--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাভলীনা বৰগোহাঁই,বিংশ শতাব্দীত জন্মলাভ কৰা অন্যতম শ্ৰেষ্ঠ অসমীয়া সমূহৰ ভিতৰত অন্যতম৷বক্সিঙৰ দ্বাৰা লাভলীনাই ইতিমধ্যেই সুখ্যাতি লাভ কৰিছে৷লাভলীনাই ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে৷ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 

তদুপৰি লাভলীনাই ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে।২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়।

বৰ্তমান বক্সিং অনুশীলনত ব্যস্ত লাভলীনা৷শেহতীয়াকৈ বক্সিঙৰ বাবে মন থকা খেলুৱৈৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে লাভলীনা বৰগোহাঁয়ে৷ লাভলীনা বৰগোঁহাইয়ে হাতত লৈছে মহৎ পদক্ষেপ,এই পদক্ষেপক সাৰোগত কৰি ক্ৰীড়াক আৰু এখোজ আগুৱাই নিবলৈ জন্ম দিলে লাভলীনা বৰগোঁহাই ফাউণ্ডেশ্যন৷দেওবাৰে এই লাভলীনা বৰগোঁহাই ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয়৷ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ সহযোগিতাত অনুষ্ঠিত কৰা হয়৷

"খেলৰ আঁৰত- সৰ্বাধিক প্ৰদৰ্শন আৰু কল্যাণৰ বাবে আন্তঃশাখা সেৱা বিকশিত কৰা"ৰ বাবে এক আলোচনা চক্ৰও এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত লাভলীনা বৰগোহাঁইৰ উপৰিও উপস্থিত থাকে নয়নমণি শইকীয়া , আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং , ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছা , আৰক্ষী মহাপ্ৰবন্ধক পার্থ সাৰথি মহন্তকে ধৰি ভালেকেইগৰাকী ক্ৰীড়া সংগঠক৷অনুষ্ঠানটিত কেইবাগৰাকীও ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবক্তায়ো শোভাবৰ্ধন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?