--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ বনজুয়ে কালৰূপ ধাৰণ কৰিছে কেলিফ'ৰ্ণিয়াত। উত্তৰ কেলিফ'ৰ্ণিয়াত বিগত কিছুদিন ধৰি হৈ থকা বনজুইৰ ফলত এতিয়ালৈকে ১৮,০০০ একৰ বনাঞ্চল ছাই হৈ গৈছে ।  কৰ্তৃপক্ষই ৬,০০০ তকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। । ইতিমধ্যে ৩,০০০ৰো অধিক লোকৰ  ঘৰ বনজুয়ে সম্পূৰ্ণ ৰূপে গ্ৰাস কৰিছে।

কেলিফ'ৰ্ণিয়াৰ গভৰ্ণৰ গেভিন নিউজমে বনজুয়ে সৰ্বাধিক ক্ষতি কৰা মাৰিপোচা কাউণ্টিত জৰুৰীকালীন অৱস্থা জাৰি কৰিছে। কেলিফ'ৰ্ণিয়াত এই বছৰেই আটাইতকৈ বিধ্বংসী বনজুই হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। জুইলগাৰ ফলত প্ৰায় ২,০০০ ঘৰ খালি কৰা হৈছে। বনজুয়ে গ্ৰাস কৰা অঞ্চলৰ কাষৰীয়া বহু ঠাইত  উদ্যোগ আদিত বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে। ৪৫ খন অগ্নি নিৰ্বাপক গাড়ী আৰু ৪০০ তকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে জুইৰ সৈতে যুঁজি আছে। চাৰিখন হেলিকপ্টাৰ আৰু অতিৰিক্ত জেচিবিৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰা হৈছে যদিও সফল হ'ব পৰা নাই। স্থানীয় কৰ্তৃপক্ষৰ মতে বনজুইৰ ফলত শ শ বাহনো জুইত জাহ গৈছে।

 শুকান বতৰ, উষ্ণ জলবায়ু আৰু খৰাঙৰ বাবে শেহতীয়া বছৰবোৰত কেলিফৰ্ণিয়াৰ বনজুই অভূতপূৰ্ব গতিত বৃদ্ধি পাইছে। কেলিফ'ৰ্ণিয়াত আটাইতকৈ ভয়ংকৰ বনজুই সংঘটিত হৈছিল ২০২০  আৰু ২০২১ চনত বনজুয়ে কেলিফ'ৰ্ণিয়াৰ মুঠ ৬.৮ নিযুত একৰ জংঘল পুৰি নিঃশেষ কৰিছিল।

লক্ষ্যণীয় কথাটো হ'ল কেলিফ'ৰ্ণিয়াৰ বনজুইৰ ধোঁৱা আনকি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰাও ওলোৱা দেখা গৈছে। কৰ্তৃপক্ষই চান ফ্ৰাঞ্চিস্কো উপসাগৰীয় অঞ্চলত বায়ুৰ গুণগত মান পৰীক্ষা কৰাৰ  নিৰ্দেশ দিছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই কেলিফ'ৰ্ণিয়াত বনজুয়ে অধিক সৰ্বনাশী ৰূপ ধাৰণ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু