--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বপ্ৰসিদ্ধ লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ জীৱন কাহিনীকলৈ এখনি মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। তাৰ শ্বুটিং চলি থাকোতেই সংঘটিত হয় অঘটন! দৃশ্যটো আছিল এক অন্তৰংগ দৃশ্যৰ। সেই দৃশ্য ৰূপায়ন কৰি থাকোঁতে শ্বেনৰ চৰিত্ৰত অভিনয় কৰা এলেক্স উইলিয়ামছৰ মূৰ ফাটি গ’ল। প্ৰাক্তন পত্নীৰ চৰিত্ৰত অভিনয় কৰা মাৰ্নি কেনেডীৰ হাতৰ গাঁঠি ভাঙি গ’ল!

ঘনিষ্ঠ দৃশ্য এটাৰ ৰূপায়নত এনে কৰুণ পৰিণতি সঁচাকৈয়ে কল্পনাতীত। কিন্তু এইটো কেনেকৈ ঘটিল? সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই বিষয়টো পোহৰলৈ আহিছে। জনা গৈছে যে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক লৈ এখন মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ চেনেল নাইনে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন। সেই ধাৰাবাহিকখনত এলেক্স উইলিয়ামছে শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰাক্তন পত্নী ছিমন কেলাহানৰ চৰিত্ৰত আছে মাৰ্নি কেনেডী।

মাৰ্নীয়ে কয়, “আমি এটা কৰিড’ৰৰ মাজেৰে আহি আছিলো। কথা আছিল আমি তাৰ পৰা বেডৰুমলৈ লৰালৰিকৈ সোমাই বিচনাখনত জপিয়াই পৰিম। কিন্তু দুয়োজনে ভুল লক্ষ্যত জপিয়াই পৰিলো।”

মাৰ্নীয়ে কয়, “অৱশেষত আমি জৰুৰীকালীন কক্ষত বহি থাকিব লগা হ’ল। তেওঁৰ মূৰত বেণ্ডেজ লগোৱা হৈছে। আৰু মোৰ হাতৰ গাঁঠিও বেণ্ডেজেৰে ঢাকি থোৱা।”

শ্বেন ৱাৰ্ণৰ ওপৰত মিনি ছিৰিজখনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ ছমাহৰ ভিতৰতে চেনেল নাইনে ঘোষণা কৰিছিল যে বিখ্যাত লেগস্পিনাৰগৰাকীক কেন্দ্ৰ কৰি দুটা খণ্ডৰ মিনি ছিৰিজ নিৰ্মাণ কৰা হ’ব। সেই ধাৰাবাহিকখনৰ অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইমৰান খান জীৱিত কিন্তু মানসিকভাৱে বিধ্বস্ত
দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী! অগাপিছাকৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, শোকস্তব্ধ গাঁওবাসী
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান
খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰত পূজা সেৱা; মাজুলীবাসীৰ বাবে হৈ পৰিছে নেদেখা জনেই শেষ ভৰসা