--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ যোৱা বছৰ মুক্তি পাই আৰু অতি সোনকালে মুক্তিৰ এবছৰ সম্পূৰ্ণ হ’বলৈ ওলাইছে কিন্তু এই ছবিখন এতিয়াও বাতৰিৰ শিৰোনাম দখল কৰি আছে। আজিও সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা চিনেমাখনৰ বিষয়ে মানুহে প্ৰশ্ন কৰিয়েই থাকে। উল্লেখ্য যে এই চিনেমাখন কিছুমানে ভাল পাইছিল আৰু কিছুমানে ইয়াত দেখুওৱা ৰক্তপাতক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল।

Animal: Ranbir Kapoor was paid 14 times more than Bobby Deol for ...

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰণবীৰ কাপুৰক তেওঁৰ চিনেমাৰ বিষয়ে সোধা হৈছিল। এনে পৰিস্থিতিত অভিনেতাজনে ইয়াৰ বিষয়ে সবিশেষ জনায়৷
২০২৩ চনৰ ‘এনিমেল’ ছবিখনত ৰণবীৰ কাপুৰৰ অভিনয়ক মানুহে প্ৰশংসা কৰিছিল কিন্তু একে সময়তে তেওঁ ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

আনকি মানুহে সন্দীপ ৰেড্ডী ভাংগাৰ চিনেমা সমাজৰ বাবে ক্ষতিকাৰক আৰু এনে চিনেমাই সমাজখনত বেয়া প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। কিন্তু এতিয়া এই সন্দৰ্ভত ৰণবীৰ কাপুৰে নিজৰ মৌনতা ভংগ কৰিছে। 

ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হোৱা ৰণবীৰ কাপুৰক সোধা হৈছিল যে তেওঁৰ ‘এনিমেল’ ছবিয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে নেকি? ইয়াৰ উত্তৰত অভিনেতাজনে ক’লে যে আপোনাৰ মতামতৰ সৈতে মই সম্পূৰ্ণ একমত। অভিনেতা হিচাপে সমাজত ইতিবাচক প্ৰভাৱ পেলোৱা ছবি আপোনালোকৰ মাজলৈ অনাটো আমাৰ দায়িত্ব। কিন্তু এইটোও সঁচা যে মই এজন অভিনেতা আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ।’

ৰণবীৰে এই বিষয়ে প্ৰথমবাৰৰ বাবে এনে এটা বৃহৎ অনুষ্ঠানত কয়৷ একে সময়তে তেওঁ নিজৰ ককাক ৰাজ কাপুৰৰ জীৱন আৰু উত্তৰাধিকাৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ কাহিনীটো ডাঙৰ পৰ্দালৈ অনাৰ কথা চিন্তা কৰিছে। ৰণবীৰে প্ৰকাশ কৰে যে তেওঁ এই বিষয়ে বহুত চিন্তা কৰিছে আৰু বহু মানুহৰ লগত কথা পাতিছে। ৰাজ কাপুৰৰ জীৱনৰ ওপৰত এখন চিনেমা নিৰ্মাণৰ বিষয়ে ভান্সালীকে ধৰি বহু চলচ্চিত্ৰ নিৰ্মাতাৰ লগত কথা পাতিছে।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ