--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ৷ প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান৷ ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছেও প্ৰকাশ কৰিছে ন্যায়পত্ৰ৷ তাৰমাজতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশবাসীক দিছে এটা বৃহৎ প্ৰতিশ্ৰুতি।

ৰাজস্থানৰ এখন ৰাজহুৱা সভাত বৃহৎ ঘোষণা কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে কয়, ক্ষমতালৈ অহাৰ পাছত দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত এক লাখকৈ টকা দিব ভাৰতীয় জাতীয় কংগ্ৰেছে৷ আৰু এইদৰেই দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যাব বুলিও কয় নেতাগৰাকীয়ে৷

ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ একাউণ্টলৈ বছৰি এক লাখ টকাকৈ প্ৰদান কৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলে প্ৰতি বছৰে এক লাখ টকা একাউণ্টযোগে লাভ কৰিব৷

পূৰ্বে ইন্দিৰা গান্ধীয়েও নিৰ্বাচনী প্ৰচাৰত ‘গৰিবী হাটাও’ৰ শ্লোগান তুলি ধৰিছিল। এইবাৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দলটোৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পথকেই অনুসৰণ কৰিলে৷ এই সন্দৰ্ভত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰতো প্ৰতিশ্ৰুতি দিয়া হৈছে যে যেতিয়ালৈকে পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি নাহে, তেতিয়ালৈকে সেই ধন একাউণ্টত সোমাই থাকিব।

ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে বিজেপিয়ে উদ্যোগপতিসকলৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন লৈছে৷ আনহাতে কংগ্ৰেছ একাউণ্টত লেনদেন বন্ধ কৰা হৈছে। গান্ধীৰ মতে আগন্তুক লোকসভা নিৰ্বাচন আচলতে ২০-২৫ জন পুঁজিপতি আৰু সাধাৰণ শ্ৰমিক-দৰিদ্ৰ লোকৰ মাজত হোৱা এখন যুঁজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী