--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেৰ দশক আগতে সমগ্ৰ দেশ কঁপাইছিল 'য়া আলী’-এ। এই জনপ্ৰিয় গানটোৰেই বলিউডত কেইবাটাও সন্মান লাভ কৰিছিল জুবিন গাৰ্গে। গেংষ্টাৰ ছৱিৰ এই গানটো এতিয়াও চীৰসেউজ হৈ আছে। এতিয়াও দেশৰ বিভিন্ন প্ৰান্তৰত শ্ৰোতাই 'য়া আলী’ শুনে। তাৰ ব্যতিক্ৰম নহয় শ্ৰদ্ধা কাপুৰো!

শনিবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত গানটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। লিখে- ''কিছু পুৰণি গানৰ যাদু একেই থাকে।’’ উল্লেখ্য যে শ্ৰদ্ধাই মাজে মাজে এনেদৰে প্ৰিয় গানসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

শ্ৰদ্ধাৰ এই ইনষ্টাগ্ৰাম ষ্ট’ৰীটো দেখি উৎফুল্লিত হৈ পৰে 'য়া আলী’ৰ ফেনসকল। জুবিন প্ৰেমীসকলৰ মাজতো আনন্দৰ বন্যা বয়।
 
ভাট প্ৰডাকচনৰ বেনাৰ নিৰ্মিত আৰু অনুৰাগ বসুৰ পৰিচালনাৰে এখন চুপাৰহিট ছৱি 'গেংষ্টাৰ’ ছৱিৰ 'য়া আলী’ৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল প্ৰীতম। ইমৰাণ হাছমী, ছাইনী আহুজা আৰু কংগনা ৰানাৱটৰ ত্ৰিকোণ প্ৰেম-প্ৰতাৰণাৰ কাহিনীৰে ছৱিখনৰ 'য়া আলী’ গানটোত জুবিন গাৰ্গেও ভূমুকি মাৰিছিল।

আনহাতে, শ্ৰদ্ধা শেহতীয়াকৈ স্ত্ৰী-২ নামৰ ছৱিখনৰ কামত ব্যস্ত আছে। অভিনেত্ৰীগৰাকীৰ শেষৰখন ছৱি আছিল- টু ঝুথি মে মক্কৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?