--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিভ’ৰ্চী মহিলাৰ দৰে আছিল সীতাৰ জীৱন! এই মন্তব্য কৰিছে মধ্যপ্ৰদেশৰ উচ্চশিক্ষামন্ত্ৰী তথা বিজেপি নেতা মোহন যাদৱে। উজ্জয়িনীৰ এটা দলীয় অনুষ্ঠানত তেওঁ সাম্প্ৰতিক কালৰ বিবাহবিচ্ছেদিত মহিলাসকলৰ স’তে সীতাৰ তুলনা কৰে।

''ইমান দুখ-কষ্টৰ পাছতো সীতা মাতাৰ মনত তেওঁৰ স্বামীৰ প্ৰতি ইমানেই শ্ৰদ্ধা আছিল যে তেওঁ সকলো পাহৰি শ্ৰীৰামৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছিল। আজিৰ তাৰিখলৈ লক্ষ্য কৰিলে সীতা মাতাৰ জীৱন আচলতে এগৰাকী বিবাহবিচ্ছিন্না মহিলাৰ জীৱনৰ দৰেই!’’- মন্ত্ৰীগৰাকীয়ে এইদৰে কৈছিল।

মন্‌ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিৰোধী পক্ষৰ ফালৰ পৰা তীব্ৰ আক্ৰমণ কৰা হৈছে। সীতাৰ প্ৰতি অপমান কৰা হৈছে বুলি তেওঁলোকে আপত্তি কৰিছে। মন্তব্যটোৰ বাবে মন্‌ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈও বিৰোধী দল ক্গ্ৰেছে দাবী জনাইছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানলৈ উদ্দেশ্যি কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে কয়-  ''শ্ৰীৰাম আৰু সীতা মাতাৰ প্ৰতি যদি আপোনাৰ অলপো শ্ৰদ্ধা আছে, তেন্তে মন্ত্ৰী মোহন যাদৱক এতিয়াই বৰ্খাস্ত কৰক।’’

বজৰং দলকো আক্ৰমণ কৰি দিগ্বিজয় সিঙে কয়- ''যিসকলে নিজকে সকলো সময়তে ৰামভক্ত বুলি কয়, বজৰং দলৰ সেই বাহুবলীসকল এতিয়া ক’ত লুকাই আছে?’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু