--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহলৰ বিষয়ে আদালতত উত্থাপন কৰা এখনি চৰ্চিত আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে ন্যায়ালয়ে আবেদনখনক পাব্লিচিটি ইণ্টাৰেষ্টৰ বাবে কৰা বুলি আখ্যা দিয়ে৷ আবেদনখনি তাজমহলৰ ইতিহাস সম্পৰ্কীয় আছিল৷ আবেদনখত তাজমহলত নোখোলাকৈ ৰখা ২২টাকৈ কোঠালিৰ সম্ভেদ বিচৰা হৈছিল৷

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ অযোধ্যা শাখাৰ মিডিয়া-ইন-চাৰ্জ ৰাজনীশ সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ত উক্ত আবেদনখনি দাখিল কৰিছিল৷ যোৱা ১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়েও আবেদনখনি খাৰিজ কৰে৷ তাৰপাছতে বিষয়টো গৈ উচ্চতম ন্যায়ালয় পায়গৈ৷

ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম চুন্দ্ৰেশৰ গঠিত এখন বিচাৰপীঠে আবেদনখনি খাৰিজ কৰিছে৷ আবেদনখনক পাব্লিচিটি ইন্টাৰেষ্টজনীত বুলি কৈ বিচাৰপীঠখনে কয় যে ইয়াক খাৰিজ কৰাত উচ্চতম ন্যায়ালয়ৰ কোনো ভ্ৰান্তি হোৱা নাই৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ দ্বাৰা সুৰক্ষিত তাজমহলক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি সোঁপন্থী হিন্দু সংগঠনসমূহে বিতৰ্কৰ সূত্ৰপাত কৰি আহিছে৷ তেওঁলোকে দাবী কৰে যে মোগলে তাজমহল নিৰ্মাণ কৰাৰ আগলৈকে উক্ত ঠাইখিনিত এটা শিৱ মন্দিৰ আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু