--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দেশ এক ভোটৰ পৰা CAA লৈকে তামিলনাডুৰ শাসকীয় দল ডি এম কেয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ৰাষ্ট্ৰীয় ৰাজনীতিত আলোচনা কৰা প্ৰায় সকলো বিষয়ৰ বিৰোধিতা কৰিছে। একে সময়তে আঞ্চলিক বিষয়ক গুৰুত্ব দিয়া হৈছে। ডি এম কেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বুধবাৰে প্ৰকাশ কৰে দলটোৰ ইস্তাহাৰ। সেই পৰ্যায়ৰ পৰাই লোকসভা নিৰ্বাচনৰ বাবে ডি এম কেৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল। ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰাৰ বাবে ষ্টেলিনে ভগ্নী তথা ডি এম কেৰ সাংসদ কানিমোজিক প্ৰশংসা কৰে। তেওঁ কয় যে তামিলনাডুত যিখিনি দ্ৰাবিড় আদৰ্শৰ বিকাশ হৈছে সেয়া সমগ্ৰ দেশতে বিয়পি পৰিব।

CAA সন্দৰ্ভত দেশজুৰি চলি থকা বিতৰ্ক আৰু আলোচনাৰ মাজতে ডিএমকে ক্ষমতালৈ আহিলে এই সংশোধিত নাগৰিকত্ব আইন দেশত কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি কৈছে। লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। জাতীয় ৰাজনীতিৰ ক্ষেত্রত আন এক বিতর্ক বিষয়, ষ্টেলিনৰ দলে এখন দেশ, এটা ভোট নিষিদ্ধ কৰাৰ প্রতিশ্রুতি দিছে৷

ইয়াৰ উপৰিও শ্ৰীলংকাৰ সংখ্যালঘু তামিল ভাৰতলৈ ঘূৰি অহা, প্ৰতিমাহে ১০০০ টকাৰ মহিলা ভাট্টা, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া খাদ্য, কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ১ জিবিৰ বিনামূলীয়া ইন্টাৰনেটৰ কথা ইস্তাহাৰত উল্লেখ কৰা হৈছে। বিধায়িনী দলত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ, ৰাজ্যজুৰি বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰদান, গেছ চিলিণ্ডাৰৰ মূল্য ৫০০ টকা হ্ৰাস কৰাৰ কথাও তাত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ