--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মাজতে বহু লোক আছে যিয়ে বছৰৰ কেতিয়াবাহে গা ধোৱে। ঠাণ্ডাৰ দিনৰ কথাটো বাদেই, গৰমৰ দিনতো বহুতে গা নুধুৱে। গা  ধোৱা আৰু নিজকে পৰিষ্কাৰ কৰি ৰখাটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব। গ্ৰীষ্মকালত  বহু মানুহে প্ৰায়ে দিনত দুই বা তিনিবাৰ গা ধোৱে, কিন্তু ঠাণ্ডাৰ দিন  গা ধোৱাৰ সংখ্যা হ্ৰাস পায় ।  গা নুধুৱাৰ বাবেই এতিয়া এগৰাকী পত্নীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছে। তুৰ্কীৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে এবুলি অভিযোগ ৰিছে যে তেওঁৰ স্বামীয়ে  কেতিয়াবাহে গা ধোৱে। 

সেইবাবে  তেওঁৰ  ঘামৰ গোন্ধত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। মহিলাগৰাকীয়ে লগতে এইবুলিও অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে  সপ্তাহত কেৱল এবাৰ বা দুবাৰহে দাঁত ব্ৰাছ কৰে। মহিলাগৰাকীয়ে তুৰ্কীৰ সংবাদ মাধ্যমক কয় যে তেওঁ তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে।  স্বামীৰ ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱৰ কথা উল্লেখ কৰিয়েই মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে।  মহিলাগৰাকীৰ অধিবক্তাই  আঙ্কাৰাৰ  পাৰিবাৰিক আদালতক কয়  যে মহিলাগৰাকীৰ  স্বামীয়ে একেটা চোলা আৰু পেণ্টেই একেৰাহে ৫ দিন ধৰি পিন্ধে । 

মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে কৰা এই দাবীবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ বহু কেইগৰাকী সাক্ষীকো আদালতলৈ লৈ আহে।সাক্ষীসকলৰ ভিতৰত আছিল মহিলাগৰাকীৰ স্বামীৰ পৰিচিত ব্যক্তি আৰু তেওঁৰ সৈতে কাম কৰা একাংশ সহকৰ্মী। তেওঁলোক সকলোৱে মহিলাগৰাকীৰ স্বামীৰ  ব্যক্তিগত পৰিচ্ছন্নতাৰ বিষয়ে সাক্ষ্য প্ৰদান কৰে। আদালতে মহিলাগৰাকীক তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ আবেদনত অনুমতি দিয়ে আৰু  পত্নীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১৩ লাখ ৬৯ হাজাৰ টকা  পৰিশোধ কৰিবলৈ স্বামীক  নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস