--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এলোভেৰা এনেকুৱা এবিধ উদ্ভিদ, যি বহু গুণেৰে সমৃদ্ধ। পিৰিয়ডৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে স্বাস্থ্যজনিত বহুতো সমস্যাৰ পৰা আৰম্ভ কৰি ছালৰ লগত জড়িত অভিযোগলৈকে, ইয়াৰ আছে বহু উপকাৰিতা। সেউজীয়া এলোভেৰাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে ৰঙা এলোভেৰাও আছে, ইয়াক আফ্ৰিকাত পোৱা যায় যদিও ভাৰতৰ গৰম আৰু শুকান অঞ্চলতো ইয়াৰ খেতি কৰা হয়।

 ৰঙা এলোভেৰাত কি কি পুষ্টিকৰ উপাদান থাকে-

ৰঙা এলোভেৰা যিমান বিৰল সিমানেই উপকাৰী। সেউজীয়া এলোভেৰাতকৈ ইয়াক অধিক উপযোগী বুলি গণ্য কৰা হয়। ৰঙা এলোভেৰাৰ উপকাৰিতাৰ কথা ক’বলৈ গ’লে ইয়াত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-বি১২ আৰু ফলিক এচিডৰ দৰে এন্টিঅক্সিডেন্ট পোৱা যায়।

 স্বাস্থ্যৰ বাবে ই কিমান উপকাৰী?

* এক গৱেষণাৰ মতে ৰঙা এলোভেৰাৰ ৰস খালে ছুগাৰত উন্নতি হয়, ইয়াত ইমোডিন পোৱা যায়, যিয়ে গ্লুক’জ হ্ৰাস কৰাত সহায় কৰে। লগতে ইনচুলিন বৃদ্ধি কৰে, ইয়াৰ বাবে আপুনি ৰঙা এলোভেৰাৰ পাত ৰস বনাই সেৱন কৰিব পাৰে।

 * ৰঙা এলোভেৰাৰ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও কমি যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

 * ছালৰ বাবেও ই এক আশীৰ্বাদ। এনে পুষ্টিকৰ উপাদান ৰঙা এলোভেৰাত পোৱা যায়, যাৰ বাবে ই বাৰ্ধক্য ৰোধ কৰে আৰু ছালখনক সজীৱ কৰি তোলে। ব্ৰণৰ পৰা সকাহ পোৱাত ই সহায়ক, ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উফিৰ সমস্যাও সমাধান কৰিব পাৰি।

 * এলোভেৰাক প্ৰাকৃতিক বিষনাশক হিচাপে গণ্য কৰা হয়। ই পেশীক শিথিল কৰে। মূৰৰ বিষ আৰু মাইগ্ৰেইনতো ৰঙা এলোভেৰা উপযোগী বুলি গণ্য কৰা হয়।

 * মহিলাসকলৰ অনিয়মিত মাহেকীয়াৰ সমস্যাৰ বাবে ৰঙা এলোভেৰাৰ ৰস খোৱাটো অতি উপকাৰী। ইয়াৰ ফলত মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰাও উপশম পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু