--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ'চিটাডেল'ৰ শ্বুটিং চলি থকাৰ মাজতে গৰুৰুতৰভাবে  আঘাতপ্ৰাপ্ত হ’ল অভিনেত্ৰী সামান্থা। ফলত সামান্থাই  পেশীৰ প্ৰদাহত ভুগি আছে। অভিনেত্ৰীগৰাকীয়ে অলপতে 'চিটাডেল'ৰ শ্বুটিং আৰম্ভ কৰিছিল। ছেটত ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে সামান্থা আঘাতপ্ৰাপ্ত হয়। তেওঁৰ দুয়োখন হাতৰ আঙুলি কাটি যায়। যোৱা বছৰৰ শেষৰ ফালে আমাজন প্ৰাইম চিৰিজ 'চিটাডেল'ৰ নিৰ্মাত এণ্টনি আৰু জে ৰুচো ভাতৃসকলে কৈছিল যে এইবাৰ ভাৰততো 'চিটাডেল' নিৰ্মাণ কৰা হ'ব। বৰুণ ধাৱান নায়ক হ'ব আৰু সামান্থা নায়িকা হ'ব। শৃংখলাটোৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। তাতেই সামান্থাৰ সৈতে দুৰ্যোগটো ঘটিল।সামান্থাই কটা আঙুলিৰ এখন ফটো পোষ্ট কৰিছে।  

এটা একচন দৃশ্যৰ দৃশ্যগ্ৰহণ চলি থকাৰ সময়তে  পাঞ্চিং কৰাৰ সময়ত সামান্থা আঘাতপ্ৰাপ্ত হয়। শুনা গৈছে যে বৰুণ ধাৱানে আঘাতপ্ৰাপ্ত সামান্থাৰ ভাল যত্ন লৈ আছে।তেওঁ নিজে আগবাঢ়ি গৈ আলফুলে সামান্থাৰ যন্ত লোৱা বহু বহুতে প্ৰকাশ কৰিছে। বৰুণৰ যত্নত সামান্থা ভালেখিনি সুস্থ হৈ উঠিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ উপৰিও, 'চিটাডেল' শৃংখলাৰ দৃশ্যগ্ৰহণ ইটালীত কৰা হ'ব। অৱশ্যে, শৃংখলাটোৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।প্ৰিয়ংকা চোপ্ৰা 'চিটাডেল' শৃংখলাৰ হলিউড সংস্কৰণৰ অন্যতম মুখ্য চৰিত্ৰ। প্ৰিয়ংকাই 'চিটাডেল'ৰ বাবে কেইবাটাও একচন দৃশ্যত অভিনয় কৰিছে।

অভিনেত্ৰীগৰাকীয়ে ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে একাধিকবাৰ আঘাতপ্ৰাপ্ত হৈছে। তেওঁ সেই ছবিবোৰ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। শৃংখলাটোৰ প্ৰথম দৃশ্যাংশ  শেহতীয়াকৈ মুকলি কৰা হৈছে।  আমেৰিকান বিজ্ঞান-কল্পকাহিনী শৃংখলা 'চিটাডেল' একচন আৰু ৰহস্য-ৰোমাঞ্চেৰে পৰিপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু