--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিভ’ৰ্চী মহিলাৰ দৰে আছিল সীতাৰ জীৱন! এই মন্তব্য কৰিছে মধ্যপ্ৰদেশৰ উচ্চশিক্ষামন্ত্ৰী তথা বিজেপি নেতা মোহন যাদৱে। উজ্জয়িনীৰ এটা দলীয় অনুষ্ঠানত তেওঁ সাম্প্ৰতিক কালৰ বিবাহবিচ্ছেদিত মহিলাসকলৰ স’তে সীতাৰ তুলনা কৰে।

''ইমান দুখ-কষ্টৰ পাছতো সীতা মাতাৰ মনত তেওঁৰ স্বামীৰ প্ৰতি ইমানেই শ্ৰদ্ধা আছিল যে তেওঁ সকলো পাহৰি শ্ৰীৰামৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছিল। আজিৰ তাৰিখলৈ লক্ষ্য কৰিলে সীতা মাতাৰ জীৱন আচলতে এগৰাকী বিবাহবিচ্ছিন্না মহিলাৰ জীৱনৰ দৰেই!’’- মন্ত্ৰীগৰাকীয়ে এইদৰে কৈছিল।

মন্‌ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিৰোধী পক্ষৰ ফালৰ পৰা তীব্ৰ আক্ৰমণ কৰা হৈছে। সীতাৰ প্ৰতি অপমান কৰা হৈছে বুলি তেওঁলোকে আপত্তি কৰিছে। মন্তব্যটোৰ বাবে মন্‌ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈও বিৰোধী দল ক্গ্ৰেছে দাবী জনাইছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানলৈ উদ্দেশ্যি কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে কয়-  ''শ্ৰীৰাম আৰু সীতা মাতাৰ প্ৰতি যদি আপোনাৰ অলপো শ্ৰদ্ধা আছে, তেন্তে মন্ত্ৰী মোহন যাদৱক এতিয়াই বৰ্খাস্ত কৰক।’’

বজৰং দলকো আক্ৰমণ কৰি দিগ্বিজয় সিঙে কয়- ''যিসকলে নিজকে সকলো সময়তে ৰামভক্ত বুলি কয়, বজৰং দলৰ সেই বাহুবলীসকল এতিয়া ক’ত লুকাই আছে?’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক