--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেন্সফাৰ-পোষ্টিঙৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ কেইঘণ্টামান পিছতে দিল্লী চৰকাৰে সেৱা সচিব আশিস ম’ৰক অপসাৰণ কৰে। এই সন্দৰ্ভত বিষয়াসকলে অৱগত কৰে। তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে (১১ মে’) দিল্লীৰ আপ চৰকাৰক ডাঙৰ সকাহ দি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে ৰাজহুৱা শৃংখলা, আৰক্ষী আৰু ভূমিৰ বাহিৰেও অন্যান্য সেৱাৰ ওপৰত দিল্লী চৰকাৰৰ আইনী আৰু প্ৰশাসনিক নিয়ন্ত্ৰণ আছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে এতিয়া ইয়াত কাম ক্ষীপ্ৰ হ’ব কাৰণ আগতে তেওঁৰ হাত বান্ধি থোৱা আছিল। জনসাধাৰণৰ কামত বাধাৰ সৃষ্টি কৰা বিষয়াসকলে ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ ঘোষণা কৰিছিল।

দিল্লী সচিবালয়ত কেবিনেট বৈঠকৰ পিছত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে কয় যে ৰাজহুৱা কামত বাধা দিয়া বিষয়াসকলে অনাগত দিনত ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। "মোক হাত বান্ধি পানীত পেলাই দিয়া হৈছিল যদিও সকলো অসুবিধাৰ মাজতো আমি সাঁতুৰি থাকিলোঁ, আমি দিল্লীৰ বাবে ভাল কাম কৰিলোঁ।"

তাৎপৰ্যপূৰ্ণভাৱে দিল্লীৰ সেৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰৰ বিধানসভা আৰু কাৰ্যবাহী ক্ষমতাৰ সৈতে জড়িত আইনী বিষয়সমূহৰ শুনানিৰ বাবে সংবিধান বিচাৰপীঠ গঠন কৰা হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০১৫ চনত এক অধিসূচনা জাৰি কৰিছিল যে দিল্লীৰ সেৱাৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ আছে। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এই অধিসূচনাক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু দিল্লী চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তা এ এম সিংৱীৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ১৮ জানুৱাৰীত ৰায় সংৰক্ষিত কৰি ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ