--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাভলীনা বৰগোহাঁই,বিংশ শতাব্দীত জন্মলাভ কৰা অন্যতম শ্ৰেষ্ঠ অসমীয়া সমূহৰ ভিতৰত অন্যতম৷বক্সিঙৰ দ্বাৰা লাভলীনাই ইতিমধ্যেই সুখ্যাতি লাভ কৰিছে৷লাভলীনাই ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে৷ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 

তদুপৰি লাভলীনাই ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে।২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়।

বৰ্তমান বক্সিং অনুশীলনত ব্যস্ত লাভলীনা৷শেহতীয়াকৈ বক্সিঙৰ বাবে মন থকা খেলুৱৈৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে লাভলীনা বৰগোহাঁয়ে৷ লাভলীনা বৰগোঁহাইয়ে হাতত লৈছে মহৎ পদক্ষেপ,এই পদক্ষেপক সাৰোগত কৰি ক্ৰীড়াক আৰু এখোজ আগুৱাই নিবলৈ জন্ম দিলে লাভলীনা বৰগোঁহাই ফাউণ্ডেশ্যন৷দেওবাৰে এই লাভলীনা বৰগোঁহাই ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয়৷ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ সহযোগিতাত অনুষ্ঠিত কৰা হয়৷

"খেলৰ আঁৰত- সৰ্বাধিক প্ৰদৰ্শন আৰু কল্যাণৰ বাবে আন্তঃশাখা সেৱা বিকশিত কৰা"ৰ বাবে এক আলোচনা চক্ৰও এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত লাভলীনা বৰগোহাঁইৰ উপৰিও উপস্থিত থাকে নয়নমণি শইকীয়া , আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং , ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছা , আৰক্ষী মহাপ্ৰবন্ধক পার্থ সাৰথি মহন্তকে ধৰি ভালেকেইগৰাকী ক্ৰীড়া সংগঠক৷অনুষ্ঠানটিত কেইবাগৰাকীও ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবক্তায়ো শোভাবৰ্ধন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু