--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ইংলেণ্ডৰ সৰ্ববৃহৎ বিবাহ বিচ্ছেদৰ গোচৰ হিচাপে চিহ্নিত হৈছে এই গোচৰটো। এই গোচৰত পতিয়ে পত্নীক দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণ শুনিলেই কপাল উঠে চকু। পিছে অধিক জটিল হৈ পৰা এই গোচৰৰ সৈতে যুক্ত হৈ পুত্ৰয়ো ভৰিবলগীয়া হ’ব বৃহৎ জৰিমনা। এই জৰিমনাৰ পৰিমাণো অতি বৃহৎ। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ গোচৰৰ সৈতে যুক্ত হৈ পৰা পুত্ৰই ভৰিবলগীয়া হ’ল ১০০ নিযুত ডলাৰ।

আৰু পঢ়িব পাৰিব:  কোকিলাৰ বজাৰত চুৰিকাণ্ডঃ আটক এজন

ইংলেণ্ডৰ সৰ্ববৃহৎ বিবাহ বিচ্ছেদৰ গোচৰ হিচাপে চিহ্নিত এই গোচৰৰ ৰায়দানেৰে ন্যায়ালয়ে মাতৃক এই বুজন পৰিমাণৰ ধন আদায়ৰ নিৰ্দেশ দিয়ে তেওঁৰ পুত্ৰক। ন্যায়ালয়ে তেওঁক ‘পিতৃক সহায় কৰিবলৈ যিকোনো কাম কৰিব পৰা এজন অসাধু লোক’ বুলি অভিহিত কৰে আৰু মাতৃৰ পৰা সম্পত্তি লুকুৱাই ৰাখিবলৈ তেওঁ লোৱা ভূমিকাৰ বাবে এই জৰিমণা বিহে। জৰিমনাৰ সন্মুখীন হোৱা পুত্ৰজনৰ নাম হৈছে তেমুৰ আখমেডভ। তেওঁ নিজৰ ধনকুবেৰ পিতৃ ফাৰখাদ আখমেডভৰ সৈতে লগ লাগি মাতৃক ঘৰুৱা সম্পত্তিৰ পৰা বঞ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিব:  যোৰহাটত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

তেওঁৰ পিতৃ মাতৃৰ বিবাহ বিচ্ছেদৰ ক্ষতিপূৰণ হিচাপে আদালতে মাতৃক দিবলৈ নিৰ্দেশ দিয়া ৪৫০ নিযুত পাউণ্ড অৰ্থাৎ ৬২৭ নিযুত ডলাৰ লাভৰ পৰা মাতৃক বঞ্চিত কৰাত পিতৃক সৰ্বতোপ্ৰকাৰৰ সহায় কৰিছিল তেমুৰে। বুধবাৰে এই গোচৰৰ ৰায়দান কৰি ন্যায়াধীশ জ্ঞানেথ নোৱেলছে এই কথা প্ৰকাশ কৰে। এই অপৰাধৰ বাবে মাতৃক ১০০ নিযুত ডলাৰৰ ক্ষতিপূৰণ দিবলৈ তেমুৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু