--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় সংবিধানৰ স্থপতি বি আৰ আম্বেদকাৰৰলপ্ৰসংগ উল্লেখ কৰি বিৰোধীক সমালোচনা কৰে।  শুকুৰবাৰে ৰাজস্থানৰ বাৰমেৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি মোদীয়ে কয়, "বাবাচাহেব আম্বেদকাৰ আহিলেও   সংবিধান ধ্বংস কৰিব নোৱাৰে। চৰকাৰৰ বাবে সংবিধান হৈছে গীতা, কোৰাণ, বাইবেল। ''


কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়েই  অলপতে কৈছিল যে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সংবিধান সলনি কৰাৰ প্ৰয়োজন। সংবিধানৰ পৰিৱৰ্তনৰ বাবে সংসদত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। সেয়েহে বিজেপিয়ে ৪০০ খন আসনৰ লক্ষ্যৰে নিৰ্বাচনত প্ৰৱেশ কৰিছে। ইয়াৰ পিছতে কংগ্ৰেছকে ধৰি বিৰোধীয়ে বিজেপিয়ে সাংবিধানিক ব্যৱস্থা ধ্বংস কৰাৰ বাবে "গোপন পৰিকল্পনা" প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

হেগড়েৰ শেহতীয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "বিজেপি নেতাজনৰ বক্তব্যৰ পৰা এয়া  স্পষ্ট হৈছে যে সংবিধান সলনি কৰিবলৈ ৪০০ খন আসনৰ প্ৰয়োজন। নৰেন্দ্ৰ মোদী আৰু সংঘ পৰিয়ালৰ গোপন পৰিকল্পনা এতিয়া প্ৰকাশ পাইছে। মোদীৰ চূড়ান্ত লক্ষ্য হৈছে বাবাচাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰা। কিয়নো বিজেপিৰ লোকসকলে ন্যায়, সমতা, নাগৰিক অধিকাৰ বা গণতন্ত্ৰ সহ্য কৰিব নোৱাৰে।  তেওঁলোকৰ লক্ষ্য হৈছে সমাজক বিভক্ত কৰা। তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰিব বিচাৰে আৰু স্বৈৰাচাৰী শাসন প্ৰতিষ্ঠা কৰিব বিচাৰে। '' ৰাহুলৰ এনে কথাৰ উত্তৰ হিচাবে মোদীয়ে আম্বেদকাৰৰ প্ৰসংগ উল্লেখ কৰে। 
ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, মোদীয়ে সেই  ৰেলীত সংবিধানৰ অলঙ্ঘনীয় প্ৰয়োজনীয়তাৰ  বিষয়ত আলোকপাত কৰি এই অভিযোগৰ সঁহাৰি দিছিল। মোদীয়ে কয় "কংগ্ৰেছ উন্নয়ন বিৰোধী। তেওঁলোক দেশ বিৰোধী শক্তিৰ মিত্ৰ। মোদীয়ে ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত ব্যস্ত হৈ থকাৰ সময়তে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে দেশক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে। যদি যোৱা বছৰলৈকে ৰাজস্থানত কংগ্ৰেছ শাসনত নাথাকিলহেঁতেন, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বাৰমাৰৰ শোধনাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন "। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু