--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত তাজমহলত মহাশিৱৰাত্ৰি আয়োজনৰ অনুমতি বিচাৰি আগ্ৰাৰ হিন্দু ধৰ্মীয় সংগঠনে ন্যায়ালয়ত দাখিল কৰিছে আৱেদন। 

যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ তৰফৰপৰা আগ্ৰাৰ Civil Judge Senior Division আদালতত দাখিল কৰিছে আবেদন। দাখিল কৰা আবেদনখনত তাজমহলৰ মূল স্মৃতিসৌধতো দুগ্ধ অভিষেকৰ দাবী উত্থাপন কৰিছে সংগঠনটোয়ে।

আবেদন দাখিল কৰা হিন্দু সংগঠনটোৱে দাবী কৰিছে যে তাজমহলৰ মূল কীৰ্তিচিহ্নৰ তলৰ বেছমেণ্টত আছে এটা শিৱলিংগ। অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰিৰ উৎসৱ। সোমবাৰে হিন্দু সংগঠনটোৱে তাজমহলত পূজা কৰিবলৈ আদালতৰ পৰা বিচাৰিছে অনুমতি।

সংগঠনটোৰ দাবী ‘তেজো মহালয়া শিৱ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল’ তাজমহল। যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ ৰাজ্যিক সভাপতি কুঁৱৰ অজয় তোমৰে কয় যে তাজমহল থকা ঠাইত ৰজা পৰম দেৱে ১২১২ চনত শিৱলিংগ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ নাম আছিল তেজো মহালয়া। তেওঁলোকে কয় যে মোগলে তেজো মহালয়া শিৱ মন্দিৰ ভাঙি ইয়াত তাজমহল নিৰ্মাণ কৰিছিল। 

হিন্দু পূজা বন্ধ কৰিবলৈ মোগল শাসকে তাজমহলত কৃত্ৰিম সমাধি নিৰ্মাণ কৰিছিল। তেওঁলোকে কয় যে ১৬৩১ চনত মমতাজৰ মৃত্যু হৈছিল, আৰু তেওঁক মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ তাপ্তী নদীৰ পাৰত সমাধিস্থ কৰা হৈছিল। আনহাতে তাজমহল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৬৩২ চনত। গতিকে স্পষ্ট হৈ আছে এয়া কোনোমতেই মমতাজৰ সমাধি নহয়।

পিছে তাজমহল আৰু তেজো মহালয়াক লৈ দীৰ্ঘ সময়ৰ পৰা চলি থকা বিতৰ্কৰ পিছত এতিয়া হিন্দু সংগঠনে কৰা আবেদনৰ ভিত্তিত আদালতে মহাশিৱৰাত্ৰি আয়োজনৰ আবেদনক খাৰিজ কৰে নে অনুমতি প্ৰদান কৰে সেয়া সময়ত হ'ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু