পিছত এই গীতটি জনপ্ৰিয় হৈ পৰে। ‘হিপছ ডন’ট লাই’ গোৱাৰ উপৰিও ছাকিৰাক ইয়াৰ মিউজিক ভিডিঅ’টোত নৃত্য কৰাও দেখা যায়। ‘হিপ শ্বেকিং’ নামৰ বিশেষ ভংগীমাত নিজৰ গীতৰ লগতে নৃত্য কৰে ছাকিৰাই। ছাকিৰা মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই ‘হিপ শ্বেকিং’ নামৰ এক বিশেষ নৃত্যৰ প্ৰশিক্ষণ লৈ আহিছে।

‘হিপছ ডন’ট লাই’ গীতটোৰ দৃশ্যৰ পৰা এটা বিশেষ ভংগীমা অনুকৰণ কৰি ইনোৱে এই তামৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল। একাধিক ছবি পোষ্ট কৰাৰ উপৰিও ছাকিৰাই মাত্ৰুভূমিকো ধন্যবাদ জনায়। ছবিখন পোষ্ট কৰি শ্বাকিৰাই কেপচনত লিখিছে, “কলম্বিয়াৰ মহিলাসকলক দিয়া সন্মানে মোক ইমানেই চুই গৈছে।”

ছাকিৰাৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত মেয়ৰ জেমীয়ে কয় যে এই (ছাকিৰা) প্ৰতিমূৰ্তিই লাখ লাখ মহিলালৈ বাৰ্তা প্ৰেৰণ কৰে যে তেওঁলোকে যিকোনো কাম কৰিব পাৰে। নিজৰ সপোন দেখাৰ পিছত নাৰীয়ে সেই সপোন পূৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু