--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব প্ৰসিদ্ধ 'টাইটানিক' ছবিৰ নায়িকা ৰোজৰ জীৱন  ৰক্ষা কৰা সেই বিশেষ  দুৱাৰখন নিলাম  কৰা হৈছে। দুৱাৰখন ৭,১৮,৭৫০ ডলাৰত নিলাম কৰা হৈছে। 'টাইটানিক' ছবিখনে বিশ্বজুৰি খলকনি তোলাৰ ২৫  বছৰৰো অধিক কাল হ'ল, কিন্তু আজিও কোনেও ছবি খনৰ কথা পাহৰিব পৰা নাই।  

মানুহে এই চিনেমাখন ভালপোৱাৰ  বহু  কাৰণ আছে। যদি কোনোবাই ইয়াত দেখুওৱা প্ৰেমকাহিনী ভালপায়,  কোনোবাই আকৌ জাহাজ খনৰ হৃদয়বিদাৰক সমাপ্তিক লৈ কৌতূহলী। ছবি খনত লিওনাৰ্ডো ডিকেপ্ৰিঅ' আৰু কেট উইন্সলেটৰ প্ৰেম কাহিনীত এখন  দুৱাৰে বিশেষ স্থান লাভ কৰিছে।  বহুচৰ্চিত দুৱাৰ খনেই জাহাজ খন ডুবি যোৱাৰ পিছত নায়িকা ৰোজৰ প্ৰাণ ৰক্ষা কৰিছিল। 

এতিয়া এই দুৱাৰখনেই  নিলাম কৰা হৈছে।  ৰোজৰ জীৱন ৰক্ষা কৰা দুৱাৰখনৰ শেহতীয়া নিলামত৭১৮,৭৫০  পোৱা গৈছে। ভাৰতীয় হিচাবত এই ধনৰ পৰিমাণ  ৫.৮৩ কোটি টকা।  ইয়াৰ উপৰিও কেট উইন্সলেটে দ্বাৰা পৰিধান কৰা পোছাক ১,২৫,০০০ ডলাৰত নিলাম কৰা হৈছে।
নিলাম হোৱা দুৱাৰ খন জাহাজখনৰ প্ৰথম শ্ৰেণীৰ লাউঞ্জৰ প্ৰৱেশদ্বাৰৰ ঠিক ওপৰৰ দুৱাৰৰ ফ্ৰেমৰ অংশ আছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু