--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ বনজুয়ে কালৰূপ ধাৰণ কৰিছে কেলিফ'ৰ্ণিয়াত। উত্তৰ কেলিফ'ৰ্ণিয়াত বিগত কিছুদিন ধৰি হৈ থকা বনজুইৰ ফলত এতিয়ালৈকে ১৮,০০০ একৰ বনাঞ্চল ছাই হৈ গৈছে ।  কৰ্তৃপক্ষই ৬,০০০ তকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। । ইতিমধ্যে ৩,০০০ৰো অধিক লোকৰ  ঘৰ বনজুয়ে সম্পূৰ্ণ ৰূপে গ্ৰাস কৰিছে।

কেলিফ'ৰ্ণিয়াৰ গভৰ্ণৰ গেভিন নিউজমে বনজুয়ে সৰ্বাধিক ক্ষতি কৰা মাৰিপোচা কাউণ্টিত জৰুৰীকালীন অৱস্থা জাৰি কৰিছে। কেলিফ'ৰ্ণিয়াত এই বছৰেই আটাইতকৈ বিধ্বংসী বনজুই হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। জুইলগাৰ ফলত প্ৰায় ২,০০০ ঘৰ খালি কৰা হৈছে। বনজুয়ে গ্ৰাস কৰা অঞ্চলৰ কাষৰীয়া বহু ঠাইত  উদ্যোগ আদিত বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে। ৪৫ খন অগ্নি নিৰ্বাপক গাড়ী আৰু ৪০০ তকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে জুইৰ সৈতে যুঁজি আছে। চাৰিখন হেলিকপ্টাৰ আৰু অতিৰিক্ত জেচিবিৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰা হৈছে যদিও সফল হ'ব পৰা নাই। স্থানীয় কৰ্তৃপক্ষৰ মতে বনজুইৰ ফলত শ শ বাহনো জুইত জাহ গৈছে।

 শুকান বতৰ, উষ্ণ জলবায়ু আৰু খৰাঙৰ বাবে শেহতীয়া বছৰবোৰত কেলিফৰ্ণিয়াৰ বনজুই অভূতপূৰ্ব গতিত বৃদ্ধি পাইছে। কেলিফ'ৰ্ণিয়াত আটাইতকৈ ভয়ংকৰ বনজুই সংঘটিত হৈছিল ২০২০  আৰু ২০২১ চনত বনজুয়ে কেলিফ'ৰ্ণিয়াৰ মুঠ ৬.৮ নিযুত একৰ জংঘল পুৰি নিঃশেষ কৰিছিল।

লক্ষ্যণীয় কথাটো হ'ল কেলিফ'ৰ্ণিয়াৰ বনজুইৰ ধোঁৱা আনকি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰাও ওলোৱা দেখা গৈছে। কৰ্তৃপক্ষই চান ফ্ৰাঞ্চিস্কো উপসাগৰীয় অঞ্চলত বায়ুৰ গুণগত মান পৰীক্ষা কৰাৰ  নিৰ্দেশ দিছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই কেলিফ'ৰ্ণিয়াত বনজুয়ে অধিক সৰ্বনাশী ৰূপ ধাৰণ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক