--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেৰ দশক আগতে সমগ্ৰ দেশ কঁপাইছিল 'য়া আলী’-এ। এই জনপ্ৰিয় গানটোৰেই বলিউডত কেইবাটাও সন্মান লাভ কৰিছিল জুবিন গাৰ্গে। গেংষ্টাৰ ছৱিৰ এই গানটো এতিয়াও চীৰসেউজ হৈ আছে। এতিয়াও দেশৰ বিভিন্ন প্ৰান্তৰত শ্ৰোতাই 'য়া আলী’ শুনে। তাৰ ব্যতিক্ৰম নহয় শ্ৰদ্ধা কাপুৰো!

শনিবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত গানটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। লিখে- ''কিছু পুৰণি গানৰ যাদু একেই থাকে।’’ উল্লেখ্য যে শ্ৰদ্ধাই মাজে মাজে এনেদৰে প্ৰিয় গানসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

শ্ৰদ্ধাৰ এই ইনষ্টাগ্ৰাম ষ্ট’ৰীটো দেখি উৎফুল্লিত হৈ পৰে 'য়া আলী’ৰ ফেনসকল। জুবিন প্ৰেমীসকলৰ মাজতো আনন্দৰ বন্যা বয়।
 
ভাট প্ৰডাকচনৰ বেনাৰ নিৰ্মিত আৰু অনুৰাগ বসুৰ পৰিচালনাৰে এখন চুপাৰহিট ছৱি 'গেংষ্টাৰ’ ছৱিৰ 'য়া আলী’ৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল প্ৰীতম। ইমৰাণ হাছমী, ছাইনী আহুজা আৰু কংগনা ৰানাৱটৰ ত্ৰিকোণ প্ৰেম-প্ৰতাৰণাৰ কাহিনীৰে ছৱিখনৰ 'য়া আলী’ গানটোত জুবিন গাৰ্গেও ভূমুকি মাৰিছিল।

আনহাতে, শ্ৰদ্ধা শেহতীয়াকৈ স্ত্ৰী-২ নামৰ ছৱিখনৰ কামত ব্যস্ত আছে। অভিনেত্ৰীগৰাকীৰ শেষৰখন ছৱি আছিল- টু ঝুথি মে মক্কৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক