--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মাজতে বহু লোক আছে যিয়ে বছৰৰ কেতিয়াবাহে গা ধোৱে। ঠাণ্ডাৰ দিনৰ কথাটো বাদেই, গৰমৰ দিনতো বহুতে গা নুধুৱে। গা  ধোৱা আৰু নিজকে পৰিষ্কাৰ কৰি ৰখাটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব। গ্ৰীষ্মকালত  বহু মানুহে প্ৰায়ে দিনত দুই বা তিনিবাৰ গা ধোৱে, কিন্তু ঠাণ্ডাৰ দিন  গা ধোৱাৰ সংখ্যা হ্ৰাস পায় ।  গা নুধুৱাৰ বাবেই এতিয়া এগৰাকী পত্নীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছে। তুৰ্কীৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে এবুলি অভিযোগ ৰিছে যে তেওঁৰ স্বামীয়ে  কেতিয়াবাহে গা ধোৱে। 

সেইবাবে  তেওঁৰ  ঘামৰ গোন্ধত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। মহিলাগৰাকীয়ে লগতে এইবুলিও অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে  সপ্তাহত কেৱল এবাৰ বা দুবাৰহে দাঁত ব্ৰাছ কৰে। মহিলাগৰাকীয়ে তুৰ্কীৰ সংবাদ মাধ্যমক কয় যে তেওঁ তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে।  স্বামীৰ ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱৰ কথা উল্লেখ কৰিয়েই মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে।  মহিলাগৰাকীৰ অধিবক্তাই  আঙ্কাৰাৰ  পাৰিবাৰিক আদালতক কয়  যে মহিলাগৰাকীৰ  স্বামীয়ে একেটা চোলা আৰু পেণ্টেই একেৰাহে ৫ দিন ধৰি পিন্ধে । 

মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে কৰা এই দাবীবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ বহু কেইগৰাকী সাক্ষীকো আদালতলৈ লৈ আহে।সাক্ষীসকলৰ ভিতৰত আছিল মহিলাগৰাকীৰ স্বামীৰ পৰিচিত ব্যক্তি আৰু তেওঁৰ সৈতে কাম কৰা একাংশ সহকৰ্মী। তেওঁলোক সকলোৱে মহিলাগৰাকীৰ স্বামীৰ  ব্যক্তিগত পৰিচ্ছন্নতাৰ বিষয়ে সাক্ষ্য প্ৰদান কৰে। আদালতে মহিলাগৰাকীক তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ আবেদনত অনুমতি দিয়ে আৰু  পত্নীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১৩ লাখ ৬৯ হাজাৰ টকা  পৰিশোধ কৰিবলৈ স্বামীক  নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ