--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বপ্ৰসিদ্ধ লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ জীৱন কাহিনীকলৈ এখনি মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। তাৰ শ্বুটিং চলি থাকোতেই সংঘটিত হয় অঘটন! দৃশ্যটো আছিল এক অন্তৰংগ দৃশ্যৰ। সেই দৃশ্য ৰূপায়ন কৰি থাকোঁতে শ্বেনৰ চৰিত্ৰত অভিনয় কৰা এলেক্স উইলিয়ামছৰ মূৰ ফাটি গ’ল। প্ৰাক্তন পত্নীৰ চৰিত্ৰত অভিনয় কৰা মাৰ্নি কেনেডীৰ হাতৰ গাঁঠি ভাঙি গ’ল!

ঘনিষ্ঠ দৃশ্য এটাৰ ৰূপায়নত এনে কৰুণ পৰিণতি সঁচাকৈয়ে কল্পনাতীত। কিন্তু এইটো কেনেকৈ ঘটিল? সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই বিষয়টো পোহৰলৈ আহিছে। জনা গৈছে যে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক লৈ এখন মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ চেনেল নাইনে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন। সেই ধাৰাবাহিকখনত এলেক্স উইলিয়ামছে শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰাক্তন পত্নী ছিমন কেলাহানৰ চৰিত্ৰত আছে মাৰ্নি কেনেডী।

মাৰ্নীয়ে কয়, “আমি এটা কৰিড’ৰৰ মাজেৰে আহি আছিলো। কথা আছিল আমি তাৰ পৰা বেডৰুমলৈ লৰালৰিকৈ সোমাই বিচনাখনত জপিয়াই পৰিম। কিন্তু দুয়োজনে ভুল লক্ষ্যত জপিয়াই পৰিলো।”

মাৰ্নীয়ে কয়, “অৱশেষত আমি জৰুৰীকালীন কক্ষত বহি থাকিব লগা হ’ল। তেওঁৰ মূৰত বেণ্ডেজ লগোৱা হৈছে। আৰু মোৰ হাতৰ গাঁঠিও বেণ্ডেজেৰে ঢাকি থোৱা।”

শ্বেন ৱাৰ্ণৰ ওপৰত মিনি ছিৰিজখনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ ছমাহৰ ভিতৰতে চেনেল নাইনে ঘোষণা কৰিছিল যে বিখ্যাত লেগস্পিনাৰগৰাকীক কেন্দ্ৰ কৰি দুটা খণ্ডৰ মিনি ছিৰিজ নিৰ্মাণ কৰা হ’ব। সেই ধাৰাবাহিকখনৰ অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ