--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে অভিনেত্ৰী অদা শৰ্মা। তেওঁৰ দোষ হ’ল তেওঁ ইফতাৰ পাৰ্টী এটাত অংশগ্ৰহণ কৰিছিল।  অভিনেত্ৰীগৰাকী তেওঁৰ  ছবি 'বস্তাৰ: দ্য নক্সাল ষ্টৰী'ৰ বাবে বাতৰিৰ শিৰোনামত  আছে। ইয়াৰ পূৰ্বে তেওঁ  'দ্য কেৰালা ষ্টৰী' ছবিখনত তেওঁৰ চৰিত্ৰটোৰ বাবে সংবাদ  শিৰোনাম দখল কৰিছিল। এনে সময়তে অভিনেত্ৰাগৰাকী  আকৌ এবাৰ বাতৰিৰ শিৰোনামলৈ  আহিছে। প্ৰকৃততে, অদাই মুম্বাইত ৰাজনীতিক  বাবা চিদ্দিকীৰ ইফতাৰ পাৰ্টিত উপস্থিত আছিল। 

সেইবাবেই বহুতে তেওঁক সমালোচনা কৰিছে।  অনুৰাগীসকলে তেওঁক ব্যাপক হাৰত  ট্ৰ'ল কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে এক্সত লিখিছে  , 'অদা ইমান প্ৰৱঞ্চক! সাধাৰণ সময়ত  মুছলমানসকল এই লোকসকলৰ বাবে বেয়া। তেওঁলোকৰ বিৰুদ্ধে ঘৃণামূলক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়, কিন্তু ৰমজানত, মুছলমানসকল এই লোকসকলৰ বাবে মহান হৈ পৰে কিয়নো তেওঁলোকক বিৰিয়ানীৰ বাবে আমন্ত্ৰণ জনোৱা হয়।" 

ব্যৱহাৰকাৰীৰ পোষ্টৰ সঁহাৰি দি অদাই লিখিছে, "সন্ত্ৰাসবাদীসকল খলনায়ক, মুছলমান নহয়।" উল্লেখ্য 'দ্য কেৰালা ষ্টৰী' ত  অদাই কৰা অভিনয়ক বহুতে প্ৰশংসা কৰিছিল। ছবি খনত ধৰ্মান্তৰকৰণৰ কথা ফুটাই তোলা হৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু