--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচনৰ বাবে এতিয়া দেশ প্ৰায় সাজু হৈ উঠিছে৷ এনে সময়তে বিজেপিয়েও প্ৰথম খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি  নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই পেট্ৰ'ল পাম্প আৰু ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলক বৰ্তমানৰ হৰ্ডিং আৰু কল্যাণমূলক আঁচনিৰ বেনাৰৰ সলনি বিজেপিৰ নিৰ্বাচনী শ্লোগান 'মোদী কি গেৰাণ্টি'ৰ হৰ্ডিং আঁৰিবলৈ কৈছে৷  দ্য ৱায়াৰৰ খবৰ অনুসৰি  সেই হৰ্ডিঙত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক চিলিণ্ডাৰ দিয়াৰ এখন ছবিও আছে।

উল্লেখ্য লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে সম্পূৰ্ণ শক্তিৰে প্ৰচাৰ আৰম্ভ কৰিছে।সকলো চৰকাৰী পেট্ৰ'ল পাম্পৰ মেনেজাৰসকলক বুধবাৰৰ ভিতৰত নতুন ফ্লেক্স হৰ্ডিং স্থাপন কৰাটো নিশ্চিত কৰাত  "সহযোগিতা" কৰিবলৈ কোৱা হৈছে বুলিও বাতৰিত প্ৰকাশ ৷

অৱশ্যে, নিৰ্বাচন আয়োগে বহু প্ৰতীক্ষিত সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত আৰু নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত এই হৰ্ডিংবোৰ আঁতৰ কৰা হ'ব।

ইয়াৰ পূৰ্বে ২০২১ চনৰ মাৰ্চ মাহত পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত পদক্ষেপ গ্ৰহণ  কৰিছিল আৰু পেট্ৰ'ল পাম্পসমূহক প্ৰধানমন্ত্ৰী মোদীৰ ছবিথকা সকলো হৰ্ডিং আঁতৰাবলৈ কৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু