--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচনৰ বাবে এতিয়া দেশ প্ৰায় সাজু হৈ উঠিছে৷ এনে সময়তে বিজেপিয়েও প্ৰথম খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি  নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই পেট্ৰ'ল পাম্প আৰু ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলক বৰ্তমানৰ হৰ্ডিং আৰু কল্যাণমূলক আঁচনিৰ বেনাৰৰ সলনি বিজেপিৰ নিৰ্বাচনী শ্লোগান 'মোদী কি গেৰাণ্টি'ৰ হৰ্ডিং আঁৰিবলৈ কৈছে৷  দ্য ৱায়াৰৰ খবৰ অনুসৰি  সেই হৰ্ডিঙত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক চিলিণ্ডাৰ দিয়াৰ এখন ছবিও আছে।

উল্লেখ্য লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে সম্পূৰ্ণ শক্তিৰে প্ৰচাৰ আৰম্ভ কৰিছে।সকলো চৰকাৰী পেট্ৰ'ল পাম্পৰ মেনেজাৰসকলক বুধবাৰৰ ভিতৰত নতুন ফ্লেক্স হৰ্ডিং স্থাপন কৰাটো নিশ্চিত কৰাত  "সহযোগিতা" কৰিবলৈ কোৱা হৈছে বুলিও বাতৰিত প্ৰকাশ ৷

অৱশ্যে, নিৰ্বাচন আয়োগে বহু প্ৰতীক্ষিত সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত আৰু নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত এই হৰ্ডিংবোৰ আঁতৰ কৰা হ'ব।

ইয়াৰ পূৰ্বে ২০২১ চনৰ মাৰ্চ মাহত পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত পদক্ষেপ গ্ৰহণ  কৰিছিল আৰু পেট্ৰ'ল পাম্পসমূহক প্ৰধানমন্ত্ৰী মোদীৰ ছবিথকা সকলো হৰ্ডিং আঁতৰাবলৈ কৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক