--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতনামা বোলছবি পৰিচালক ৰীমা দাসৰ শেহতীয়া ছবি তৰাছ হাছবেণ্ড অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব । আজি ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত তৰা'ছ হাছবেণ্ডৰ মুখ্য চৰিত্ৰ অভিনেতা অভিজিৎ দাসৰ কৃষিপামত কথাছবিখনৰ পষ্টাৰ মুকলি কৰা হয় । তৰা'ছ হাছবেণ্ডৰ  পৰিচালক ৰীমা দাসৰ লগতে শুভাকাংখী আৰু কথাছবিখনত সম্পৰ্কিত শিল্পী - কলা-কুশলীৰ উপস্থিতিত  আনুষ্ঠানিকভাবে প'ষ্টাৰ মুকলি কৰে ।

ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন ছিং  বিশ্বখ্যাত  কথাছবি কেইখনৰ দৰে তৰা'ছ হাছবেণ্ড কথাছবিখনৰো কাহিনী-প্ৰযোজনা-পৰিচালনা- চিনেমাটোগ্ৰাফী-সম্পাদনা আদি ৰীমা দাসৰ । আজি অভিনেতা অভিজিৎ দাসৰ কৃষিপামতে অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে কথাছবিখনৰ অন্তৰ্নিহিত বিষয়বস্তু সম্পৰ্কত ৰীমা দাসে কয়-“লোকচান আৰু লকডাউন, জীৱন আৰু মৃত্যু, পৃথিৱীৰ সৰ্বত্ৰে ঘটাৰ দৰে অসমৰ এখন সৰু চহৰৰ এজন ব্যৱসায়ীয়েও অনিশ্চয়তা আৰু অস্থিৰতাৰ বেহুত পৰি যুঁজিবলগীয়া হৈছিল৷চৌপাশৰ মানুহবোৰৰ ব্যতিৰেকে বিশ্বজনীন দৃষ্টিভংগীৰে তৰাৰ গিৰিয়েক জানে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে আৰু আনৰ পৰাও অনুৰূপ ভূমিকা আশা কৰিছে। কিন্তু তেওঁক বুজিবলৈ তৰাই বহু কষ্ট কৰিবলগীয়া হৈছে তেওঁৰ নিজৰ মনৰ ভিতৰৰ জগতখন আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত চলা নিৰন্তৰ দ্বন্দ্বই তেওঁক আবেগিকভাৱে খুলি খুলি খাইছে।নিম্নমুখী হোৱা ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কবোৰে বেয়ালৈ গতি কৰাৰ সময়তো নিজক প্ৰেৰণা দি তেওঁ যাত্ৰা অব্যাহত ৰখাৰ সংকল্প লৈছে।

ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন ছিং কথাছবি দুখনে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ১২০ খন মহোৎসৱত ৭০ টাকৈ বঁটাৰে সন্মানিত হোৱাৰ পাছত  তৰা'ছ হাছবেণ্ড কথাছবিখনেও ২০২২ বৰ্ষৰ পৰা এতিয়ালৈ ১৯ খন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে ।

মহোৎসৱসমূহৰ ভিতৰত আছে টৰণ্ট' (ৱৰ্ল্ড প্ৰিমিয়াৰ), বুচান (এচিয়ান প্ৰিমিয়াৰ),বেংকক(ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল),হাইনান আইজলেণ্ড,অচাকা(জাপানীজ প্ৰিমিয়াৰ),পেৰু,ছিডনী,মেলবৰ্ণ আৰু ভাৰতৰ পুণে, কলকাতা, নতুন দিল্লী, মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু