--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত তাজমহলত মহাশিৱৰাত্ৰি আয়োজনৰ অনুমতি বিচাৰি আগ্ৰাৰ হিন্দু ধৰ্মীয় সংগঠনে ন্যায়ালয়ত দাখিল কৰিছে আৱেদন। 

যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ তৰফৰপৰা আগ্ৰাৰ Civil Judge Senior Division আদালতত দাখিল কৰিছে আবেদন। দাখিল কৰা আবেদনখনত তাজমহলৰ মূল স্মৃতিসৌধতো দুগ্ধ অভিষেকৰ দাবী উত্থাপন কৰিছে সংগঠনটোয়ে।

আবেদন দাখিল কৰা হিন্দু সংগঠনটোৱে দাবী কৰিছে যে তাজমহলৰ মূল কীৰ্তিচিহ্নৰ তলৰ বেছমেণ্টত আছে এটা শিৱলিংগ। অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰিৰ উৎসৱ। সোমবাৰে হিন্দু সংগঠনটোৱে তাজমহলত পূজা কৰিবলৈ আদালতৰ পৰা বিচাৰিছে অনুমতি।

সংগঠনটোৰ দাবী ‘তেজো মহালয়া শিৱ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল’ তাজমহল। যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ ৰাজ্যিক সভাপতি কুঁৱৰ অজয় তোমৰে কয় যে তাজমহল থকা ঠাইত ৰজা পৰম দেৱে ১২১২ চনত শিৱলিংগ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ নাম আছিল তেজো মহালয়া। তেওঁলোকে কয় যে মোগলে তেজো মহালয়া শিৱ মন্দিৰ ভাঙি ইয়াত তাজমহল নিৰ্মাণ কৰিছিল। 

হিন্দু পূজা বন্ধ কৰিবলৈ মোগল শাসকে তাজমহলত কৃত্ৰিম সমাধি নিৰ্মাণ কৰিছিল। তেওঁলোকে কয় যে ১৬৩১ চনত মমতাজৰ মৃত্যু হৈছিল, আৰু তেওঁক মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ তাপ্তী নদীৰ পাৰত সমাধিস্থ কৰা হৈছিল। আনহাতে তাজমহল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৬৩২ চনত। গতিকে স্পষ্ট হৈ আছে এয়া কোনোমতেই মমতাজৰ সমাধি নহয়।

পিছে তাজমহল আৰু তেজো মহালয়াক লৈ দীৰ্ঘ সময়ৰ পৰা চলি থকা বিতৰ্কৰ পিছত এতিয়া হিন্দু সংগঠনে কৰা আবেদনৰ ভিত্তিত আদালতে মহাশিৱৰাত্ৰি আয়োজনৰ আবেদনক খাৰিজ কৰে নে অনুমতি প্ৰদান কৰে সেয়া সময়ত হ'ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement