--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে টোপনিত সপোন দেখে। কিছুমান সপোনে ভৱিষ্যতৰ পৰিঘটনাৰ ইংগিত দিয়ে। এনে কিছুমান সপোনক শুভ আৰু কিছুমান অশুভ বুলি গণ্য কৰা হয়। বহু মানুহে সপোনত সাপ দেখে। সপোনত সাপ দেখাৰ ঘটনাক জ্যোতিষ আৰু সপোনশাস্ত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। কাৰণ হিন্দু ধৰ্মত সাপক দেৱতাৰ মৰ্যাদা দিয়া হৈছে। ইয়াৰ লগতে সাপক ধনৰ ৰক্ষক হিচাপেও গণ্য কৰা হয়। 

সপোনত সাপ দেখিলে অতি বিশেষ ইংগিত পোৱা যায়। সপোনত বাৰে বাৰে সাপ দেখা পোৱাটোও ৰাশিফলত কাল সৰ্প দোষৰ লক্ষণ, ইয়াক আঁতৰোৱাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ’লে জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

সপোনত সাপ দেখাৰ ভাল-বেয়া লক্ষণ

১) সপোনত ক'লা সাপ দেখা - সপোনত ক'লা ৰঙৰ সাপ দেখা ভাল বুলি গণ্য কৰা নহয়। ই অদূৰ ভৱিষ্যতে ধনৰ ক্ষতি বা কোনো ৰোগত আক্ৰান্ত হোৱাৰ ইংগিত দিয়ে।

২) সপোনত বগা সাপ দেখা - সপোনত বগা সাপ দেখা অতি শুভ। ইয়াৰ পৰা ইংগিত পোৱা যায় যে অতি সোনকালে আৰ্থিক লাভ হ’ব। এনে সপোন দেখাটোৱে অপৰিসীম ধন-সম্পত্তি আৰু সন্মান পোৱাৰ ইংগিত দিয়ে।

৩) সাপৰ জাক দেখা- যদি সপোনত সাপৰ জাক দেখা যায়, তেন্তে ইয়াক শুভ সপোন বুলি ক’ব নোৱাৰি। স্বপ্নশাস্ত্ৰত ​​এনে সপোনক অশুভ বুলি কোৱা হৈছে আৰু এই সপোনে জীৱনৰ কিছু ডাঙৰ বিপদৰ ইংগিত দিয়ে।

৪) সপোনত সাপ হত্যা - সপোনত সাপ হত্যা কৰা দেখাটো ভাল বুলি ক’ব পাৰি। ইয়াৰ অৰ্থ হ’ল আপুনি কোনো শত্ৰুৰ ওপৰত জয়লাভ কৰিব বা আপুনি কোনো ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব।

৫) সপোনত সাপে কামোৰা- সপোনত যদি সাপে কামোৰ বা খুটে তেন্তে সেয়া ভাল বুলি গণ্য কৰা নহয়। অদূৰ ভৱিষ্যতে আপোনাক আগুৰি ধৰিব পাৰে কিবা এটা ৰোগে।

৬) সপোনত মৰা সাপ দেখা- সপোনত যদি বাৰে বাৰে মৃত সাপ দেখা যায়, তেন্তে এয়া আপোনাৰ কুণ্ডলীত ৰাহুৰ দোষ থকাৰ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ