--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেন্সফাৰ-পোষ্টিঙৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ কেইঘণ্টামান পিছতে দিল্লী চৰকাৰে সেৱা সচিব আশিস ম’ৰক অপসাৰণ কৰে। এই সন্দৰ্ভত বিষয়াসকলে অৱগত কৰে। তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে (১১ মে’) দিল্লীৰ আপ চৰকাৰক ডাঙৰ সকাহ দি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে ৰাজহুৱা শৃংখলা, আৰক্ষী আৰু ভূমিৰ বাহিৰেও অন্যান্য সেৱাৰ ওপৰত দিল্লী চৰকাৰৰ আইনী আৰু প্ৰশাসনিক নিয়ন্ত্ৰণ আছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে এতিয়া ইয়াত কাম ক্ষীপ্ৰ হ’ব কাৰণ আগতে তেওঁৰ হাত বান্ধি থোৱা আছিল। জনসাধাৰণৰ কামত বাধাৰ সৃষ্টি কৰা বিষয়াসকলে ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ ঘোষণা কৰিছিল।

দিল্লী সচিবালয়ত কেবিনেট বৈঠকৰ পিছত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে কয় যে ৰাজহুৱা কামত বাধা দিয়া বিষয়াসকলে অনাগত দিনত ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। "মোক হাত বান্ধি পানীত পেলাই দিয়া হৈছিল যদিও সকলো অসুবিধাৰ মাজতো আমি সাঁতুৰি থাকিলোঁ, আমি দিল্লীৰ বাবে ভাল কাম কৰিলোঁ।"

তাৎপৰ্যপূৰ্ণভাৱে দিল্লীৰ সেৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰৰ বিধানসভা আৰু কাৰ্যবাহী ক্ষমতাৰ সৈতে জড়িত আইনী বিষয়সমূহৰ শুনানিৰ বাবে সংবিধান বিচাৰপীঠ গঠন কৰা হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০১৫ চনত এক অধিসূচনা জাৰি কৰিছিল যে দিল্লীৰ সেৱাৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ আছে। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এই অধিসূচনাক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু দিল্লী চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তা এ এম সিংৱীৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ১৮ জানুৱাৰীত ৰায় সংৰক্ষিত কৰি ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে