--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাজমহলৰ বিষয়ে আদালতত উত্থাপন কৰা এখনি চৰ্চিত আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে ন্যায়ালয়ে আবেদনখনক পাব্লিচিটি ইণ্টাৰেষ্টৰ বাবে কৰা বুলি আখ্যা দিয়ে৷ আবেদনখনি তাজমহলৰ ইতিহাস সম্পৰ্কীয় আছিল৷ আবেদনখত তাজমহলত নোখোলাকৈ ৰখা ২২টাকৈ কোঠালিৰ সম্ভেদ বিচৰা হৈছিল৷

উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ অযোধ্যা শাখাৰ মিডিয়া-ইন-চাৰ্জ ৰাজনীশ সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ত উক্ত আবেদনখনি দাখিল কৰিছিল৷ যোৱা ১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়েও আবেদনখনি খাৰিজ কৰে৷ তাৰপাছতে বিষয়টো গৈ উচ্চতম ন্যায়ালয় পায়গৈ৷

ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম চুন্দ্ৰেশৰ গঠিত এখন বিচাৰপীঠে আবেদনখনি খাৰিজ কৰিছে৷ আবেদনখনক পাব্লিচিটি ইন্টাৰেষ্টজনীত বুলি কৈ বিচাৰপীঠখনে কয় যে ইয়াক খাৰিজ কৰাত উচ্চতম ন্যায়ালয়ৰ কোনো ভ্ৰান্তি হোৱা নাই৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ দ্বাৰা সুৰক্ষিত তাজমহলক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি সোঁপন্থী হিন্দু সংগঠনসমূহে বিতৰ্কৰ সূত্ৰপাত কৰি আহিছে৷ তেওঁলোকে দাবী কৰে যে মোগলে তাজমহল নিৰ্মাণ কৰাৰ আগলৈকে উক্ত ঠাইখিনিত এটা শিৱ মন্দিৰ আছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক