--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'সময় পাখি লগা কাঁড়ৰ দৰে’। চাওঁতে চাওঁতে আকৌ এটা বছৰে বিদায় লোৱাৰ সময় আহিল। এয়া ২০২২ বৰ্ষৰ সকলো অসম্পূৰ্ণ কাম আৰু সপোনক আধাৰ কৰি এক নৱতম চিন্তা, পৰিকল্পনাৰে নতুনক আদৰিবলৈ সকলো সাজু হোৱাৰ সময়। ভাল-বেয়া বহু নিত্য নতুন খবৰে পাৰ হ'ল ২০২২ বৰ্ষটো। বছৰৰ শেষত জানো আহক ভাৰতীয় সকলে ২০২২ বৰ্ষত গুগলত সন্ধান চলোৱা শীৰ্ষ ১০ গৰাকী ব্যক্তিৰ বিষয়ে -

বৰ্তমান সময়ত আমাৰ সকলো সৰু-ডাঙৰ সমস্যাৰ সমাধানেই হৈছে গুগল। যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে আমাৰ একমাত্ৰ উপায় হ'ল গুগল চাৰ্চ। যদিও অভিনেতা আলিয়া ভাটৰ পৰা দীপিকা পাডুকন আৰু টিভি তাৰকা উৰ্ফি জাভেদ এই বছৰ লাইমলাইটত আছিল, কিন্তু আপুনি জানি আচৰিত হ’ব যে তেওঁলোকৰ কোনোৱেই গুগল ২৯২২ বৰ্ষৰ চাৰ্চ লিষ্টত স্থান লাভ কৰা নাছিল। গুগলে এই বছৰত ভাৰতীয় সকলে কোনো ব্যক্তিক বিচাৰি কৰা গুগল চাৰ্চৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত ভাৰতীয় নেতা নুপুৰ শৰ্মা এই তালিকাৰ শীৰ্ষত আছে। এই তালিকাত স্থান পোৱা একমাত্ৰ হলিউডৰ অভিনেত্ৰীগৰাকী হৈছে দশম স্থানত থকা এম্বাৰ হাৰ্ড। জানো আহক ভাৰতীয় সকলে ২০২২ বৰ্ষত গুগলত সন্ধান চলোৱা শীৰ্ষ ১০ গৰাকী লোক কোন কোন ?

১) নুপুৰ শৰ্মাঃ ২০২২ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা ব্যক্তি আছিল ভাৰতীয় ৰাজনীতিবিদ নুপুৰ শৰ্মা। উল্লেখযোগ্য যে নুপুৰে মুছলমান ধৰ্মগুৰু হজৰত পয়গম্বৰ বিৰুদ্ধে তীব্ৰ বিতৰ্কিত বক্তব্য দিছিল, যাৰ ফলত ভাৰতৰ লগতে বিদেশী মুছলমান দেশতো বহু বিৰোধিতা হৈছিল। এই বিতৰ্কৰ পাছত মানুহে নুপুৰ শৰ্মাৰ বিষয়ে জানিব বিচাৰিছিল আৰু গুগলত তেওঁক আটাইতকৈ বেছি চাৰ্চ কৰিছিল।

২) দ্ৰৌপদী মুৰ্মুঃ ভাৰতৰ জনজাতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু গুগলত সৰ্বাধিক চাৰ্চ কৰা ব্যক্তিৰ দুই নম্বৰত আছে। প্ৰতিভা পাটেলৰ পাছত ৰাষ্ট্ৰপতি পদৰ বাঘজৰী দখল কৰা দ্বিতীয়গৰাকী মহিলা আছিল দ্ৰৌপদী মুৰ্মু।

৩) ঋষি ছুনাকঃ গুগল চাৰ্চত তৃতীয় স্থানত আছে ব্ৰিটেইনৰ প্ৰথমজন ভাৰতীয় মূলৰ ঋষি সুনক। ব্ৰিটেইনত দীৰ্ঘদিন ধৰি ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ অন্তত ঋষি প্ৰধানমন্ত্ৰী পদলৈ নিৰ্বাচিত হয়, তাৰ পিছত ভাৰতীয়সকলে উত্তেজিত হৈ তেওঁৰ বিষয়ে অধিক জানিব বিচাৰিছিল।

৪) ললিত মোডীঃ ভাৰতীয় ব্যৱসায়ী তথা আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোডীও ব্যক্তিগত জীৱনৰ বাবে এইবাৰ শিৰোনাম দখল কৰিছিল। গুগল চাৰ্চ লিষ্টত তেওঁ চতুৰ্থ স্থান লাভ কৰিছে। এইবাৰ তেওঁ সুষমিতা সেনৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে আলোচনাত মিলিত হৈছিল, যাৰ বাবে তেওঁৰ বিষয়ে জানিবলৈ মানুহে কৌতুহলী হৈছিল।

৫) সুষমিতা সেন: ভাৰতীয় অভিনেত্ৰী, মডেল তথা মিছ ইউনিভাৰ্ছ সুষমিতা সেন পঞ্চম স্থানত।ললিত মোডীৰ সৈতে সম্পৰ্কক লৈ আলোচনাত মিলিত হৈছিল আৰু লগতে বহুত ট্ৰল কৰা হৈছিল যদিও পিছত ললিতৰ সৈতে সম্পৰ্কৰ খবৰ অস্বীকাৰ কৰিছিল।

৬) অঞ্জলি আৰোৰাঃ অঞ্জলি বিখ্যাত হৈছে তেওঁৰ ছ’চিয়েল মিডিয়া ভিডিঅ’ৰ বাবে, লগতে এই বছৰ তেওঁৰ এটা এমএমএছ ফাদিল হৈছিল, তাৰ পাছত মানুহে তেওঁক গুগলত বহুত চাৰ্চ কৰিছিল আৰু এইদৰে তেওঁ তালিকাত ষষ্ঠ স্থান লাভ কৰিছিল।

৭) আব্দুল ৰোজিকঃ গুগল চাৰ্চত সপ্তম স্থান লাভ কৰিছে আব্দুল ৰোজিকে। বৰ্তমান তেওঁক বিগ-বছ শ্ব’তো দেখা যায় য’ত তেওঁ ৰাইজৰ পৰা বহুত মৰম লাভ কৰি আছে।

৮) একনাথ সিন্দে: ভাৰতীয় নেতা একনাথ সিন্দে মহাৰাষ্ট্ৰৰ ২০ সংখ্যক পিএম আৰু এইবাৰ তেওঁ শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেৰ সৈতে হোৱা বিবাদৰ বাবে শিৰোনাম দখল কৰিছিল। গুগলৰ তালিকাত তেওঁ অষ্টম স্থান লাভ কৰিছে।

৯) প্ৰবীণ তাম্বেঃ প্ৰবীণ বিজয় তাম্বে এনে এজন ক্ৰিকেটাৰ যিয়ে ৪১ বছৰ বয়সত আই পি এলত অভিষেক ঘটায়, যাৰ ফলত তেওঁ আই পি এলৰ আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।শ্ৰেয়াছ তালপাডে অভিনীত জীৱনীমূলক ছবি ‘কৌন প্ৰবীণ তাম্বে?’ ৰ বাবে ২০২২ বৰ্ষত চৰ্চিত হৈ পৰে।

১০) এম্বাৰ হেয়াৰ্ড: ভাৰতীয় গুগল চাৰ্চ লিষ্টত স্থান পোৱা একমাত্ৰ বিদেশী হলিউডৰ অভিনেত্ৰী এম্বাৰ হেয়াৰ্ড। এই বছৰ তেওঁ প্ৰাক্তন স্বামী জনী ডেপৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰটোৰ বিৰুদ্ধে যুঁজি থাকিল, যাৰ বাবে তেওঁ শিৰোনামত থাকি তালিকাত দশম স্থান লাভ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক