--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় সংবিধানৰ স্থপতি বি আৰ আম্বেদকাৰৰলপ্ৰসংগ উল্লেখ কৰি বিৰোধীক সমালোচনা কৰে।  শুকুৰবাৰে ৰাজস্থানৰ বাৰমেৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি মোদীয়ে কয়, "বাবাচাহেব আম্বেদকাৰ আহিলেও   সংবিধান ধ্বংস কৰিব নোৱাৰে। চৰকাৰৰ বাবে সংবিধান হৈছে গীতা, কোৰাণ, বাইবেল। ''


কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়েই  অলপতে কৈছিল যে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সংবিধান সলনি কৰাৰ প্ৰয়োজন। সংবিধানৰ পৰিৱৰ্তনৰ বাবে সংসদত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। সেয়েহে বিজেপিয়ে ৪০০ খন আসনৰ লক্ষ্যৰে নিৰ্বাচনত প্ৰৱেশ কৰিছে। ইয়াৰ পিছতে কংগ্ৰেছকে ধৰি বিৰোধীয়ে বিজেপিয়ে সাংবিধানিক ব্যৱস্থা ধ্বংস কৰাৰ বাবে "গোপন পৰিকল্পনা" প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

হেগড়েৰ শেহতীয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "বিজেপি নেতাজনৰ বক্তব্যৰ পৰা এয়া  স্পষ্ট হৈছে যে সংবিধান সলনি কৰিবলৈ ৪০০ খন আসনৰ প্ৰয়োজন। নৰেন্দ্ৰ মোদী আৰু সংঘ পৰিয়ালৰ গোপন পৰিকল্পনা এতিয়া প্ৰকাশ পাইছে। মোদীৰ চূড়ান্ত লক্ষ্য হৈছে বাবাচাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰা। কিয়নো বিজেপিৰ লোকসকলে ন্যায়, সমতা, নাগৰিক অধিকাৰ বা গণতন্ত্ৰ সহ্য কৰিব নোৱাৰে।  তেওঁলোকৰ লক্ষ্য হৈছে সমাজক বিভক্ত কৰা। তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰিব বিচাৰে আৰু স্বৈৰাচাৰী শাসন প্ৰতিষ্ঠা কৰিব বিচাৰে। '' ৰাহুলৰ এনে কথাৰ উত্তৰ হিচাবে মোদীয়ে আম্বেদকাৰৰ প্ৰসংগ উল্লেখ কৰে। 
ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, মোদীয়ে সেই  ৰেলীত সংবিধানৰ অলঙ্ঘনীয় প্ৰয়োজনীয়তাৰ  বিষয়ত আলোকপাত কৰি এই অভিযোগৰ সঁহাৰি দিছিল। মোদীয়ে কয় "কংগ্ৰেছ উন্নয়ন বিৰোধী। তেওঁলোক দেশ বিৰোধী শক্তিৰ মিত্ৰ। মোদীয়ে ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত ব্যস্ত হৈ থকাৰ সময়তে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে দেশক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে। যদি যোৱা বছৰলৈকে ৰাজস্থানত কংগ্ৰেছ শাসনত নাথাকিলহেঁতেন, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বাৰমাৰৰ শোধনাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন "। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী