--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতনামা বোলছবি পৰিচালক ৰীমা দাসৰ শেহতীয়া ছবি তৰাছ হাছবেণ্ড অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব । আজি ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত তৰা'ছ হাছবেণ্ডৰ মুখ্য চৰিত্ৰ অভিনেতা অভিজিৎ দাসৰ কৃষিপামত কথাছবিখনৰ পষ্টাৰ মুকলি কৰা হয় । তৰা'ছ হাছবেণ্ডৰ  পৰিচালক ৰীমা দাসৰ লগতে শুভাকাংখী আৰু কথাছবিখনত সম্পৰ্কিত শিল্পী - কলা-কুশলীৰ উপস্থিতিত  আনুষ্ঠানিকভাবে প'ষ্টাৰ মুকলি কৰে ।

ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন ছিং  বিশ্বখ্যাত  কথাছবি কেইখনৰ দৰে তৰা'ছ হাছবেণ্ড কথাছবিখনৰো কাহিনী-প্ৰযোজনা-পৰিচালনা- চিনেমাটোগ্ৰাফী-সম্পাদনা আদি ৰীমা দাসৰ । আজি অভিনেতা অভিজিৎ দাসৰ কৃষিপামতে অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে কথাছবিখনৰ অন্তৰ্নিহিত বিষয়বস্তু সম্পৰ্কত ৰীমা দাসে কয়-“লোকচান আৰু লকডাউন, জীৱন আৰু মৃত্যু, পৃথিৱীৰ সৰ্বত্ৰে ঘটাৰ দৰে অসমৰ এখন সৰু চহৰৰ এজন ব্যৱসায়ীয়েও অনিশ্চয়তা আৰু অস্থিৰতাৰ বেহুত পৰি যুঁজিবলগীয়া হৈছিল৷চৌপাশৰ মানুহবোৰৰ ব্যতিৰেকে বিশ্বজনীন দৃষ্টিভংগীৰে তৰাৰ গিৰিয়েক জানে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে আৰু আনৰ পৰাও অনুৰূপ ভূমিকা আশা কৰিছে। কিন্তু তেওঁক বুজিবলৈ তৰাই বহু কষ্ট কৰিবলগীয়া হৈছে তেওঁৰ নিজৰ মনৰ ভিতৰৰ জগতখন আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত চলা নিৰন্তৰ দ্বন্দ্বই তেওঁক আবেগিকভাৱে খুলি খুলি খাইছে।নিম্নমুখী হোৱা ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কবোৰে বেয়ালৈ গতি কৰাৰ সময়তো নিজক প্ৰেৰণা দি তেওঁ যাত্ৰা অব্যাহত ৰখাৰ সংকল্প লৈছে।

ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন ছিং কথাছবি দুখনে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ১২০ খন মহোৎসৱত ৭০ টাকৈ বঁটাৰে সন্মানিত হোৱাৰ পাছত  তৰা'ছ হাছবেণ্ড কথাছবিখনেও ২০২২ বৰ্ষৰ পৰা এতিয়ালৈ ১৯ খন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে ।

মহোৎসৱসমূহৰ ভিতৰত আছে টৰণ্ট' (ৱৰ্ল্ড প্ৰিমিয়াৰ), বুচান (এচিয়ান প্ৰিমিয়াৰ),বেংকক(ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল),হাইনান আইজলেণ্ড,অচাকা(জাপানীজ প্ৰিমিয়াৰ),পেৰু,ছিডনী,মেলবৰ্ণ আৰু ভাৰতৰ পুণে, কলকাতা, নতুন দিল্লী, মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক