--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ দেওবাৰে পুৱা তাজমহল পৰিদৰ্শনৰ পিছত বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে কয় যে,‘যেতিয়াই তাজমহল দৰ্শনৰ বাবে আহোঁ ইয়াৰ তাৰ সৌন্দৰ্য্য ক্ৰমাণ্বয়ে বাঢ়ি যায়। যেতিয়াই দেখিছোঁ বাহ তাজ বুলি নিজকে বাধা দিব নোৱাৰো।


Tom Cruise, Anil Kapoor at the Taj Mahal, Delhi on 3rd Dec 2011 / Anil  Kapoor - Bollywood Photos


আগ্ৰাত ‘চুবেদাৰ’ ছবিৰ শ্বুটিং কৰি থকা অনিল কাপুৰে দেওবাৰে পুৱা প্ৰায় ১০ বজাত তাজমহলত উপস্থিত হয়। ক’লা পোছাক পৰিহিত অনিল কাপুৰৰ লগত আছিল পত্নী সুনীতা আৰু ছবি নিৰ্মাতাসকল । পূব গেটৰ পৰা তাজমহললৈ প্ৰৱেশ কৰাৰ লগে লগে পৰ্যটকসকলৰ ভিৰ লাগিল ৷ 

অনুৰাগীয়ে যেতিয়া অনিল-অনিল বুলি চিঞৰিছিল, তেতিয়া তেওঁ হাত জোকাৰি সকলোকে উত্তৰ দিয়ে। নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ অধীনত তেওঁ তাজমহল ভ্ৰমণ কৰে। ভিডিঅ’ প্লেটফৰ্মৰ পৰা তাজমহল দৃশ্যমান হোৱাৰ লগে লগে ইয়াৰ সৌন্দৰ্য্যত মন্ত্ৰমুগ্ধ হৈ পৰিল অভিনেতা অনিল কাপুৰ। স্মৃতিসৌধত অনিল কাপুৰক ঘেৰি ধৰিলে পৰ্যটকে আৰু একেলগে সকলোৱে খোজ কাঢ়ি গৈ থাকিল। ইয়াৰ পূৰ্বে ২০১১ চনৰ ৩ নৱেম্বৰত অভিনেতা টম ক্ৰুজৰ সৈতে তাজমহল ভ্ৰমণ কৰিছিল অনিল কাপুৰে।

যোৱা সোমবাৰে আগ্ৰাৰ ভেটাউৰ চহৰৰ জয়পুৰ হাউচত উপস্থিত হৈছিল চিৰসেউজ অভিনেতা অনিল কাপুৰ। ইয়াত চিত্ৰগ্ৰহণ কৰিবলগীয়া একচন দৃশ্যটোৰ বাবে তেওঁ আখৰা কৰে, তেওঁ তাত উপস্থিত হোৱাৰ লগে লগে মানুহৰ ভিৰ বাঢ়ি যায়। আখৰাৰ অন্তত হাত মিলাই মানুহক সম্ভাষণ জনোৱাৰ লগে লগে ৰাইজ নিয়ন্ত্ৰণৰ বাহিৰ হয়। জয়পুৰ হাউচৰ লগতে চিটি ষ্টেচন আৰু পিনাহাটত ৩০ নৱেম্বৰলৈ শ্বুটিং কৰিবলৈ সাজু নিৰ্মাতাসকল। জয়পুৰ হাউছৰ জ্ৱালা টকীজৰ সন্মুখৰ পথটো চুবেদাৰ চিনেমাৰ বাবে ভেটাউৰ চহৰৰ চেট হিচাপে পৰিগণিত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু