--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ দেওবাৰে পুৱা তাজমহল পৰিদৰ্শনৰ পিছত বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে কয় যে,‘যেতিয়াই তাজমহল দৰ্শনৰ বাবে আহোঁ ইয়াৰ তাৰ সৌন্দৰ্য্য ক্ৰমাণ্বয়ে বাঢ়ি যায়। যেতিয়াই দেখিছোঁ বাহ তাজ বুলি নিজকে বাধা দিব নোৱাৰো।


Tom Cruise, Anil Kapoor at the Taj Mahal, Delhi on 3rd Dec 2011 / Anil  Kapoor - Bollywood Photos


আগ্ৰাত ‘চুবেদাৰ’ ছবিৰ শ্বুটিং কৰি থকা অনিল কাপুৰে দেওবাৰে পুৱা প্ৰায় ১০ বজাত তাজমহলত উপস্থিত হয়। ক’লা পোছাক পৰিহিত অনিল কাপুৰৰ লগত আছিল পত্নী সুনীতা আৰু ছবি নিৰ্মাতাসকল । পূব গেটৰ পৰা তাজমহললৈ প্ৰৱেশ কৰাৰ লগে লগে পৰ্যটকসকলৰ ভিৰ লাগিল ৷ 

অনুৰাগীয়ে যেতিয়া অনিল-অনিল বুলি চিঞৰিছিল, তেতিয়া তেওঁ হাত জোকাৰি সকলোকে উত্তৰ দিয়ে। নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ অধীনত তেওঁ তাজমহল ভ্ৰমণ কৰে। ভিডিঅ’ প্লেটফৰ্মৰ পৰা তাজমহল দৃশ্যমান হোৱাৰ লগে লগে ইয়াৰ সৌন্দৰ্য্যত মন্ত্ৰমুগ্ধ হৈ পৰিল অভিনেতা অনিল কাপুৰ। স্মৃতিসৌধত অনিল কাপুৰক ঘেৰি ধৰিলে পৰ্যটকে আৰু একেলগে সকলোৱে খোজ কাঢ়ি গৈ থাকিল। ইয়াৰ পূৰ্বে ২০১১ চনৰ ৩ নৱেম্বৰত অভিনেতা টম ক্ৰুজৰ সৈতে তাজমহল ভ্ৰমণ কৰিছিল অনিল কাপুৰে।

যোৱা সোমবাৰে আগ্ৰাৰ ভেটাউৰ চহৰৰ জয়পুৰ হাউচত উপস্থিত হৈছিল চিৰসেউজ অভিনেতা অনিল কাপুৰ। ইয়াত চিত্ৰগ্ৰহণ কৰিবলগীয়া একচন দৃশ্যটোৰ বাবে তেওঁ আখৰা কৰে, তেওঁ তাত উপস্থিত হোৱাৰ লগে লগে মানুহৰ ভিৰ বাঢ়ি যায়। আখৰাৰ অন্তত হাত মিলাই মানুহক সম্ভাষণ জনোৱাৰ লগে লগে ৰাইজ নিয়ন্ত্ৰণৰ বাহিৰ হয়। জয়পুৰ হাউচৰ লগতে চিটি ষ্টেচন আৰু পিনাহাটত ৩০ নৱেম্বৰলৈ শ্বুটিং কৰিবলৈ সাজু নিৰ্মাতাসকল। জয়পুৰ হাউছৰ জ্ৱালা টকীজৰ সন্মুখৰ পথটো চুবেদাৰ চিনেমাৰ বাবে ভেটাউৰ চহৰৰ চেট হিচাপে পৰিগণিত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ