--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এলোভেৰা এনেকুৱা এবিধ উদ্ভিদ, যি বহু গুণেৰে সমৃদ্ধ। পিৰিয়ডৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে স্বাস্থ্যজনিত বহুতো সমস্যাৰ পৰা আৰম্ভ কৰি ছালৰ লগত জড়িত অভিযোগলৈকে, ইয়াৰ আছে বহু উপকাৰিতা। সেউজীয়া এলোভেৰাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে ৰঙা এলোভেৰাও আছে, ইয়াক আফ্ৰিকাত পোৱা যায় যদিও ভাৰতৰ গৰম আৰু শুকান অঞ্চলতো ইয়াৰ খেতি কৰা হয়।

 ৰঙা এলোভেৰাত কি কি পুষ্টিকৰ উপাদান থাকে-

ৰঙা এলোভেৰা যিমান বিৰল সিমানেই উপকাৰী। সেউজীয়া এলোভেৰাতকৈ ইয়াক অধিক উপযোগী বুলি গণ্য কৰা হয়। ৰঙা এলোভেৰাৰ উপকাৰিতাৰ কথা ক’বলৈ গ’লে ইয়াত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-বি১২ আৰু ফলিক এচিডৰ দৰে এন্টিঅক্সিডেন্ট পোৱা যায়।

 স্বাস্থ্যৰ বাবে ই কিমান উপকাৰী?

* এক গৱেষণাৰ মতে ৰঙা এলোভেৰাৰ ৰস খালে ছুগাৰত উন্নতি হয়, ইয়াত ইমোডিন পোৱা যায়, যিয়ে গ্লুক’জ হ্ৰাস কৰাত সহায় কৰে। লগতে ইনচুলিন বৃদ্ধি কৰে, ইয়াৰ বাবে আপুনি ৰঙা এলোভেৰাৰ পাত ৰস বনাই সেৱন কৰিব পাৰে।

 * ৰঙা এলোভেৰাৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও কমি যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

 * ছালৰ বাবেও ই এক আশীৰ্বাদ। এনে পুষ্টিকৰ উপাদান ৰঙা এলোভেৰাত পোৱা যায়, যাৰ বাবে ই বাৰ্ধক্য ৰোধ কৰে আৰু ছালখনক সজীৱ কৰি তোলে। ব্ৰণৰ পৰা সকাহ পোৱাত ই সহায়ক, ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উফিৰ সমস্যাও সমাধান কৰিব পাৰি।

 * এলোভেৰাক প্ৰাকৃতিক বিষনাশক হিচাপে গণ্য কৰা হয়। ই পেশীক শিথিল কৰে। মূৰৰ বিষ আৰু মাইগ্ৰেইনতো ৰঙা এলোভেৰা উপযোগী বুলি গণ্য কৰা হয়।

 * মহিলাসকলৰ অনিয়মিত মাহেকীয়াৰ সমস্যাৰ বাবে ৰঙা এলোভেৰাৰ ৰস খোৱাটো অতি উপকাৰী। ইয়াৰ ফলত মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰাও উপশম পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক