--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৩৪০০ বছৰ পুৰণি এখন চহৰ ভাইৰেল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে কেইবাখনো ছবি। প্ৰায় ৩৪০০ বছৰ পুৰণি এখন চহৰৰ ধ্বংসাৱশেষৰ ছবি। শেহতীয়াকৈ টাইগ্ৰিছ নদীৰ তলত এনে এখন চহৰ আৱিষ্কাৰ কৰিছে পুৰাতত্ত্ববিদসকলে। কিন্তু, আটাইতকৈ আচৰিত কথাটো হ’ল বহু বছৰৰ আগৰ চহৰখনত সকলো আধুনিক সুবিধা আছিল। সেই চহৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পৃথিৱীৰ প্ৰতিটো চুকে-কোণত বিভিন্ন ধৰণৰ স্থাপত্য বিয়পি পৰিছে। কিছুদিন পূৰ্বে এনে এক সাম্ৰাজ্য আৱিষ্কাৰ কৰা হৈছিল। ইৰাকৰ টাইগ্ৰিছ নদীৰ তলত আৱিষ্কাৰ হৈছে ৩৪০০ বছৰ পুৰণি এখন চহৰ। সেই প্ৰাচীন চহৰখনক লৈ গৱেষকসকলৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে। কাৰণ সেই প্ৰাচীন নগৰখনৰ ধ্বংসাৱশেষত সকলো আচৰিত স্থাপত্য পোৱা গৈছে। বহু বছৰৰ আগতে এনে এখন আধুনিক চহৰ কল্পনা কৰিব পৰা নাছিল। ইয়াৰ কিছু ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হয়।

শেহতীয়াকৈ পুৰাতত্ত্ববিদৰ এটা দলে ইৰাকৰ কুৰ্দিস্তান অঞ্চলত ৩৪০০ বছৰ পুৰণি এখন চহৰ আৱিষ্কাৰ কৰিছে। এই প্ৰাচীন চহৰখন টাইগ্ৰিছ নদীৰ তলত পোৱা গৈছে। পুৰাতত্ত্ববিদসকলে কয় যে এই চহৰখন মিটান্নী সাম্ৰাজ্যই খ্ৰীষ্টপূৰ্ব ৪৭৫ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১২৭৫ চনৰ ভিতৰত প্ৰতিষ্ঠা কৰিছিল। অৱশেষত আৱিষ্কাৰ হ’ল চহৰখনৰ ধ্বংসাৱশেষ। বোকা ইটাৰ দেৱাল, কেইবাটাও টাৱাৰ, বহুমহলীয়া অট্টালিকা আৰু অন্যান্য স্থাপত্যৰ ল্যাণ্ডমাৰ্ক আছে। চহৰখন আছিল অতি আধুনিক। ৩৪০০ বছৰ পুৰণি চহৰখনৰ বিষয়ে জানি আচৰিত হৈছে নেটিজেনসকলো।

জানিব পৰা মতে, টাইগ্ৰিছ নদীৰ পাৰৰ মাছুল বান্ধত পানী কম হোৱাৰ বাবেই চহৰখন আৱিষ্কাৰ কৰা হৈছিল। গৱেষকসকলে জনোৱা মতে, নদীৰ তলত থাকিলেও মহানগৰীৰ বোকাময় দেৱালখন নিখুঁতভাৱে অক্ষত অৱস্থাত আছে। হাজাৰ হাজাৰ বছৰ ধৰি পানীৰ তলত কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আছে। জানিব পৰা মতে, মথাউৰি নিৰ্মাণৰ বাবেই মহানগৰীখন পানীৰ তললৈ নামি গৈছিল। কিন্তু, খৰাঙৰ বাবে ই পুনৰ নদীৰ ওপৰলৈ আহিল। জানিব পৰা মতে, চহৰখনৰ বিশাল অঞ্চলসমূহ এতিয়াও অন্বেষণ কৰিবলগীয়া হৈছে। কাৰণ যথেষ্টখিনি ঠাই এতিয়াও পানীৰ তলত আছে। ইফালে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৩৪০০ বছৰ পুৰণি চহৰখনৰ ছবিখন।

গৱেষক আৰু পুৰাতত্ত্ববিদসকলে নিজেই এনে এখন চহৰ বিচাৰি যথেষ্ট আচৰিত হয়। কাৰণ তাত সকলো আধুনিক বস্তুৰ ধ্বংসাৱশেষ পোৱা গৈছে যিবোৰ যথেষ্ট আচৰিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক